শিক্ষাৰ্থীৰ চিন্তাৰে বিনিয়োগকাৰী সুৰক্ষাৰ ভৱিষ্যৎ নিৰ্মাণ: চিডিএছএলৰ ‘ৰিইমাজিন আইডিয়াথন ২.০’ৰ শুভাৰম্ভ
বিশ্ব বিনিয়োগকাৰী সপ্তাহ ২০২৬ উপলক্ষে বিত্তীয় সজাগতা আৰু চাইবাৰ সুৰক্ষাৰ লক্ষ্যৰে সম্প্ৰসাৰিত চিডিএছএলৰ ‘ৰিইমাজিন মঞ্চ’, আইডিয়াথন ২.০ত মুঠ পুৰস্কাৰ ১১.৫ লাখ টকা
গুৱাহাটী, ১৪ অক্টোবৰ : দেশৰ বিত্তীয় বজাৰত ক্ৰমবৰ্ধমান ডিজিটেল প্ৰভাৱে গঢ়ি তুলিছে বৈচিত্ৰ্যময় বিনিয়োগকাৰীৰ এক বিশাল ভিত্তি। এনে প্ৰেক্ষাপটতে বিত্তীয় সজাগতা আৰু চাইবাৰ সুৰক্ষা সুদৃঢ় কৰাৰ বাবে অভিনৱ চিন্তাৰ সন্ধান লৈ আজি ‘ৰিইমাজিন আইডিয়াথন ২.০’ শুভাৰম্ভ কৰে চেণ্ট্ৰেল ডিপজিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (“চিডিএছএল”)। এছিয়াৰ প্ৰথম তালিকাভুক্ত ডিপজিটৰী তথা ১৯ কোটিৰো অধিক ডিম্যেট একাউণ্টৰ বিশ্বস্ত অভিভাৱক হিচাপে সংস্থাটোৱে এনে সময়োপযোগী সমাধান উদ্ভাৱনৰ বাবে সমগ্ৰ ভাৰতৰ শিক্ষাৰ্থীসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে।
বিশ্ব বিনিয়োগকাৰী সপ্তাহ ২০২৬ উপলক্ষে সমগ্ৰ দেশতে বিশেষভাৱে প্ৰচাৰিত হৈছে মূল বিষয়বস্তু- ‘সমঝ্ ছে ইনভেষ্টিং চিম্পল’। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখিয়েই ছেবিৰ ‘প্ৰজেক্ট জাগৰুক’ৰ বিনিয়োগকাৰী সজাগতা আৰু শিক্ষাৰ লক্ষ্যক অধিক বাস্তৱমুখী কৰি তুলিছে আইডিয়াথন ২.০-এ। দেশৰ পুঁজি বজাৰত বিত্তীয় সাক্ষৰতা সুদৃঢ় কৰা, সঠিক তথ্যভিত্তিক বিনিয়োগৰ অভ্যাস গঢ়ি তোলা আৰু বিত্তীয় প্ৰৱঞ্চনা ৰোধ কৰাৰ উমৈহতীয়া দায়িত্ব লৈ ছেবিৰ সৈতে এই প্ৰচেষ্টাত সক্ৰিয়ভাৱে চামিল হৈছে চিডিএছএলকে ধৰি বজাৰৰ মূল অংশীদাৰসকল। ‘সমঝ্ ছে ইনভেষ্টিং চিম্পল’ৰ মূল বিশ্বাস অনুসৰি- এগৰাকী সচেতন আৰু শিক্ষিত বিনিয়োগকাৰীয়েই প্ৰকৃততে সৱলীকৃত বিনিয়োগকাৰী; আৰু বিনিয়োগকাৰী সজাগতাৰ প্ৰকৃত সুফল তেতিয়াহে দৃশ্যমান হয়, যেতিয়া প্ৰয়োজনীয় তথ্যসমূহ এনে এক শৈলী, ভাষা আৰু মাধ্যমত দাঙি ধৰা হয় যিটো বিনিয়োগকাৰীসকলে সহজে বুজি পাব পাৰে আৰু দৈনন্দিন জীৱনৰ সৈতে মিলাই ল’ব পাৰে। শিক্ষাৰ্থী, প্ৰথমবাৰৰ বাবে বজাৰত নামিব খোজা বিনিয়োগকাৰী আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিত্তীয় সাক্ষৰতা তথা চাইবাৰ সুৰক্ষাৰ শিক্ষাক অধিক সহজলভ্য, প্ৰাসংগিক আৰু আকৰ্ষণীয় কৰি তোলাৰ অভিনৱ উপায় উদ্ভাৱন কৰিবলৈ শিক্ষাৰ্থীসকলক একত্ৰিত কৰাৰ জৰিয়তে ‘ৰিইমাজিন আইডিয়াথন ২.০’য়ে এই দৃষ্টিভংগীকে এক বাস্তৱ ৰূপ প্ৰদান কৰিছে।
