‘মেজাংকৰি মেঘমল্লাৰে’ তৰুণ নগৰত মঞ্চস্থ কৰিব মহাপুৰুষীয়া ভাওঁনা ‘সাবিত্ৰী সত্যবান’
গুৱাহাটী ,৩০ জুন: গুৱাহাটীৰ তৰুণ নগৰ উন্নয়নত সমিতিৰ সৌজন্যত অহা ৪ জুলাইত তৰুণ নগৰত ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ‘মেজাংকৰি মেঘমল্লাৰে’ নিবেদন কৰিব ভক্তিভৰা মহাপুৰুষীয়া ভাওঁনা সাবিত্ৰী সত্যবান । অসমৰ ভাওঁনা জগতৰ কেইবাগৰাকীও শ্ৰেষ্ঠ ভাৱৰীয়াই একেলগে একেখন মঞ্চত সিদিনা সন্ধিয়া ৬ বজাত মঞ্চস্থ কৰিবলগীয়া ‘সাবিত্ৰী সত্যবান’ৰ সামগ্ৰিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে সাংবাদিক মানসী দত্ত । ব্যৱস্থাপনা সহযোগীসকল হল ক্ৰমে – শুভাংকৰ বেনাৰ্জী , স্বিগ্ধাৰাণী বৰা, বিৰাজ প্ৰতিম বৰা, বিশ্বজিৎ হাজৰিকা আৰু ৰক্তিম ভৰদ্বাজ গোস্বামী । ভাওঁনা পৰিচালনা কৰিব জয়ন্ত হাজৰিকাই। দোহাৰ পৰিচালনা প্ৰণৱজ্যোতি দত্ত , অভিজ্ঞান কাশ্যপ আৰু মেজাংকৰি মেঘমল্লাৰ । আনহাতে ভাওঁনাত অভিনয় কৰিব ক্ৰমে – ৰূপজিত কলিতা ( নাৰদ) , অভিজিত বাসুদেৱ ( সত্যবান ), দীপাংকৰ বৰা ( উগ্ৰসেন ) , দাদু বৰা ( সাবিত্ৰী ) আৰু মৃদুস্ময় সোণোৱাল ( সূত্ৰ) । উল্লেখ্য যে বিগত সময়চোৱাত অগ্ৰণী সাংস্কৃতিক গোষ্ঠী ‘মেজাংকৰি মেঘমল্লাৰে’ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন প্ৰান্তত বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।