শিল্পগ্ৰামত নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান
গুৱাহাটী ,২৩ জুন : অগ্নিদগ্ধ লোকৰ চিকিৎসা আৰু নিৰাময়ৰ হকে কাম কৰি অহা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট ‘বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে’ যোৱা দুটা দশকত কেবা হাজাৰ ৰোগীক অগ্নিদগ্ধ হোৱাৰ পাছত সম্পূৰ্ণ নিৰাময় কৰি সুস্থ জীৱন দিবলৈ সক্ষম হৈছে। আনহাতে আৰোগ্য হৈ সুস্থ সৱল জীৱন লাভ কৰা লোকসকলৰ পাৰস্পৰিক ভাৱৰ আদান প্ৰদানৰ সুবিধাৰ বাবে বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত ২০২৩ চনৰ ৭ মে’ত গঠন কৰা হৈছিল ‘জীৱন জ্যোতি” নামৰ এটা সংগঠনৰ । আনহাতে বাৰ্ণ কেয়াৰ ফাউণ্ডেচনৰ সভাপতি ডাঃ হিতেশ বৰুৱা , সম্পাদক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু ‘জীৱন জ্যোতি’ৰ আহ্বায়িকা ডাঃ কবিতা চাংমা চৌধুৰীয়ে জানিবলৈ দিয়া মতে অহা ২৮ জুনত বিয়লি ৩ বজাত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রাম প্রেক্ষাগৃহত সংগঠনটোৰ তৃতীয় বর্ষপূর্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে শ্রীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ অনুপ কুমাৰ বৰ্মন আৰু সন্মানীয়া অতিথি হিচাপে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্টা অভিনেত্রী মলয়া গোস্বামী উপস্থিত থাকিব । অনুষ্ঠানত অগ্নিদগ্ধ হৈ আৰোগ্য লাভ কৰা ৰোগী, নেমকেয়াৰ বাৰ্ণ ইউনিটৰ চিকিৎসক , নাৰ্ছ আৰু চিকিৎসা কৰ্মীসকলে এক সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰিব।