আজাৰা থানা, নাগৰিক কমিটী – গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত গধূলিবজাৰত চাফাই অভিযান

আজাৰা ,২৪ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ নৱনিযুক্ত আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তই শেহতীয়াকৈ মহানগৰীৰ আৰক্ষী থানা – চকী সমুহৰ চৌহদ পৰিষ্কাৰ – পৰিচন্ন হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সামাজিক দ্বায়বব্ধতা আঁচনিৰ অংশ হিচাপে নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনী সমুহৰ সহযোগত থানা এলেকাৰ ৰাজহুৱা স্থান সমূহত গণৰাজ্য দিৱসৰ আগে আগে “স্বচ্ছ ভাৰত অভিযান”ৰ চাফাইমূলক কাৰ্য আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে। সেই নিৰ্দেশনাৰ আধাৰত আজি গুৱাহাটী পশ্চিম জিলাৰ অন্তৰ্গত আজাৰা আৰক্ষী থানাৰ উদ্যোগত আৰু আজাৰা থানা স্তৰৰ নাগৰিক কমিটি আৰু গাওঁৰক্ষী বাহিনী সমুহৰ সহযোগত আজাৰা থানাৰ সন্মূখত থকা ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ গধূলিবজাৰৰ চৌহদত এক যৌথ চাফাই অভিযান চলোৱা হয়। চাফাই কাৰ্যসূচীত আজাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথ আৰু উপ পৰিদৰ্শক নীলোৎপল শইকীয়াৰ উপস্থিতিত চলোৱা চাফাই অভিযানত আজাঁৰা থানাৰ বিষয়া – জোৱানৰ লগতে গাওঁৰক্ষী বাহিনীৰ সভাপতি ভাবিত দাস আৰু সাধাৰণ সম্পাদক ৰুবুল বৈশ্য , নাগৰিক কমিটিৰ সদস্য পদ্দেশ্বৰ মজুমদাৰ প্ৰমুখ্যে নাগৰিক কমিটি আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে । আনহাতে চাফাই অভিযানৰ কাৰ্যসূচী সফল কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে ভাৰপ্ৰাপ্ত বিষয়া ফণীন্দ্ৰ চন্দ্ৰ নাথে। আগন্তুক গণৰাজ্য দিৱসৰ দিনা ধাৰাপুৰ তালুক কমিটিৰ সহযোগত ধাৰাপুৰ দুৰ্গা মন্দিৰ চৌহদৰ লগতে স্কুল খেলপথাৰখনত নাগৰিক কমিটি আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি সাধাৰণ সম্পাদক ৰুবুল বৈশ্যই জানিবলৈ দিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*