মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ “A World below the Roundabout ”উন্মোচন

0

গুৱাহাটী , ২৯ জুন : যুৱ প্ৰজন্মৰ প্ৰতিভাবান কবি – লেখিকা মানটাছা জাহাংগীৰৰ ইংৰাজী গ্ৰন্থ A World below the Roundabout ২৭ জুনত গুৱাহাটীৰ বৰাগাওঁস্থিত কুমাৰ গ্ৰীণ ৰিজৰ্টত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয় অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক – শিক্ষাবিদ ডঃ দয়ানন্দ পাঠকে কয় যে আজিকালি সকলোৰে নিজস্ব এখন পৃথিৱী আছে ৷ কোনেও কাকো সময় দিব নোৱাৰে ৷ প্ৰতিজন মানুহ বৰ্তমান অকলশৰীয়া। এনে এক দিনত মানটাছাৰ দৰে যুৱতীয়ে জীৱনটোক জুকিয়াই চাইছে নতুন সম্পৰীক্ষাৰী ৷তেওঁৰ এই পদক্ষেপ যথেষ্ট প্ৰশংসনীয় । অনুষ্ঠানত বিশিষ্ট লেখিকা মণিকুন্তলা ভট্টাচাৰ্যই উপস্থিত থাকি কয় যে এজন লেখকৰ এখন কিতাপ জন্ম হোৱা মানে লেখকজনে আকৌ এবাৰ জনম লয় ৷ তথ্য প্ৰযুক্তিয়ে নতুন প্ৰজন্মক আছন্ন কৰিছে ৷তাৰ মাজতো এচামে তথ্য প্ৰযুক্তিৰ পৰা ফালৰি কাটি আহি সৃষ্টিৰ কৰ্মত মনোনিবেশ কৰিছে বুলি মন্তব্য কৰে লেখিকা গৰাকীয়ে । অনুষ্ঠানত জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ , আলোক বৰুৱা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত মানটাছা জাহাংগীৰে গ্ৰন্থখন সন্দৰ্ভত নিজৰ অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰে। অনুষ্ঠানত মানটাছা জাহাংগীৰৰ মাতৃ তথা বিশিষ্ট লেখিকা – চলচ্চিত্ৰ নিৰ্মাতা ৰুণা লাইলাকে ধৰি সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.