এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

গুৱাহাটী, ১ আগষ্ট : অসম ক’-অপাৰেটিভ এপেক্স বেংক লিমিটেডৰ বিষয়া সকলক প্ৰতিনিধিত্ব কৰা ‘এপেক্স বেংক ষ্টাফ এচ’চিয়েচন’ (Apex Bank Staff Association)-এ অসমৰ শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহাৰ্যথে নিজৰ সকলো সদস্যৰ এদিনৰ দৰমহা দান কৰি সংকটৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে। এই মানৱীয় পদক্ষেপৰ অংশস্বৰূপে, সন্থাক প্ৰতিনিধিত্ব কৰা ছয়জনীয়া এটা দলে উপদেষ্টা শ্ৰী প্ৰশান্ত শৰ্মাৰ নেতৃত্বত আৰু এন.এইচ.এম. (NHM) শিৱসাগৰ জিলা শাখাৰ সহযোগত ১ আগষ্ট ২০২৬ তাৰিখে বানপীড়িত পৰিয়ালসমূহৰ মাজত জৰুৰী সাহায্য সামগ্ৰী বিতৰণ কৰে। এই বিতৰণ কাৰ্যসূচীত শিশু খাদ্য, কাপোৰ-কানি, বহী, খাদ্যদ্ৰব্য, অন্তৰ্বাস, আঠুৱা, অনাময়/পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সামগ্ৰী আদিকে ধৰি নানা প্ৰয়োজনীয় বস্ত আগবঢ়োৱা হয়। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ সমীপৱৰ্তী মাউত গাঁও, বনুৱা গাঁও, দ্বাৰকা গাঁও আৰু ইয়াৰ নিকটবৰ্তী বানপীড়িত অঞ্চলসমূহৰ মুঠ ৩০০ টা বানপীড়িত পৰিয়ালক তাৎক্ষণিক সকাহ দিয়াৰ উদ্দেশ্যৰে জৰুৰী ঘৰুৱা প্ৰয়োজনীয় সাহায্য সামগ্ৰীসমূহ প্ৰদান কৰা হয়।
এই উদ্যোগ সম্পৰ্কে মন্তব্য কৰি এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ সভাপতি শ্ৰী মণিদীপ শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰী দীপংকৰ শৰ্মা নেওগে কয় যে অসম আৰু অসমীয়াৰ সকলো বিপদৰ সময়ত বিপন্ন ৰাইজৰ কাষত থিয় হ’বলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। এনেদৰে সাহায্য আগবঢ়োৱাটো এপেক্স বেংক ষ্টাফ এচ’চিয়েচন সামাজিক দায়িত্বৰে এক অংশ বুলি উল্লেখ কৰি তেওঁলোকে আশা প্ৰকাশ কৰে যে এই সহায়-সহযোগিতাই ক্ষতিগ্ৰস্ত লোকসকলক যথেষ্ট সকাহ দিব।
এপেক্স বেংক ষ্টাফ এচ’চিয়েচনে ভৱিষ্যতেও প্ৰয়োজন সাপেক্ষে সমাজখনলৈ সহায়ৰ হাত সম্প্ৰসাৰিত কৰাৰ সংকল্প দোহাৰে আৰু এই সাহায্য বিতৰণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে এন.এইচ.এম. শিৱসাগৰ জিলা শাখাক ধন্যবাদ জ্ঞাপন কৰে।