প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ নতুন ৩১ জনীয়া সমিতি গঠন

0

গুৱাহাটী, ১৪ অক্টোবৰ: গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ অস্থায়ী কাৰ্যালয়ত যোৱা ১১ অক্টোবৰত সন্মিলনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাধাৰণ সম্পাদিকা হিমাশ্ৰী দেৱীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সন্মিলনৰ বিগত দিনসমূহৰ কাৰ্যকলাপৰ প্ৰতিবেদন পাঠ কৰে। সভাত দেৱান ধ্ৰুৱজ্যোতি মৰলে পদত্যাগ কৰাত সন্মিলনৰ জ্যেষ্ঠ সতীৰ্থ কনক তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাই দেৱান ধ্ৰুৱজ্যোতি মৰলক পুনৰ সভাপতি আৰু হিমাশ্ৰী দেৱীক সাধাৰণ সম্পাদিকা হিচাপে লৈ নতুন ৩১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। নতুন সমিতিখনত ডেইজী ৰাণী দেৱী, শিল্পী মুকুল দাস, হিলদেৱী মেধি আৰু সবিতা ডেকাক উপ সভাপতি, ধীৰাজ কুমাৰ ডেকা, দীপালী দেৱী, গুঞ্জন দাস, ৰূপশ্ৰী চৌধুৰী আৰু জ্যেষ্ঠ সাংবাদিক সোণাধৰ ডেকাক সহকাৰী সাধাৰণ সম্পাদক , জয়দুল ইছলামক বিত্ত সম্পাদক , কৃপাঞ্জলি কটকীক শিক্ষা তথা সাংস্কৃতিক সম্পাদক , জ্যেষ্ঠ সাংবাদিক ৰাতুল ভট্টাচাৰ্যক প্ৰাচীৰ-পত্ৰিকা আৰু আলোচনী সম্পাদক, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাক প্ৰচাৰ সম্পাদক , শিখাশ্ৰী দেৱীক মহাবিদ্যালয়ৰ বিভাগীয় সন্মিলনসমূহৰ সমন্বয়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে কাৰ্যনিৰ্বাহক সদস্য হিচাপে মুক্তিশ্নাতা দেৱী, প্ৰাক্তন মিছ নৰ্থ-ইষ্ট ৰূপৰেখা দেৱী, অধিবক্তা চাকিলাচাং কাকতি, অধিবক্তা পাৰুল দাস, পংকজ ডেকা, ভাৰ্গৱ চানি দেৱান, ৰিতুৰাজ দাস, তানিছ দাস কাশ্যপ, মফিজুৰ ৰহমান চৌধুৰী, চিন্তু ঠাপা, অশুমান কলিতা, তৃষ্ণা ডেকা, দিপান্বিতা ডেকা, পিয়ানুজ নাথ আৰু সৌৰভ কুমাৰ দাসক নিৰ্বাচিত কৰা হয়। জগদীশ দাস, কনক তালুকদাৰ, অপূৰ্ব দাস, ধীৰেন মহন্ত, কনক চন্দ্ৰ কলিতা আৰু ডঃ মালবিকা শৰ্মাক সন্মিলনৰ উপদেষ্টা, পৃষ্ঠপোষক হিচাপে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু সত্যব্ৰত কলিতা, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ জয়ন্ত বৰুৱা, বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, ডি ওৱাই ৩৬৫ ৰ অদীপ কুমাৰ ফুকন আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতুমণি শইকীয়াৰ নাম প্ৰস্তাৱ কৰা হয়।

Leave A Reply

Your email address will not be published.