ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি ইউত ‘ফ্লেভাৰছ অৱ বেংগল’ৰ জৰিয়তে দুৰ্গা পূজা উদযাপন

গুৱাহাটী, ১৪ অক্টোবৰ, ২০২৬: সমগ্ৰ গুৱাহাটীখন দুৰ্গা পূজাৰ বাবে সাজু হোৱাৰ লগে লগে এক উৎসৱমুখৰ মনোভাৱেৰে পৰম্পৰা, সামূহিক উদযাপন আৰু ভোজৰ আশাই মানুহৰ মনবোৰো একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছে। এই বিশেষ সময়কালৰ ভোজন উদযাপনত নৱ ৰং সানি ৰেডিচন ব্লু গুৱাহাটীয়ে কেফে বি ইউত বঙালী খাদ্য উৎসৱ- ফ্লেভাৰছ অৱ বেংগল শুভাৰম্ভনি কৰিছে, য’ত পৰম্পৰাগত সুস্বাদু খাদ্য, বহুতো প্ৰিয় ষ্ট্ৰীট ফুড আৰু ক্লাছিক বাংলা মিঠাইৰ বিশদ বিস্তাৰ সন্নিবিষ্ট কৰা হৈছে।
২০২৬ চনৰ ১০ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ চলি থকা এই উৎসৱত পৰম্পৰাগত সুস্বাদু খাদ্য, বিশেষ সাগৰীয় খাদ্য, জনপ্ৰিয় ষ্ট্ৰীট ফুড আৰু লোভনীয় ডেজাৰ্টসমূহক একত্ৰিত কৰি অতিথিসকলক এই শাৰদীয় সময়ত বাংলা খাদ্যৰ বৈচিত্ৰ্যময় সোৱাদ অনুভৱ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
বিশেষভাৱে প্ৰস্তুত কৰা এই ভোজন উৎসৱত চিংৰি মালাই কাৰী, পাতুৰি, বিৰিয়ানী আৰু ৰেজালাকে ধৰি খ্যাতিপূৰ্ণ বাংলা খাদ্যৰ এক শৃংখল প্ৰদৰ্শন কৰা হৈছে। সাগৰীয় খাদ্যপ্ৰেমীসকলে সুস্বাদু হিলছা, প্ৰন কাটলেট আৰু ৰুই মাচেৰ ঝোলৰ লগতে উচ্চসমাদৃত কোছা মাংশ্বোৰ সোৱাদ ল’ব পাৰে। নিৰামিষ খাদ্যতালিকাত আঞ্চলিক ক্লাছিক যেনে বেগুন ভাজা, পষ্টো আৰু ঢোকাৰ ডালনা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ কাঠী ৰোল, ঝাল মুৰি আৰু পুচ্চ্কা পৰিবেশনৰ দ্বাৰা লাইভ কাউণ্টাৰসমূহে বংগৰ ব্যস্ত ৰাজপথৰ অপ্ৰতিৰোধ্য খাদ্যৰসিকতাক পুনৰ সৃষ্টিৰ অবিৰাম প্ৰয়াস কৰিছে।
ৰসগোল্লা, চমচম, ৰাজভোগ, মিষ্টি দৈ আৰু সন্দেশৰ দৰে পৰম্পৰাগত বাংলা ডেজাৰ্টসমূহে এই ভোজন উৎসৱত এক মিঠা স্পৰ্শ যোগ কৰিছে। ইয়াৰ পৰিপূৰক হিচাপে আছে চিনাকি আঞ্চলিক সোৱাদৰ পৰা অনুপ্ৰাণিত সতেজ পানীয়, য’ত জিৰা আৰু পদিনাৰ আম পান্না, কোমল নাৰিকলৰ পানী, নেমু আৰু মৌৰে তৈয়াৰী ডাব শ্বৰ্বট, ভজা জিৰাৰ সৈতে গন্ধৰাজ ঘোল, খেজুৰৰ গুড়ৰ সম্বলিত নোলেন গুৰ লাছি আদি।
উৎসৱমুখৰ খাদ্য অভিজ্ঞতাক আৰু অধিক বৃদ্ধি কৰি, এটা লাইভ বেণ্ডে কেফে বি ইউৰ এই উদযাপনত যোগ দিব আৰু অতিথিসকলক বছৰৰ এই বিশেষ সময়ছোৱাত পৰিয়াল তথা বন্ধু-বান্ধৱীৰ সৈতে একত্ৰিত হৈ বংগৰ সোৱাদৰ সোৱাদ ল’বলৈ এক আমন্ত্ৰণমূলক আকৰ্ষণীয় পৰিৱেশ আগবঢ়াব।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ গুৰমীত ৰন্ধাৱাই কয়, “দুৰ্গা পূজা হৈছে সংস্কৃতি, সম্প্ৰদায় আৰু সমিলমিলৰ উদযাপন, আৰু খাদ্য সদায় এই উৎসৱমুখৰ অভিজ্ঞতাৰ অবিচ্ছেদ্য অংগ হৈ আহিছে।বঙালী খাদ্যই ইয়াৰ সুকীয়া সোৱাদ, আঞ্চলিক বিশেষত্ব আৰু যতনমূলক ভোজন পৰম্পৰাৰ সৈতে এই মনোভাৱক সুন্দৰভাৱে ধৰি ৰাখিছে। কেফে বি ইউত আমাৰ বাংলা খাদ্য উৎসৱৰ জৰিয়তে আমি অতিথিসকলক বংগৰ ৰন্ধন ঐতিহ্য আৰু উৎসৱমুখৰ ভোজন আনন্দক উদযাপনকাৰী বিশিষ্ট খাদ্য শৃংখলক লৈ যথেষ্ট উৎসাহী।”
ভাৰতৰ বৈচিত্ৰ্যময় খাদ্য পৰম্পৰাক উদযাপনৰ উদ্দেশ্যে চিন্তাশীলভাৱেপ্ৰস্তুত কৰা ৰন্ধন অভিজ্ঞতাৰ জৰিয়তে ৰেডিছন ব্লু গুৱাহাটীয়ে অতিথিসকলৰ বাবে আঞ্চলিক সোৱাদ আৱিষ্কাৰ কৰাৰ সুযোগ সৃষ্টি কৰাৰ লগতে ইয়াৰ স্বাক্ষৰ আতিথ্য উপভোগৰ সুবিধা প্ৰদান কৰি আহিছে।
আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে অতিথিসকলে ৰেডিছন ব্লু গুৱাহাটীৰ ৮৮১১০৯৯৩৯৭ নম্বৰত যোগাযোগ কৰিব পাৰে।