নলবাৰীত অসমৰ প্ৰথমটো এৰী ৰেচম বিকাশ কেন্দ্ৰ মুকলি পেপছিক’ ইণ্ডিয়া আৰু মৃদা ফাউণ্ডেচনৰ, ‘ৰেভলিউশ্বনাৰী’ পদক্ষেপৰ অধীনত ৩,৫০০ৰো অধিক মহিলা সবলীকৰণৰ লক্ষ্য

নলবাৰী, ১৪ অক্টোবৰ : মহিলা নেতৃত্বাধীন জীৱিকাক স্বাৱলম্বী কৰি তোলাৰ সমান্তৰালভাৱে অসমৰ ঐতিহ্যমণ্ডিত এৰী ৰেচম শিল্পৰ সংৰক্ষণৰ লক্ষ্যৰে আজি এক তাৎপৰ্যপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে পেপছিক’ ইণ্ডিয়াই। ‘মৃদা হাৰ্ট এন ছইল ফাউণ্ডেচন’ৰ সহযোগত আৰু নিজৰ ‘ৰেভলিউশ্বনাৰী’ পদক্ষেপৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে নলবাৰীৰ চেংনৈত আনুষ্ঠানিকভাৱে মুকলি কৰে ‘নলবাৰী বিকাশ কেন্দ্ৰ’। আধুনিক প্ৰযুক্তি, বৃত্তিমুখী প্ৰশিক্ষণ, বিত্তীয় অন্তৰ্ভুক্তি আৰু বজাৰৰ সুচল ব্যৱস্থাৰে গ্ৰামাঞ্চলৰ মহিলাসকলক এৰী ৰেচমৰ উৎপাদন শৃংখলৰ সৈতে পোনপটীয়াকৈ জড়িত কৰি নিজৰ সমাজখনতেই এক নিৰ্ভৰযোগ্য উপাৰ্জনৰ বাট গঢ়ি তোলাত বিশেষ সহায় আগবঢ়াব এই কেন্দ্ৰই।
পেপছিক’ ইণ্ডিয়াৰ ‘পাৰ্টনাৰশ্বিপ অৱ প্ৰগ্ৰেছ’ আদৰ্শৰ ভেটিত গঢ় লৈ উঠা এই পদক্ষেপৰ মূলতে আছে এক সামূহিক অংশীদাৰিত্বৰ দৃষ্টিভংগী। স্থানীয় সমাজ, প্ৰকল্প ৰূপায়ণকাৰী সংস্থা আৰু বিভিন্ন প্ৰতিষ্ঠানিক অংশীদাৰক একত্ৰিত কৰি অৰ্থনৈতিক অংশগ্ৰহণ তথা সৰ্বাংগীন বিকাশৰ এক নিৰ্ভৰযোগ্য বাট মুকলি কৰিছে এই প্ৰচেষ্টাই। এই বিকাশ কেন্দ্ৰটোৰ মূল লক্ষ্য হৈছে আধুনিক সঁজুলি আৰু সুচল বজাৰ সংযোগৰ জৰিয়তে পৰম্পৰাগত জীৱিকাক অধিক শক্তিশালী কৰি তোলাৰ সমান্তৰালকৈ অসমৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ঐতিহ্যমণ্ডিত শিল্পটোক জীয়াই ৰাখি উপাৰ্জনৰ সুযোগ বৃদ্ধি কৰা। নলবাৰীত নতুন খাদ্য প্ৰস্তুতকৰণ প্ৰকল্প স্থাপনৰ ঘোষণাৰ পিছতেই গঢ় লৈ উঠা এই বিকাশ কেন্দ্ৰই অসমৰ প্ৰতি পেপছিক’ ইণ্ডিয়াৰ ক্ৰমবৰ্ধমান দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। ৰাজ্যখনত বাণিজ্যিক বিনিয়োগ বৃদ্ধিৰ সমান্তৰালভাৱে সমাজ উন্নয়ন, মহিলাৰ সক্ৰিয় অৰ্থনৈতিক অংশগ্ৰহণ আৰু জীৱিকাৰ মান বৃদ্ধিৰ জৰিয়তে এক উমৈহতীয়া সমৃদ্ধি গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ দৃষ্টিভংগীক এই যৌথ প্ৰচেষ্টাই অধিক সুদৃঢ় কৰি তুলিছে।
