ভেনকুভাৰ চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰ মণিপুৰী ছবি ‘ফায়াৰফ্লাইজ ইন দ্য ডাৰ্ক’ৰ

গুৱাহাটী:২০২৬ চনৰ ভেনকুভাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মণিপুৰী ছবি ‘ইনুং ঙাল্লামদাই’ (ফায়াৰফ্লাইছ ইন দ্য ডাৰ্ক)-ৰ বিশ্ব প্ৰিমিয়াৰ হয় । মণিপুৰৰ হিংসাৰ মাজতো জীৱনৰ প্ৰতি থকা আশা আৰু পুনৰুত্থানৰ সংগ্ৰামক তুলি ধৰিবলৈ চেষ্টা কৰিছে এই ছবিখনে ৷ মণিপুৰত হিংসাৰ বলি হোৱা আৰু তাত জীয়াই থকা লোকসকলৰ অভিজ্ঞতাৰ প্ৰকৃত ছবি চাই এই চিনেমাখন নিৰ্মাণ কৰা হৈছে ।
বন্দুকৰ গুলীৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাই সন্তান জন্ম দিবলৈ সংগ্ৰাম কৰি আছে, এজন সৰু ল’ৰাই নিৰুদ্দেশ হোৱা মাতৃক বিচাৰি আছে আৰু এখন কেফেৰ মালিকজনে হিংসাৰ পৰা পলায়ন কৰা লোকসকলক আশ্ৰয় দিবলৈ নিজৰ জীৱন বিপন্ন কৰিছে । এইবোৰেই হৈছে এই ছবিখনৰ মূল কাহিনী ৷ হৃদয় বিদাৰক পৰিস্থিতিত পৰা লোকসকলৰ জীৱনৰ মাজেৰে মানৱীয় মূল্যৰ সন্ধান কৰা এখন মণিপুৰী ছবি ৷
৮৫ মিনিট দৈৰ্ঘৰ এই ছবিখনৰ শেহতীয়াকৈ ২০২৬ চনৰ ভেনকুভাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (VIFF)ত প্ৰিমিয়াৰ হয় ৷ ছবিখন পেনোৰামা চিনেমাজ অফ এছিয়াৰ লাইনআপৰ অংশ হিচাপে প্ৰদৰ্শিত কৰা হয় ।
২০২৩ চনত মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত হিংসাক পটভূমি হিচাপে লৈ ছবিখনে জীৱন সংগ্ৰাম, স্থানচ্যুতি আৰু সহনশীলতাৰ তিনিটা পাৰস্পৰিক আখ্যানক একত্ৰিত কৰিছে । কেৱল সংঘাতৰ নিষ্ঠুৰতাৰ ওপৰত গুৰুত্ব দিয়াতকৈ, এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা মানুহ আৰু জীৱন যাত্ৰাত তেওঁলোকৰ আগুৱাই যোৱাৰ আশাক ছবিখনে অন্বেষণ কৰে ।
যোগেশ লোহানৰ পৰিচালনা আৰু চিংছাংলাকপা আৰু লোহানৰ ৰচনা, ‘ফায়াৰফ্লাইজ ইন দ্য ডাৰ্ক’ত খণ্ডিত, অৰৈখিক কথনশৈলী আৰু অন্তৰংগ হেণ্ডহেল্ড চিনেমাট’গ্ৰাফী ব্যৱহাৰ কৰা হয় ৷ ছবিখনত হিংসাক নান্দনিক ৰূপ নিদিয়াকৈ সংঘাতক চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে নিৰ্মাতাই ।
প্ৰযোজক জানী বিশ্বনাথে কয় যে ছবিখনে বিপৰ্যয়ৰ প্ৰান্তলৈ দৰ্শকৰ মনোযোগ স্থানান্তৰিত কৰে ৷ যেতিয়া আপোনাৰ চৌপাশৰ জীৱন হিংসাৰ দ্বাৰা বিঘ্নিত হয় তেতিয়া জীৱনত আগবাঢ়ি যোৱাৰ অৰ্থ কি সেই বিষয়ে ছবিখনে অন্বেষণ কৰে ।
লোহানৰ বাবে এই ছবিখনৰ কাহিনী আৰম্ভ হৈছিল মণিপুৰত জীৱিতসকলক লগ পোৱাৰ সময়ৰ পৰা । চিত্ৰনাট্য লিখাৰ পূৰ্বে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰি সকলো হেৰুৱাই পেলোৱা লোকসকলৰ সৈতে কথা পাতিছিল । তেওঁলোকে ধৰি ৰখা আশাৰ সমান্তৰালভাৱে তেওঁলোকৰ বুকুৰ বিষ আৰু আঘাতৰ অভিজ্ঞতাই ছবিখনক অধিক আৱেগিক কৰি তুলিছে ।
