ভি আই পি দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী আৰম্ভ # স্মৃতিগ্ৰন্থ “দুৰ্গা দৰ্পন” উন্মোচন

0

১৫ অক্টোবৰ: মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা আৰক্ষী থানা এলেকাৰ ভি আই পি’ৰ শ্যামভূমি হাইস্কুল খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ভি আই পি আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী উৎসৱ।সাত দিনীয়াকৈ অনুষ্ঠিত ৰূপালী জয়ন্তী উৎসৱৰ আজি প্ৰথম দিনা পুৱা দুৰ্গা পূজা সমিতিৰ সভাপতি জীতেন দাসে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে এটি ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে দুৰ্গা পূজা সমিতিৰ কাৰ্যকৰী সভাপতি ভূপেন ডেকাই। ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি জীতেন দাসৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভূপেন ডেকাই আঁতধৰা সভাত ৰূপালী জয়ন্তী উপলক্ষে কৰুণা কান্ত নাথৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “দুৰ্গা দৰ্পন” উন্মোচন কৰে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কামৰূপ ৰত্ন ডঃ নৰেন দাসে।সভাত জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন ভট্টাচাৰ্য বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।পূজাৰ আটাইকেইদিন মাংগলিক কাৰ্যসূচীৰ লগতে আৰতি, ধৰ্মালোচনী সভা,সাংস্কৃতিক অনুষ্ঠান, আনন্দ মেলা আদিও অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.