লক্ষ্যণীয়ভাৱে, সজাগতাৰ এনে উদ্যোগৰ প্ৰয়োজনীয়তা অধিক স্পষ্ট কৰি তুলিছে ছেবিৰ ‘বিনিয়োগকাৰী সমীক্ষা ২০২৫’ৰ তথ্যই। সমীক্ষা অনুসৰি, ভাৰতৰ আনুমানিক ৩৩.৭২ কোটি পৰিয়ালৰ ভিতৰত প্ৰায় ৩.২১ কোটি পৰিয়াল, অৰ্থাৎ মাত্ৰ ৯.৫ শতাংশ পৰিয়ালেহে পুঁজি বজাৰৰ বিভিন্ন মাধ্যমত বিনিয়োগ কৰে; অথচ দেশৰ ৬৩ শতাংশ পৰিয়ালে এনে অন্ততঃ এটা বিনিয়োগ মাধ্যম সম্পৰ্কে ইতিমধ্যে অৱগত। সচেতনতা থকাৰ পাছতো বাস্তৱ অংশগ্ৰহণৰ ক্ষেত্ৰত দেখা দিয়া এই বিশাল ব্যৱধানে প্ৰমাণ কৰে যে কেৱল সাধাৰণ জ্ঞাত অৱস্থাক অৰ্থপূৰ্ণ বুজাপৰা আৰু সুচিন্তিত বিনিয়োগলৈ ৰূপান্তৰ কৰাৰ সময় আহি পৰিছে। আনহাতে ভাৰতত ডিম্যেট একাউণ্টৰ সংখ্যা ২৩ কোটি অতিক্ৰম কৰাৰ ফলত বজাৰত অংশগ্ৰহণৰ পৰিসৰ ব্যাপকভাৱে সম্প্ৰসাৰিত হোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে ডিজিটেল সুৰক্ষাৰ প্ৰত্যাহ্বানো। চৰকাৰী পৰিসংখ্যা অনুসৰি, ২০২৫ বৰ্ষত চাইবাৰ প্ৰৱঞ্চনাৰ কবলত পৰি ২২,৪৯৫ কোটি টকা লোকচান হয়, যাৰ ভিতৰত ভুৱা বিনিয়োগ আৰু ট্ৰেডিং কেলেংকাৰীৰ ফলতেই সংঘটিত হয় সৰ্বাধিক ৭৬ শতাংশ আৰ্থিক ক্ষতি। সমসাময়িক এই দুয়োটা ধাৰাই স্পষ্ট কৰিছে যে দেশত সঠিক বিত্তীয় বুজাপৰা আৰু দৃঢ় ডিজিটেল সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন এতিয়া সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।
এই সন্দৰ্ভত চিডিএছএলৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া নেহাল ভোৰাই কয়, “পুঁজি বজাৰৰ পৰিসৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতে ইতিমধ্যে উল্লেখনীয় সফলতা অৰ্জন কৰিছে। এই যাত্ৰাৰ পৰৱৰ্তী পদক্ষেপটোৱেই হৈছে বিনিয়োগকাৰীসকলক তথ্য পৰীক্ষাৰ ক্ষমতা প্ৰদান কৰি তেওঁলোকৰ মাজত গভীৰ বুজাপৰা গঢ়ি তোলা, যাতে তেওঁলোকে অধিক আত্মবিশ্বাসেৰে বজাৰত অংশগ্ৰহণ কৰিব পাৰে। বিনিয়োগকাৰীৰ শিক্ষাক সহজ, সুলভ আৰু প্ৰাসংগিক কৰি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা ছেবিৰ ‘প্ৰজেক্ট জাগৰূক’ আৰু ‘সমঝ্ ছে ইনভেষ্টিং চিম্পল’ অভিযান এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। চিডিএছএলৰ তৰফৰ পৰাও বিনিয়োগকাৰীৰ শিক্ষাক অধিক আকৰ্ষণীয় আৰু সজীৱ কৰি তুলিবলৈ নিৰন্তৰ নতুন মাধ্যমৰ সন্ধান চলাই অহা হৈছে; যাৰ অংশ হিচাপে তৰুণ প্ৰজন্মৰ ওচৰলৈ বিনিয়োগৰ সজাগতা লৈ যাবলৈ ‘অমৰ চিত্ৰ কথা’ৰ সৈতেও অংশীদাৰিত্ব গঢ়ি তোলা হৈছে। এগৰাকী আত্মনিৰ্ভৰশীল বিনিয়োগকাৰীয়ে তথ্যৰ শুদ্ধতা নিৰ্ণয় কৰাৰ লগতে লাভ আৰু ক্ষতিৰ সম্ভাৱনাক সঠিকভাৱে বুজি লৈ আত্মবিশ্বাসেৰে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা হ’ব লাগিব। ‘ৰিইমাজিন আইডিয়াথন ২.০’য়ে শিক্ষাৰ্থী তথা ভৱিষ্যতৰ বজাৰ অংশগ্ৰহণকাৰীসকলক এই যাত্ৰাৰ অংশীদাৰ হোৱাৰ লগতে অধিক সচেতন, দায়িত্বশীল আৰু সকলোকে সামৰি লোৱা এক বিনিয়োগকাৰী পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ দৃষ্টিভংগী দাঙি ধৰাৰ সুযোগ প্ৰদান কৰিছে।”
