‘আলোকধ্বনি’ত বিজয়াৰ বিষাদ আৰু দীপাৱলীৰ পোহৰত স্মৃতি-সংস্কৃতিৰ অনন্য মেলবন্ধন

গুৱাহাটী: দুৰ্গাপূজাৰ পৰম্পৰাত বিজয়া দশমী কেৱল এক ধৰ্মীয় অনুষ্ঠানৰ সামৰণি নহয়, ই স্মৃতি, সম্পৰ্ক আৰু আৱেগৰ এক বিশেষ অধ্যায়। ক্ৰমাৎ হেৰাই যাবলৈ ধৰা বিজয়া-বৈঠকৰ ঐতিহ্যক নতুন ৰূপত সোঁৱৰাই দিলে সাংস্কৃতিক মঞ্চ ‘কলাসমন্বয়’-ৰ উদ্যোগত আয়োজিত ‘আলোকধ্বনি’ শীৰ্ষক অনুষ্ঠানে। গুৱাহাটীৰ আদাবাৰীত অনুষ্ঠিত এই সাংস্কৃতিক সন্ধিয়াত কবিতা, সংগীত, আবৃত্তি আৰু স্মৃতিচাৰণৰ মাজেৰে বিজয়াৰ বিষাদ আৰু দীপাৱলীৰ পোহৰৰ এক সুন্দৰ সাংস্কৃতিক মেলবন্ধন ঘটোৱা হয়।
অনুষ্ঠানৰ বিশিষ্ট অতিথি শিক্ষাবিদ অমলেন্দু চক্ৰৱৰ্তীয়ে কয় যে আমাৰ সাংস্কৃতিক পৰিচয়ৰ অন্যতম বৈশিষ্ট্য হৈছে আনক আপোন কৰি লোৱাৰ উদাৰতা। লোককথা, পাঁচালি আৰু ধৰ্মীয় আখ্যানৰ মাজেৰে সীতা, সতী, উমা অথবা কালী—সকলোৱেই আমাৰ ঘৰৰ জীয়ৰী হৈ পৰিছে। বিজয়া দশমীৰ পিছত উমাৰ বিদায়ৰ বেদনা আৰু কালীপূজাৰ আগমনী পৰিৱেশক কেন্দ্ৰ কৰিয়েই অনুষ্ঠানটোৰ মূল ভাবনা গঢ় লৈ উঠে।
আৰ্যতীৰ্থৰ কবিতা পাঠেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। সন্দীপা চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি কবি বিকাশ সৰকাৰে শৈশৱৰ দুৰ্গাপূজা আৰু বিসৰ্জনৰ দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে। আলোচনাৰ মাজতে উত্তৰবংগৰ অসুৰ জনগোষ্ঠীৰ এক ব্যতিক্ৰমী পৰম্পৰাৰ কথাও উত্থাপিত হয়। এই জনগোষ্ঠীয়ে মহিষাসুৰক পূৰ্বপুৰুষ হিচাপে স্মৰণ কৰি নদিনীয়াকৈ অসুৰ পূজা পালন কৰে। এই প্ৰসংগৰ আঁত ধৰি স্নিগ্ধা নিশা বৰকটকীৰ কণ্ঠত শুভ দাশগুপ্তৰ ‘মহিষাসুৰ মৰে না’ কবিতাৰ পৰিৱেশনেও সমকালীন সমাজৰ অন্ধকাৰ বাস্তৱতাক নতুন তাৎপৰ্যৰে তুলি ধৰে।
সন্ধিয়াজুৰি সংগীত পৰিৱেশন কৰে টুকটুক ভট্টাচাৰ্য, পৌলমী দত্ত, সোহিনী ভট্টাচাৰ্য, অভিজিৎ দাস, দেৱীপ্ৰিয়া বন্দ্যোপাধ্যায়, সুশান্ত চৌধুৰী আৰু দেৱলীনা চৌধুৰীয়ে। আবৃত্তি পৰিৱেশন কৰে নৈঋতা বন্দ্যোপাধ্যায়, স্বপন পাল আৰু সুনিৰ্মল চক্ৰৱৰ্তীয়ে। অনুষ্ঠানৰ মাজত হোৱা মুকলি আড্ডাত দৰ্শকৰ মাজৰ পৰাও বহুজনে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। ৰূপক মজুমদাৰে কৌতুক পৰিৱেশনেৰে উপস্থিতসকলক আমোদ দিয়াৰ বিপৰীতে বিকাশ ভাৱালে ৰাগপ্ৰধান সংগীত পৰিৱেশন কৰে। ৰাজৰ্ষি সৰকাৰে কৃষ্ণনাম পাঠ কৰে।
স্মৃতিচাৰণ আৰু আলোচনাৰ মাজেৰে দীপান্বিতাৰ যি অন্তৰ্নিহিত ৰূপ উন্মোচিত হয়, তাত আতচবাজী বা এলইডিৰ কৃত্ৰিম পোহৰতকৈ অধিক উজ্জ্বল হৈ উঠে মানুহৰ স্মৃতি, সংস্কৃতি, সৃষ্টিশীলতা আৰু হৃদয়ত সঞ্চিত মানৱীয় প্ৰমূল্যবোধ। প্ৰকৃততে এই অন্তৰৰ পোহৰেই অন্ধকাৰৰ বিৰুদ্ধে যুঁজিবলৈ সাহস আৰু শক্তি যোগায়, লগতে নিজৰ শিপা, ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ক জীয়াই ৰখাৰ প্ৰেৰণা দিয়ে।