এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

0

গুৱাহাটী , ৩১ জুলাই : উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত , ইউনিয়নৰ তিনিচুকীয়া সংমণ্ডল কমিটি আৰু শিমলুগুৰী শাখা কমিটিৰ সহযোগত শিৱসাগৰ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত ২৯ জুলাইত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৱা দলটোৱে সিদিনা শিৱসাগৰত উপস্থিত হৈ শিৱসাগৰ টাউন , নাজিৰা, লাকুৱা আৰু শিমলুগুৰী আদিত ক্ষতিগ্ৰস্ত বহু পৰিয়ালক মাস্ক , ছেনিটাইজাৰ, আঠুৱা, বিভিন্ন খাদ্য সামগ্ৰী, ফেনাইল, মহ খেদা ধূপ, বিভিন্ন ৰোগৰ ঔষধ, চেনিটেৰী পেড আৰু বিশুদ্ধ খোৱাপানীৰ বটল প্ৰদান কৰা হয়। এই সাহাৰ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উপৰিও গুৱাহাটী আৰু মালিগাঁৱৰ সদৰ কাৰ্যালয়ত থকা কেবাটাও শাখা, তিনিচুকিয়া সংমণ্ডল আৰু শিমলুগুৰী শাখা কাৰ্যালয়ৰ কৰ্মকৰ্তাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াইছিল । বানপীড়িত পৰিয়ালসমূহেও এম্পলইজ ইউনিয়নৰ এই পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাই।উল্লেখযোগ্য যে পূৰ্বতেও এম্পলইজ ইউনিয়নে এনে ধৰণৰ বিভিন্ন সামাজিক, মানৱীয় আৰু জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই সন্দৰ্ভত ইউনিয়নৰ নেতা মুনীন্দ্ৰ শইকীয়াই কয় বিপদৰ সময়ত সংকটৰ সন্মুখীন হোৱা মানুহবিলাকক এষাৰি মাত দিয়াৰ লগতে সাধ্যানুসৰি মানৱীয় ধৰণে সহায় কৰাটো সকলো মানুহৰে কৰ্ত্তব্য হোৱা উচিত।

Leave A Reply

Your email address will not be published.