এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখা আৰু মহিলা শাখাৰ অধিবেশন সম্পন্ন

মালিগাঁও, ২৪ জুন’ : উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ একাউণ্টছ শাখাৰ আৰু মহিলা শাখাৰ নৱম দ্বি- বাৰ্ষিক অধিবেশনখন ২২ জুনত মালিগাঁৱৰ ৩ নম্বৰ গেটত থকা একাউণ্টছ শাখাৰ কাৰ্যালয় চৌহদত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট শ্ৰমিক নেতা আৰু ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাকে ধৰি জন্মলগ্নৰে পৰা ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ হকে কিদৰে সবলভাবে মাত মাতি আহিছে তাৰ আলোকপাত কৰি ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ হকে সর্বস্ব উজাৰি দিবলৈ সকলোকে আহ্বান জনায়। সভাত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ত্ৰিদীপ মজুমদাৰ , কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদকদ্বয় দিগন্ত কুমাৰ বৰুৱা আৰু দেবাশীষ মুখাৰ্জী , সহকাৰী সাধাৰণ সম্পাদক ধ্ৰুৱ তালুকদাৰ , কোষাধক্ষ্য জোন দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তুক ২০২৬ – ২০২৮ দুই বছৰীয়া কাৰ্যকালৰ বাবে ভূপেশ কলিতাক সভাপতি আৰু বিদ্যুৎ চক্ৰৱৰ্তীক সম্পাদক হিচাপে লৈ সদৰ কাৰ্যালয়ৰ (হেড কোৱাৰ্টাৰ) একাউণ্টছ শাখাৰ ১৯ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। তেনেদৰে ৰূপালী কেওঁটক সভানেত্ৰী আৰু ডেইছী পাটোৱাৰীক সম্পাদিকা হিচাপে লৈ সদৰ কাৰ্যালয়ৰ (হেড কোৱাৰ্টাৰ) মহিলা শাখাৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।