ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত অসমসহ উত্তৰ পূবৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ‘বৈমানিক কেৰিয়াৰ নিৰ্দেশনা কাৰ্যসূচী’

আজাৰা ,৭ নৱেম্বৰ : ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত অসমসহ উত্তৰ পূবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত বিজ্ঞান শাখাৰ শিক্ষাৰ্থীৰ বাবে ভৱিষ্যত জীবনত বিমানৰ ক্ষেত্ৰখনত নিয়োগৰ সহায়ক হোৱাকৈ এক ‘বৈমানিক কেৰিয়াৰ নিৰ্দেশনা কাৰ্যসূচী’ গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰথম পৰ্যায়ত অসমসহ উত্তৰ-পূবৰ একাদশ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান শাখাত অধ্যয়নৰত বিজ্ঞান শাখাৰ নিৰ্বাচিত ১,৭৫৪ গৰাকী শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা হৈছে। জানিব পৰা মতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ে অসমসহ উত্তৰ পূবৰ ২৮খন বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত ১,৭৫৪ গৰাকী শিক্ষাৰ্থীৰ মাজত সফলভাৱে “বৈমানিক কেৰিয়াৰ নির্দেশনা কার্যসূচী” (ACGP) ৰূপায়ণ কৰিছে।
ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নির্দেশনাত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত এই ভার্চুৱেল অধিবেশনসমূহত শিক্ষাৰ্থীসকলক বাণিজ্যিক বৈমানিক পাইলট (Commercial Pilot), বিমান ৰক্ষণাবেক্ষণ অভিযন্তা (AME), বিমান চলাচল নিয়ন্ত্রণ বিষয়া (ATCO) আৰু বৈমানিক নিৰাপত্তা বিষয়াৰ কেৰিয়াৰ বিষয়ত প্ৰত্যক্ষ তথ্য প্ৰদান কৰা হয়। এই কাৰ্যসূচীত ভাগ লোৱা প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীসকলে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় আৰু প্ৰশ্নোত্তৰ শিতানতো ভাগ লয় । যোৱা ৭ অক্টোবৰত ৭ খন বিদ্যালয়ৰ ৩৩২ গৰাকী শিক্ষাৰ্থীক সামৰি এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ উপৰিও হাজো, উত্তৰ লখিমপুৰ, ডিব্ৰুগড়, আগৰতলা, ইম্ফল আৰু ডিমাপুৰ আদি চহৰৰ বিভিন্ন ২১খন বিদ্যালয়লৈ ইয়াক সম্প্ৰসাৰিত কৰা হয় আৰু ৬ নৱেম্বৰ পৰ্যন্ত সৰ্বমুঠ ১,৭৫৪ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হয়। উল্লেখ্য যে প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ সমন্বয়কৰ দায়িত্বত আছিল মানৱ সম্পদ শাখাৰ মহা প্ৰবন্ধক মধুলিকা মণি দাস আৰু পৰিচালক তৈয়বুল্লা আলী । কাৰ্যসূচীত প্ৰাধিকৰণৰ কেইগৰাকীমান বিষয়াই অতিথি অধ্যাপক হিচাপেও সেৱা আগবঢ়ায়।
এই সন্দৰ্ভত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে এই কাৰ্যসূচীত ভাগ লোৱা শিক্ষাৰ্থীসকলে ভৱিষ্যত জীবনত বিমান উদ্যোগৰ মর্যাদাপূর্ণ কেৰিয়াৰৰ প্ৰতি আগ্ৰহী হৈ বিমান ক্ষেত্ৰখনক কেৰিয়াৰ হিচাপে লব পাৰিব বুলি আশা ব্যক্ত কৰিছে।