জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

0

জালুকবাৰী ,২৯ জুন: জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ একত্ৰিংশতম বৰ্ষৰ দ্বিতীয়খন বৈঠক ২৮ জুনত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় । সমিতিৰ সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনৰ আৰম্ভণিতে সমিতিৰ সদস্যাসকলে আৰম্ভণী সংগীত পৰিবেশন কৰে। আনহাতে সম্পাদিকা
গীতিকা দাসে উদ্দেশ্য ব্যাখ্যাৰ লগতে বিগত বৈঠকৰ প্ৰতিবেদন পাঠ কৰে । বৈঠকৰ আৰম্ভণিতে যশস্বী গায়িকা আশা ভোঁচলে, লখিমী নগৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰতিভা শৰ্মা , প্ৰখ্যাত কন্ঠশিল্পী সুমন কল্যাণপুৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।বৈঠকত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ২০ জুনৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত সভানেত্ৰী প্ৰজ্ঞা গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত সদস্যা সকলে পুষ্পাঞ্জলি অৰ্পণ কৰে । ইয়াৰ উপৰিও বৈঠকৰ
স্বৰচিত লেখা পাঠ অনুষ্ঠানতো বিষ্ণু ৰাভাৰ বিভিন্ন গীত, কবিতা, লেখা পাঠ কৰা হয়। সদস্যা মামণি শৰ্মাই স্বৰচিত লিখনিৰে বিষ্ণু ৰাভাক স্মৃতি তৰ্পণ কৰে। বিষ্ণু ৰাভাৰ ওপৰত নিৱন্ধ পাঠ কৰে দিপ্তী ৰেখা পাঠক মজুমদাৰ, অঞ্জনা ৰাণী ভট্টাচাৰ্য, আৰু গীতিকা দাসে । স্বৰচিত কবিতা পাঠ কৰে মামণি ভট্টাচাৰ্য্য, মণিমা গোস্বামী, আৰু নুৰজাহান বেগমে । কবিতা আবৃত্তি কৰে মণিৰূপা মিশ্ৰ, চিন্ময়ী গোহাঁই বৰুৱা আৰু অঞ্জু শইকীয়া দত্তই। বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰে গীতিকা শৰ্মা, ৰেখা বৈশ্য, অঞ্জনা হাজৰিকা আৰু ৰুণুমী নাথে । বিষ্ণু ৰাভাৰ ওপৰত বক্তৃতা প্ৰদান কৰে বৈজয়ন্তী ৰাভাই। উপদেষ্টা ৰীতা শৰ্মাই চমু ভাষণত কয় যে বিষ্ণু ৰাভাই দেখুৱাই যোৱা সাম্যবাদী চিন্তা চৰ্চাৰ প্ৰাসংগিকতা বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় । কিয়নো সম মৰ্যাদা নোপোৱালৈকে সমাজৰ কোনো ব্যক্তি প্ৰকৃততে স্বাধীন হ’ব নোৱাৰে। বৈঠকত সদ্য সমাপ্ত অম্বুবাচীৰ ওপৰত চমু ভাষণ প্ৰদান কৰে ৰেখা বৈশ্যই। আলোচনী সম্পাদিকা নিৰ্মালী গোস্বামীয়ে অলপতে প্ৰকাশ হোৱা শাখাৰ মুখপত্ৰ উদ্দীপনা সন্দৰ্ভত একাষাৰ ধন্যবাদ সূচক মন্তব্য আগবঢ়ায়। অসম সংগীতেৰে সামৰণি পৰা বৈঠকত শলাগৰ শৰাই আগবঢ়াই প্ৰণতি দেৱীয়ে।

Leave A Reply

Your email address will not be published.