প্ৰকল্পটোৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহঃ
সামাজিক সজাগতা আৰু একত্ৰীকৰণ কাৰ্যসূচীৰ জৰিয়তে ৩,৫১০ গৰাকীতকৈও অধিক মহিলাক সামৰি লোৱা হৈছে।
পাঁচটা জীৱিকামুখী বৃত্তিত ১০০ৰো অধিক মহিলাই প্ৰশিক্ষণ লাভ কৰিছে।
এৰী ৰেচম উৎপাদন প্ৰক্ৰিয়াৰ বিশেষ প্ৰশিক্ষণ সম্পন্ন কৰিছে ৩০ গৰাকী মহিলাই।
পূৰ্বৰ মাত্ৰ দুটা পৰিয়ালৰ বিপৰীতে বৰ্তমান ২৫ৰ পৰা ৩০টা পৰিয়াল এৰী ৰেচম উৎপাদন ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ পৰিছে।
সৌৰচালিত যন্ত্ৰৰ ব্যৱহাৰেৰে সূতা উৎপাদনৰ হাৰ ২.৫ গুণলৈ বৃদ্ধি পাইছে।
বিকাশ কেন্দ্ৰটোত স্থাপন কৰা হৈছে ১০টা সৌৰচালিত সূতা কটা যন্ত্ৰ আৰু দুখনকৈ উন্নত তাঁতশাল।
বাণিজ্যিক বজাৰৰ বাবে তিনিটা সুকীয়া শ্ৰেণীৰ সামগ্ৰী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে।
‘পেহচান কাৰ্ড’ আৰু ‘সূতা পাছবুক’ৰ জৰিয়তে ২৫টা পৰিয়াল চৰকাৰী হস্ততাঁত ব্যৱস্থাৰ সৈতে আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হৈছে।
পেপছিক’ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ মুখ্য কৰ্পৰেট পৰিক্ৰমা বিষয়া তথা বহনক্ষমতা বিভাগৰ মুৰব্বী য়াশিকা সিঙে প্ৰকল্পটোৰ সন্দৰ্ভত কয়, “মহিলাসকলে যেতিয়া নিজৰ ভৱিষ্যত গঢ়াৰ দক্ষতা, আত্মবিশ্বাস আৰু সুযোগ পায়, তেতিয়াই সমাজৰ তৃণমূল পৰ্যায়ৰ পৰা প্ৰকৃত বিকাশ আৰম্ভ হয়। পেপছিক’ ইণ্ডিয়াৰ ‘ৰেভলিউশ্বনাৰী’ পদক্ষেপ এই বিশ্বাসৰ ওপৰতেই গঢ় লৈ উঠিছে। নলবাৰী বিকাশ কেন্দ্ৰই স্থানীয় জ্ঞানৰ সৈতে আধুনিক প্ৰযুক্তি, বৃত্তিমুখী প্ৰশিক্ষণ আৰু বজাৰ সংযোগ ঘটাই পৰম্পৰাগত জীৱিকাক শক্তিশালী কৰাৰ এই সপোনক বাস্তৱ ৰূপ দিছে। আমাৰ ‘পাৰ্টনাৰশ্বিপ অৱ প্ৰগ্ৰেছ’ আদৰ্শৰ অধীনত স্থানীয় সমাজ আৰু সহযোগী সংস্থাসমূহৰ সৈতে মিলি আমি ঐতিহ্যমণ্ডিত শিল্পটো সংৰক্ষণ কৰাৰ লগতে তাক এক লাভজনক উপাৰ্জনৰ পথলৈ ৰূপান্তৰিত কৰাৰ কাম কৰি আছোঁ।”
