১৩ জুনত ৰাণীত কৃষক ৰাইজৰ ভূমি অধিগ্ৰহণৰ প্ৰতিবাদত ৰাজহুৱা সভা
ৰাণী ,১৩ জুন: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলৰ কৃষক ৰাইজৰ ভূমি অধিগ্রহনৰ চৰকাৰী পদক্ষেপৰ বিৰোধিতা কৰিবলৈ বৃহত্তৰ ৰাণী অঞ্চলৰ সকলো গাঁও তথা জাতি-জনগোষ্ঠী ৰাইজক সামৰি অহা ১৩ জুনত এখন বৃহৎ ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত পলাশবাৰী ৰাজহ চক্ৰ আৰু আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাণী অঞ্চলৰ কৃষি ভূমি তথা আবাস ভূমিৰ পৰা উচ্ছেদৰ বিৰোধিতা কৰি পৰবৰ্তী কাৰ্যপন্থা গ্ৰহণৰ পৰ্যালোচনা কৰা হ’ব লগতে এই সংগ্রামখন আগবঢ়ায় নিবলৈ এখন কেন্দ্রীয় ‘ভূমি সংগ্রাম সমিতি’ গঠন কৰা হব। আনহাতে সভাৰ আহ্বায়ক মণ্ডলী ক্ৰমে – বৃহত্তৰ ৰাণী কোচ ৰাজবংশী সুৰক্ষা সমিতিৰ সভাপতি চক্ৰধৰ ঠাকুৰীয়া আৰু উপ সভাপতি শৰৎ ঠাকুৰীয়া , ৰাণী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি প্রণর দাস , সম্পাদকদ্বয় পৰাগজ্যোতি দাস আৰু ৰজনী দাস , ধৰসমপুৰ ৰাইজ গয়ৰহৰ সভাপতি শৰৎ দাস আৰু সম্পাদক ধৰ্মেশ্বৰ দাসে এটা বিবৃতিত সিদিনা বিয়লি ৩ বজাত ৰাণীৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক্ষেত্ৰ ( বিহুতলী) ত অনুষ্ঠিত হবলগীয়া সভাখনত উপস্থিত থাকিবলৈ সকলো ভুক্তভোগী ৰাইজক আহ্বান জনাইছে।