স্থানীয় জনগোষ্ঠীৰ আস্থা আৰু সমৰ্থনত সমগ্ৰ মণিপুৰৰ বাস্তৱ স্থানসমূহত এই ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল । লোহানে কয় যে, ছবিখনৰ দলটোৱে সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জীৱনসমূহক সন্মান জনাব বিচাৰিছে ৷ কিন্তু তেওঁলোকৰ দুখ-কষ্টবোৰক দেখনীয়াৰ একো একোটা দৃশ্যলৈ ৰূপান্তৰিত নকৰাকৈ ।
ছবিখনত বাফটা বিজয়ী ছবি ‘বুং’ৰ বাবে পৰিচিত বালা হিজাম নিংথৌজামৰ সৈতে লেইছাংথেম টনথোইংগাম্বি দেৱী, অংগম পামদাম্বা সিং, আহেইবাম চিৰঞ্জিত, লুৱাং ইউমলেম্বাম আৰু ৰতন লাইয়ে অভিনয় কৰিছে ।
ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে অভিনয় কৰা কেইবাজনো লোকক এই ছবিখনে পৰ্দালৈ আনিছে, য’ত আছে দুৰ্গম গাঁৱৰ বাসিন্দা আৰু শৰণাৰ্থী শিবিৰৰ লোক, যিসকলে আগতে কেতিয়াও কেমেৰাৰ সন্মুখীন হৈ পোৱা নাই । বিশ্বনাথে কয় যে, তেওঁলোকৰ অংশগ্ৰহণে ছবিখনক জীৱন্ত অভিজ্ঞতা প্ৰদান কৰিছে, একে সময়তে তেওঁ শ্বুটিং প্ৰক্ৰিয়াক প্ৰত্যাহ্বানমূলক আছিল বুলি অভিহিত কৰিছে ।
ভিআইএফএফত অনুষ্ঠিত হোৱা বিশ্ব প্ৰিমিয়াৰ, লোহান আৰু দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় ৷ এই প্ৰকল্পটোক জীৱন্ত কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোক বহুতো অসুবিধাৰ সন্মুখীন হৈছিল ৷
লোহানে কয় যে, এই ছবিখনে দৰ্শকৰ মাজলৈ যোৱাটো বিশেষভাৱে অৰ্থপূৰ্ণ আছিল । ফায়াৰফ্লাইজ ইন দ্য ডাৰ্ক ছবিখনৰ জৰিয়তে জানী বিশ্বনাথে আঞ্চলিক চিনেমা আৰু প্ৰায়ে উপেক্ষা কৰা সম্প্ৰদায়ৰ কাহিনীৰ সৈতে নিজৰ সংযোগ অব্যাহত ৰাখিছে । তেওঁৰ ফিল্ম’গ্ৰাফীৰ ভিতৰত আছে বিদ্যুৎ কটকী পৰিচালিত অসমীয়া ছবি ‘শৈশৱতে ধেমালিতে (Rainbow Fields); বড়ো ছবি Jwlwi – The Seed আৰু Gorai Phakri (Wild Swans), দুয়োখন ছবি ৰজনী বসুমতাৰীৰ পৰিচালনা; আৰু মীনা লংজামৰ পৰিচালনাত নিৰ্মিত মণিপুৰী তথ্যচিত্ৰ ‘এণ্ড্ৰ’ ড্ৰীমছ’ ।
ৰবি ৰঞ্জন শৰ্মাই ফটোগ্ৰাফীৰ পৰিচালক হিচাপে কাম কৰাৰ বিপৰীতে মীনা লংজামে সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰিছে । অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে ছাউণ্ড ডিজাইনৰ কাম কৰিছে, ডেনিয়েল বি জৰ্জে সংগীত ৰচনা কৰিছে আৰু টিনি মিত্ৰই ছবিখনৰ সম্পাদনা কৰিছে । কাৰ্যবাহী প্ৰযোজক হিচাপে আছে ৰজনী বসুমতাৰী ।
বিশ্বনাথৰ ভাষাত, ছবিখনৰ বাৰ্তা মণিপুৰৰ বাহিৰলৈ গৈছে । তেওঁৰ মতে হিংসা আৰু সংঘাতে স্থায়ী শান্তি দিব নোৱাৰে আৰু শান্তিপূৰ্ণ পৃথিৱী এখন বজাই ৰাখিবলৈ ঐক্য, ইতিবাচকতা আৰু সমন্বয় অতি প্ৰয়োজনীয় ।
ক্ষতি, স্থানচ্যুতি আৰু নিস্তব্ধ সাহসৰ কাহিনীৰ জৰিয়তে, ফায়াৰফ্লাইছ ইন দ্য ডাৰ্কে হিংসাৰ উৰ্ধত পৃথিৱীখন চাবলৈ বিচাৰে ৷ ছবিখনে কঠোৰ পৰিস্থিতিৰ মাজত জীৱন কটাই থকা মানুহখিনিক কেন্দ্ৰবিন্দুলৈ আনিব বিচাৰে ৷