এই যৌথ প্ৰচেষ্টাৰ মূল লক্ষ্য আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰি মৃদা গ্ৰুপৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক অৰুণ নাগপালে কয়, “সজাগতা, উদ্যোগশীলতা আৰু বজাৰ সংযোগক সামৰি লোৱা এক সৰ্বাংগীন ব্যৱস্থাইহে সমাজত স্থায়ী পৰিৱৰ্তন আনিব পাৰে। নলবাৰীৰ এৰী ৰেচম বিকাশ কেন্দ্ৰ হৈছে বাস্তৱ ক্ষেত্ৰত এই আদৰ্শৰে এক নিদৰ্শন। আমাৰ এই যাত্ৰাত অংশীদাৰিত্বই সদায় মুখ্য ভূমিকা লৈ আহিছে। চেংনৈৰ মহিলা উদ্যোগীসকল, ৱীভাৰ্ছ চাৰ্ভিচ চেণ্টাৰ, পেপছিক’ আৰু সকলো সহযোগীৰ নিৰন্তৰ সহায় অবিহনে এই কেন্দ্ৰই পোহৰৰ মুখ দেখা নাপালেহেঁতেন। ব্লকচেইন প্ৰযুক্তিৰে প্ৰতিটো পৰ্যায়ৰ গুণগত মান আৰু স্বচ্ছতা নিশ্চিত কৰি আমি এই সামগ্ৰীসমূহক বিশেষ পৰিচয় প্ৰদানৰ লগতে প্ৰতিষ্ঠিত ক্ৰেতাৰ বজাৰখন মুকলি কৰি দিছোঁ, যাৰ ফলত মহিলাসকলে লক্ষণীয়ভাৱে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই কেন্দ্ৰটোক অধিক সুদৃঢ় আৰু সম্প্ৰসাৰিত কৰাৰ দিশত পেপছিক’-মৃদা অংশীদাৰিত্ব সদায় দায়বদ্ধ হৈ থাকিব।’’
লক্ষ্যণীয় যে, নলবাৰীৰ সমাজ জীৱনৰ সৈতে এৰী ৰেচম শিল্পৰ সম্পৰ্ক অতি পুৰণি। বিশেষকৈ বড়ো জনগোষ্ঠীৰ লোকসকলে যুগ যুগ ধৰি এই ঐতিহ্যমণ্ডিত পৰম্পৰা জীয়াই ৰাখিছে। কিন্তু কঠোৰ শাৰীৰিক শ্ৰম আৰু সীমিত বাণিজ্যিক সুবিধাৰ বাবে সময়ৰ লগে লগে এই শিল্পক এক লাভজনক বৃত্তি হিচাপে ধৰি ৰখাটো যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছিল।
এই সমস্যা দূৰ কৰিবলৈ শিল্পটোৰ স্বকীয়তা অটুট ৰাখিয়েই উৎপাদন ব্যৱস্থাৰ আধুনিকীকৰণত বিশেষ গুৰুত্ব দিয়া হৈছে। সৌৰচালিত সূতা কটা যন্ত্ৰৰ ব্যৱহাৰেৰে কম সময়তে উন্নত মানৰ সূতা উৎপাদন সম্ভৱ হৈ উঠিছে। আনহাতে জেকাৰ্ড সংলগ্ন তাঁতশালৰ জৰিয়তে শিপিনীসকলে কাপোৰত তুলি লৈছে অধিক সূক্ষ্ম আৰু আকৰ্ষণীয় নক্সা। গুৱাহাটীৰ ৱীভাৰ্ছ চাৰ্ভিচ চেণ্টাৰৰ সহযোগিতাত নতুন সামগ্ৰী নিৰ্মাণৰ লগতে এক বিস্তৃত বজাৰৰ সুবিধা মুকলি কৰাৰ ব্যৱস্থাও কৰা হৈছে।
