মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ ওডিছী গ্ৰন্থ উন্মোচন

ইছমাইল হুছেইনঃ গুৱাহাটী প্ৰেছ ক্লাবত ওডিছী গ্ৰন্থ উন্মোচন । মহামাৰীৰ ভয়াৱহতাৰ সময়তে চিকিৎসাৰ বাবে মুম্বাইত থকা ৮০গৰাকী কৰ্কট ৰোগীক লগত লৈ 2৮00 কিলোমিটাৰ যাত্ৰা কৰিছিল সেই সময়ৰ মুম্বাই অসম ভৱনৰ যুটীয়া আৱাসিক আয়ুক্ত তথা বৰ্তমানৰ মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মাই । শৰ্মাৰ নেতৃত্ব আৰু পৰিকল্পনাত অভিভাৱকসহ মুঠ ১৬৮ গৰাকী যাত্ৰীক ৬খন বাছৰ জৰিয়তে মুম্বাইৰ পৰা সুকলমে অসমলৈ অনা হৈছিল। মহামাৰীৰ ভয়াৱহতাৰ মাজতে কৰা এই বিপদসংকুল যাত্ৰাৰ বৰ্ননাৰে দেৱাশিস শৰ্মাই লিখি উলিয়াইছে সপোনাৰ ওডিছী শীৰ্ষক গ্ৰন্থখন। ২৭ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত এই গ্ৰন্থখন উন্মোচন কৰা হয়। জটিলতা অতিক্ৰম কৰা এই অগতামনুগতিক যাত্ৰাৰ কাহিনীৰে লিখি উলিওৱা গ্ৰন্থখন ঔপন্যাসিকা অনুৰাধা শৰ্মা পূজাৰী, গল্পকাৰ অতনু ভট্ৰাচাৰ্য, অসমবাণীৰ সম্পাদক দিলীপ চন্দনে আনুষ্ঠানিভাৱে উন্মোচন কৰে । উন্মোচনী ভাষণত আটাইকেইগৰাকীয়ে গ্ৰন্থখনৰ লেখক দেৱাশিস শৰ্মাক অভিন্দন জনোৱাৰ লগতে গ্ৰন্থখন এক মূল্যৱান দলিল হৈ ৰ’ব বুলি মন্তব্য কৰে। তদুপৰি বিগত সময়ছোৱাত হোৱা কভিডৰ ভয়াৱহতাৰ মাজতে মুম্বাইত বন্দী হৈ পৰা অসমৰ লোকসকলৰ বাবে দেৱাশিস শৰ্মাই গ্ৰহণ কৰা তৎপৰতাক শলাগ লয় । আনহাতে গ্ৰন্থখনৰ জৰিয়তে পাঠকে নতুন সোৱাদ পাব বুলি লেখক শৰ্মাই প্ৰকাশ কৰিছে। অসমীয়া ভাষা আৰু ছফৱেৰ বিকাশ কেন্দ্ৰেই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠাটোত বহুকেইজন গণ্য-মান্য লোকে অংশগ্ৰহণ কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*