মহিলাৰ কল্যাণ আৰু কৰ্মস্থলীৰ সা-সুবিধাৰ ক্ষেত্ৰত অসমৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠান হিচাপে সন্মানিত ডি এছ গ্ৰুপ

গুৱাহাটী, ২৪ নৱেম্বৰ : কর্মক্ষেত্ৰত মহিলাৰ সুৰক্ষা আৰু সমমৰ্যাদাক সৰ্বাধিক অগ্ৰাধিকাৰ দি পুনৰবাৰ উজলি উঠিল দেশৰ অন্যতম শীৰ্ষ ব্যৱসায়িক গোষ্ঠী ধৰমপাল সত্যপাল গ্ৰুপ (ডিএছ গ্ৰুপ)। এক সৰ্বাত্মক তথা সহায়ক কৰ্মস্থলী গঢ়ি তোলাৰ ক্ষেত্ৰত দেখুওৱা নিৰন্তৰ দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপে এই অগ্ৰণী এফ এম চি জি তথা বহুমুখী ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ২০২৬ বৰ্ষৰ বাবে অসমত ‘মহিলাৰ কল্যাণ আৰু কৰ্মস্থলীৰ সা-সুবিধাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰতিষ্ঠান’ৰ সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত আয়োজিত ‘শ্ৰমিক কল্যাণ দিৱস ২০২৬’ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত প্ৰতিষ্ঠানটোক এই সন্মানীয় বঁটা প্ৰদান কৰে অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগ আৰু অসম শ্ৰম আয়ুক্তালয়ৰ অধীনস্থ অসম শ্ৰম কল্যাণ সমিতিয়ে। ৰাজ্যখনৰ কেইবাগৰাকীও সাংসদ আৰু বিধায়ককে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসম চৰকাৰৰ শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ তথা ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মাননীয় কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আনুষ্ঠানিকভাৱে এই বঁটাটি প্ৰদান কৰে।
উল্লেখ্য যে, ডি এছ গ্ৰুপৰ গুৱাহাটীস্থিত গোটত স্থায়ী আৰু ঠিকাভিত্তিক উভয় পদতে মহিলাসকলে তদাৰকী তথা নেতৃত্বস্থানীয় ভূমিকা পালন কৰি আহিছে। গোটটোত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ নিৰাপত্তা, কল্যাণ আৰু সবলীকৰণৰ প্ৰতি থকা প্ৰতিষ্ঠানটোৰ সদিচ্ছাকে স্বীকৃতি প্ৰদান কৰিছে এই বিশেষ বঁটাই। এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰিবলৈ গুৱাহাটীৰ এই কেন্দ্ৰটোত চৌব্বিশ ঘণ্টাই মহিলা নিৰাপত্তাৰক্ষী মোতায়েন, সম্পূৰ্ণ চিচি টিভি নিৰীক্ষণ আৰু নিয়মীয়া সুৰক্ষা অনুশীলনৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ উপৰি লাইভ কেমেৰা সংযুক্ত জি পি এছ চালিত কোম্পানীৰ বাহন আৰু মহিলা নিৰাপত্তাৰক্ষীৰ তত্ত্বাৱধানত সুনিশ্চিত কৰা হয় কৰ্মচাৰীসকলৰ সুৰক্ষিত যাতায়াত। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ সমান্তৰালভাৱে দুগ্ধপান কক্ষসহ শিশু পৰিচৰ্যা কেন্দ্ৰ, স্বাস্থ্যসন্মত পৃথক শৌচাগাৰ, জিৰণি কোঠা আৰু লকাৰৰ দৰে বিশেষ সা-সুবিধাৰ জৰিয়তে গোটটোৱে এক সৰ্বাত্মক তথা অনুকূল কৰ্মস্থলী গঢ়ি তুলিছে। নিয়মীয়া স্বাস্থ্য পৰীক্ষা, টীকাকৰণ অভিযান, মাতৃত্বকালীন সুবিধা আৰু দৰমহা তথা বোনাছৰ ক্ষেত্ৰত সমতা বজাই ৰাখি কৰ্মচাৰীৰ কল্যাণ আৰু ন্যায্যতা সুনিশ্চিত কৰি আহিছে ডি এছ গ্ৰুপে। লগতে সদ্যপ্ৰৱৰ্তিত এক বহুমুখী দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলক ভৱিষ্যতৰ নেতৃত্ব বহন কৰিব পৰাকৈ সক্ৰিয়ভাৱে গঢ় দি তোলা হৈছে।
গুৰুত্বপূৰ্ণ যে, অসমৰ বিভিন্ন খ্যাতনামা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা আনুষ্ঠানিক মনোনয়নৰ জৰিয়তে আৰম্ভ হৈছিল এই বঁটাৰ বাছনি প্ৰক্ৰিয়া। এই মনোনয়নসমূহৰ পাছত পৰিদৰ্শকৰ এটা বিশেষ দলে সংশ্লিষ্ট নথি-পত্ৰ আৰু পঞ্জীসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰে আৰু বিজয়ী ঘোষণা কৰাৰ পূৰ্বে গোট তথা কৰ্মস্থলীসমূহ ক্ষেত্ৰভিত্তিকভাৱে পৰিদৰ্শন কৰি সত্যাসত্য নিৰূপণ কৰে। উল্লেখ্য যে, ৰাজ্যখনৰ বিশিষ্ট শ্ৰমিক নেতা প্ৰয়াত সন্তোষ কুমাৰ তপ্নৰ স্মৃতিত প্ৰতিবছৰে অসমত শ্ৰমিক কল্যাণ দিৱস পালন কৰা হয়। শ্ৰমিকসকলৰ মৰ্যাদা অক্ষুণ্ণ ৰখা আৰু তেওঁলোকৰ অধিকাৰ তথা কল্যাণৰ বিষয়ে সজাগতা বৃদ্ধি কৰাটোৱেই হৈছে এই দিৱস উদযাপনৰ মূল উদ্দেশ্য।
এই সন্মান গ্ৰহণ কৰি ডি এছ গ্ৰুপৰ মাউথ ফ্ৰেছনাৰৰ ব্যৱসায়িক মুৰব্বী শ্ৰী চন্দ্ৰ কান্ত শৰ্মাই কয়, “কৰ্মচাৰীসকলে যেতিয়া নিজকে সুৰক্ষিত, সন্মানিত আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সবল বুলি অনুভৱ কৰে, তেতিয়াহে এখন কৰ্মস্থলীয়ে স্থায়ী আস্থা অৰ্জন কৰিবলৈ সক্ষম হয়। মহিলাসকলে যেতিয়া প্ৰতিদিনে সেই নিশ্চয়তা অনুভৱ কৰে, তেতিয়া তেওঁলোকে নিজৰ শ্ৰেষ্ঠতম অৱদান আগবঢ়ায় আৰু ই সমগ্ৰ প্ৰতিষ্ঠানটোৰেই কাৰ্যদক্ষতা বৃদ্ধি কৰে। ডি এছ গ্ৰুপত আমি সকলোৱে সমানে উন্নতি সাধন কৰিব পৰা এক পৰিৱেশ গঢ়ি তোলাটোকেই আমাৰ কাম-কাজৰ মূল ভেটি হিচাপে গণ্য কৰোঁ আৰু আমাৰ এই প্ৰচেষ্টাক স্বীকৃতি প্ৰদান কৰাৰ বাবে আমি অসম চৰকাৰ তথা শ্ৰম কল্যাণ বিভাগৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ। এখন কৰ্মস্থলীৰ পৰা মহিলাসকলে আশা কৰা সা-সুবিধাৰ ক্ষেত্ৰত ভৱিষ্যতেও উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰি যাবলৈ এই সন্মানে আমাৰ সংকল্প অধিক সুদৃঢ় কৰি তুলিছে।”
উল্লেখনীয় যে, ১৯৯৯ চনৰ পৰাই ডি এছ গ্ৰুপে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰি আহিছে।