উপাৰ্জনৰ পথ সুগম কৰাৰ স্বাৰ্থত অংশগ্ৰহণকাৰী শিপিনীসকলক চৰকাৰী হস্ততাঁত ব্যৱস্থা আৰু বিত্তীয় সাহায্যৰ সৈতে সাঙুৰি লোৱা হৈছে। ৱীভাৰ্ছ চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে প্ৰদান কৰা ‘পেহচান কাৰ্ড’ আৰু ‘সূতা পাছবুক’ৰ সহায়ত যোগ্য পৰিয়ালসমূহে নিয়মীয়া ৰেহাই মূল্যত সূতা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি কোনো বন্ধক নোহোৱাকৈ ৫০ হাজাৰৰ পৰা ৫ লাখ টকালৈকে মুদ্ৰা ঋণ লাভৰ সুযোগ পাইছে এইসকল শিপিনীয়ে, যাৰ জৰিয়তে নিজৰ ব্যৱসায়ত পুনৰ বিনিয়োগ কৰি কাম-কাজ অধিক সম্প্ৰসাৰিত কৰাটো সম্ভৱ হৈ পৰিছে।
মন কৰিবলগীয়া যে, গাঁওকেন্দ্ৰিক বিকাশৰ এক সুকীয়া আৰ্হি হিচাপে গঢ়ি তোলা হৈছে নলবাৰীৰ এই এৰী ৰেচম বিকাশ কেন্দ্ৰটোক। এই বিশেষ পদক্ষেপে চেংনৈ গাঁৱৰ জৰিয়তে প্ৰথমটো সফল বাস্তৱ নিদৰ্শন দাঙি ধৰিছে। অনাগত দিনত স্থানীয় উৎপাদিত সামগ্ৰীৰ সুচল বজাৰ নিশ্চিত কৰা, ওচৰ-পাজৰৰ অঞ্চলসমূহৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু অসমৰ পৰম্পৰাগত শিল্পৰ ভেটিত এক স্থায়ী জীৱিকা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে প্ৰকল্প কৰ্তৃপক্ষই।
গুৱাহাটীৰ ৱীভাৰ্ছ চাৰ্ভিচ চেণ্টাৰৰ সহকাৰী সঞ্চালক পংকজ শৰ্মাই এই সন্দৰ্ভত কয়, “আমাৰ শিপিনীসকলক সকলো ধৰণৰ চৰকাৰী সুযোগ-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ তথা ৱীভাৰ্ছ চাৰ্ভিচ চেণ্টাৰ সদায় দায়বদ্ধ। চেংনৈৰ মহিলা আৰু গাঁওবাসীয়ে যাতে এৰী ৰেচম উৎপাদনৰ জৰিয়তে সফল উদ্যোগী হৈ এক স্থায়ী উপাৰ্জনৰ বাট মোকলাই ল’ব পাৰে, তাৰ বাবে পেপছিক’, মৃদা, সংযোগ আৰু আন সকলো অংশীদাৰে গ্ৰহণ কৰা প্ৰচেষ্টাক মই শলাগ লৈছোঁ। আমি সকলোৱে তেওঁলোকক সহায় কৰিবলৈ সদায় কাষত থাকিম যদিও এই যাত্ৰাত সফলতাৰ মূল চাবিকাঠি হ’ব মহিলাসকলৰ নিজৰ সপোন দেখাৰ সাহস আৰু সেই সপোন বাস্তৱায়িত কৰাৰ দৃঢ় সংকল্প। নলবাৰীৰ লগতে ৰাজ্যৰ অন্যান্য জিলাতো যাতে একে আৰ্হিৰে কাম-কাজ সম্প্ৰসাৰিত কৰিব পৰা যায়, তাৰ বাবে এই বিকাশ কেন্দ্ৰই এক সফল আৰু অনুকৰণীয় নিদৰ্শন দাঙি ধৰিব বুলি মই আশাবাদী।”