মন কৰিবলগীয়া যে, ছেবিৰ আন এক বিশেষ পদক্ষেপ ‘মেণ্টৰিং অৱ ইউনিভাৰ্ছিটি/কলেজ ষ্টুডেণ্টছ বাই ট্ৰেইনাৰ্ছ’ (মাষ্ট) অভিযানৰ সৈতেও সংগতি ৰাখিছে এই ‘ৰিইমাজিন আইডিয়েথনে’। ছাত্ৰ-ছাত্ৰীৰ মাজত বিত্তীয় সাক্ষৰতা আৰু পুঁজি বজাৰৰ সজাগতা বৃদ্ধি কৰাই হৈছে এই অভিযানৰ লক্ষ্য। ‘মাষ্ট’ কাৰ্যসূচীয়ে প্ৰশিক্ষিত প্ৰশিক্ষকৰ জৰিয়তে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সুশৃংখল বিত্তীয় শিক্ষা আগবঢ়ায়। আনহাতে ‘ৰিইমাজিন আইডিয়াথন ২.০’ৰ লক্ষ্য হ’ল- শিক্ষাৰ্থীসকলে যাতে নিজৰ প্ৰজন্মৰ উপযোগী কৰি বিনিয়োগ শিক্ষা অধিক আকৰ্ষণীয়, সহজ আৰু প্ৰাসংগিক কৰি তুলিবলৈ নিজাববীয়াকৈ অভিনৱ সমাধান আগবঢ়াব পাৰে।
প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে নিজৰ প্ৰস্তাৱিত সমাধানৰ বাবে ডিজিটেল মঞ্চ, ম’বাইল এপ্লিকেচন, ৱেবছাইট, চাটবট, গেম, ছিমুলেচন, লার্নিং মডিউল, সজাগতা অভিযান, সামাজিক মঞ্চ বা এআই-চালিত সহায়ক প্ৰযুক্তিসহ যিকোনো সুবিধাজনক মাধ্যম ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ স্বাধীনতা লাভ কৰিব। উদ্ভাৱন, ইউজাৰ এক্সপেৰিয়েন্স, প্ৰভাৱ আৰু উপযোগিতা, সম্ভাৱনীয়তা, সম্প্ৰসাৰণ ক্ষমতা, সহজলভ্যতা, তথ্য সুৰক্ষা আৰু উপস্থাপনৰ স্পষ্টতাৰ ভিত্তিত এক বহুমুখী বিশেষজ্ঞ বিচাৰক মণ্ডলীয়ে এই প্ৰস্তাৱসমূহ নিৰ্বাচন কৰিব। এই বিচাৰক মণ্ডলীৰ মুখ্য বিচাৰক হিচাপে থাকিব ব্যৱসায়িক নেতৃত্ব, ৰাজহুৱা নীতি আৰু প্ৰতিষ্ঠান নিৰ্মাণত সুদীৰ্ঘ অভিজ্ঞতা থকা টিচিএছৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক, বিএছইৰ প্ৰাক্তন অধ্যক্ষ, দক্ষতা বিকাশ বিষয়ক প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা তথা বৰ্তমান কৰ্মযোগী ভাৰতৰ অধ্যক্ষ এছ ৰামাড’ৰাই।
২০২৬ চনৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতাখনৰ পঞ্জীয়ন প্ৰক্ৰিয়া। ইফালে, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পাঁচটা দলৰ বাবে মুঠ ১১.৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে।
পূৰ্বৰ সফলতাৰ ওপৰত ভিত্তি কৰিয়েই চিডিএছএলে হাতত লৈছে ‘ৰিইমাজিন আইডিয়াথন ২.০’ৰ এই বিশেষ পদক্ষেপ। সংস্থাটোৰ উদ্বোধনী সংস্কৰণত দেশৰ ২১খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১০০খন শিক্ষানুষ্ঠানৰ পৰা ১,০০০ৰো অধিক পঞ্জীয়ন লাভ কৰা হৈছিল। পৰৱৰ্তী সময়ত তৃতীয় চিডিএছএল বাৰ্ষিক ৰিইমাজিন সন্মিলনত পাঁচটা শ্ৰেষ্ঠ দলক তেওঁলোকৰ উদ্ভাৱনী চিন্তাৰ বাবে বিশেষ স্বীকৃতি প্ৰদান কৰা হয়।
পঞ্জীয়ন, সমস্যামূলক বিষয়বস্তু, মূল্যায়নৰ মাপকাঠি আৰু সময়সীমা সম্পৰ্কে বিশদ তথ্য জানিবলৈ আগ্ৰহীসকলে চিডিএছএল ৰিইমাজিন আইডিয়াথনৰ অফিচিয়েল ৱেবছাইট https://ideathon.cdslindia.com/ ত চাব পাৰিব।