ধাৰাপুৰ চাৰিআলিত অংগনাৰ নাট প্ৰদৰ্শন

0

আজাৰা, ২৭ ফেব্ৰুৱাৰী: ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়,নতুন দিল্লী আৰু সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় নাট্য উৎসৱ ভাৰত ৰংগ মহোৎসৱৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে সমগ্ৰ দেশতে অলপতে জন ভাৰত ৰংগ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ অংশস্বৰূপে পশ্চিম গুৱাহাটীৰ খানামুখস্থিত অগ্ৰণী সাংস্কৃতিক গোষ্ঠী অংগনাই ধাৰাপুৰ চাৰিআলিত বিয়লি প্ৰদৰ্শন কৰে ‘বসুধৈৰ্য কুটুম্বকম’ শীর্ষক নাটখন। প্ৰায় ১৫ মিনিট দৈৰ্ঘ্যৰ নাটখনত অভিনয় কৰে ক্ৰমে – অংগনাৰ প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক উজ্বলা বৰ্মন (পিংকি) , স্বপ্নন দাস, নেইনা বেগম, বন্দনা কাকতি, তৃসান বৰ্মন, চন্দনা বৈশ্য, ব্ৰজ দাস আৰু উৎপল পাঠকে। নাটখন পৰিচলনা কৰিছিল উজ্বলা বৰ্মনে । তেনেদৰে সংগীত সুমন কলিতা, ৰূপসজ্জা ৰাজেশ বৰ্মন, সাজসজ্জা ৰাজেশ বৰ্মন, কল্পনা দাস, কংগনা দাসে পৰিচালনা কৰিছিল।

Leave A Reply

Your email address will not be published.