চি আৰ পি এফৰ উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক কবিতা জালানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য় পৰিদৰ্শন

ৰাণী , ২০ জুন : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ মহা পৰিদৰ্শক কবিতা জালানে দ্বি-বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে যোৱা ১৮ আৰু ১৯ জুনত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে। ১৮ জুনত মহা পৰিদৰ্শক কবিতা জালানক মুখ্য কাৰ্যালয় চৌহদত আদৰণি ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। তাৰ পাছত বেটেলিয়ানৰ বিষয়া- জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত মহা পৰিদৰ্শক কবিতা জালানে চৌহদত থকা অস্ৰ- শস্ৰ , গোলা বাৰুদ ৰখা ভাণ্ডাৰ, প্ৰশিক্ষণ কাৰ্য , চিকিৎসা কেন্দ্ৰ, জোৱানৰ থকা – মেলাৰ আৱাস, ভোজনাল়য়, অফিচাৰ মেছ, সহযোগী বিষয়া মেছ, বাহিনীটোৰ কাৰ্যালয়কে ধৰি চৌহদত থকা বাহিনীটোৰ সকলো প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ উপৰিও চেকেণ্ড – ইন – কমাণ্ড মুকুন্দ মোহন আৰু অমিত সিনহা , সহকাৰী কমাডেণ্ট বিৰাট কুমাৰ সিং , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া, জোৱান উপস্থিত আছিল। আনহাতে মহা পৰিদৰ্শক কবিতা জালানৰ সন্মানাৰ্থে ১৯ জুনৰ দিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । সাংস্কৃতিক অনুষ্ঠানত বাহিনীটোৰ কেবাজনো বিষয়া , জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে দেশপ্ৰেমমুলক নৃত্য , গীত, গীতি আলেখ্য , চুটি নাট প্ৰদৰ্শন কৰাৰ লগতে কবিতা আবৃত্তি কৰে। আনহাতে সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ মহা পৰিদৰ্শক কবিতা জালানে ভাষণ প্ৰসংগত দ্বি-বাৰ্ষিক পৰিদৰ্শনৰ সময়চোৱাত ব্যস্ততাৰ মাজতো এনে ধৰণৰ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা বাবে ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাকে ধৰি বাহিনীটোৰ সকলো বিষয়া , অধীনস্থ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ শলাগ লয়।