এইচডিএফচি বেংকৰ ফেষ্টিভ ট্ৰিটছ ২০২৬ মুকলি – ১০,০০০ ৰো অধিক আকৰ্ষণীয় অফাৰ
গুৱাহাটী, ১5 অক্টোবৰ : ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে সমগ্ৰ দেশতে উৎসৱৰ বতৰ উদযাপন কৰিবলৈ নিজৰ বাৰ্ষিক ফেষ্টিভ ট্ৰিটছ ২০২৬ অভিযান মুকলি কৰিছে। এই অভিযানৰ অধীনত ঋণ, ক্ৰেডিট কাৰ্ড, ছেভিংচ একান্ট, চলিত একাউণ্ট আৰু ডেবিট/ক্ৰেডিট কাৰ্ডৰ ইজিইএমআই -ৰ ক্ষেত্ৰত ১০,০০০-ৰো অধিক অফাৰ আৰু ৰেহাই আগবঢ়োৱা হৈছে। এই অফাৰসমূহে গ্ৰাহকসকলক সুলভ মূল্যত উৎসৱৰ বজাৰ-সমাৰ কৰিবলৈ সহায় কৰিব।
এই বছৰৰ অভিযানৰ মূল বিষয়বস্তু হৈছে ‘ট্ৰিট ৱিথ অল ইয়’ৰ হাৰ্ট (‘Treat With All Your Hear’)’, যিয়ে উৎসৱৰ সময়ত আপোনজনৰ প্ৰতি মৰম, যত্ন আৰু একেলগে থকাৰ আনন্দ উদযাপন কৰে। এইচডিএফচি বেংকে এক্সপ্ৰেছ পাৰ্চনেল লোনছ, এক্সপ্ৰেছ কাৰ লোনছ, অন্যান্য বাহন ঋণ, হোম লোনছ, গোল্ড লোনছ, স্পেচিয়ালে ছেভিংছ একাউণ্টছ আৰু মাই বিজনেছ (MyBusiness)-ৰ দৰে বিভিন্ন সেৱাত বিশেষ অফাৰ আগবঢ়াইছে। মাই বিজনেছ-এ ব্যৱসায়ৰ বাবে সম্পূৰ্ণ বেংকিং সমাধান প্ৰদান কৰে। এইচডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ড আৰু ডেবিট/ক্ৰেডিট কাৰ্ডৰ ইজিইএমআই ব্যৱহাৰ কৰি উৎসৱৰ সামগ্ৰী ক্ৰয় কৰিলে গ্ৰাহকসকলে সৰ্বাধিক ৭০,০০০ টকা পৰ্যন্ত ৰেহাই কৰিব পাৰিব**।
এই অফাৰসমূহৰ ভিতৰত কাপোৰ, ইলেক্ট্ৰনিকছ সামগ্ৰী, ভ্ৰমণ, ঘৰ সজাৰ সামগ্ৰী আৰু গহনাকে ধৰি বিভিন্ন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে। এইচডিএফচি বেংকে এলজি ইলেক্ট্ৰনিকছ ,নিকছ, গুগল পিক্সেল, ছেমছাং, ৱানপ্লাছ, বিজয় ছেলছ, ক্ৰ’মা, ৰিলায়েন্স ডিজিটেল, মেকমাইট্ৰিপ, মিন্ট্ৰা, ৰিলায়েন্স চেণ্ট্ৰ’, ৱৰ্ল্ড অৱ টাইটান, ৰয়েলঅ’ক, হোণ্ডা, জিআৰটি জুৱেলাৰ্ছ আৰু জয়ালুক্কাছ -ৰ দৰে জনপ্ৰিয় ব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্ব কৰিছে। এইবাৰৰ অভিযানটো সমগ্ৰ ভাৰততে বিভিন্ন পৰ্যায়ত আৰম্ভ কৰা হ’ব। দেশৰ বিভিন্ন অঞ্চলৰ উৎসৱৰ সৈতে সংগতি ৰাখি অফাৰসমূহ আগবঢ়োৱা হ’ব আৰু এই অভিযানৰ সামৰণি দীপাৱলীৰ সময়ত পৰিব। ইয়াৰ ফলত বিভিন্ন ৰাজ্যৰ গ্ৰাহকসকলে নিজৰ অঞ্চলৰ উৎসৱৰ সৈতে সংগতি থকা সময়োপযোগী অফাৰ লাভ কৰিব পাৰিব। ইয়াৰ উপৰি, বেংকটোৱে কেইবাগৰাকীও চেলিব্ৰিটি আৰু ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ সৈতে অংশীদাৰিত্ব কৰিছে। তেওঁলোকে অনলাইন মাষ্টাৰক্লাছৰ জৰিয়তে বিভিন্ন বিষয়ত উপযোগী পৰামৰ্শ আগবঢ়াব।
ইয়াৰ উপৰিও বেংকে বহু চেলিব্ৰিটি আৰু প্ৰভাৱশালী ব্যক্তিৰ সৈতে অংশীদাৰিত্ব কৰিছে যিয়ে দেৱালীৰ বাবে সাজু হোৱা, অৱসৰৰ পৰিকল্পনা কৰা, এটা আবেগ অনুসৰণ কৰা, আৰু পৰৱৰ্তী ছুটীৰ বাবে সঞ্চয় কৰা আদি বিষয়ৰ ওপৰত দৰ্শক/অনুগামীসকলক পথ প্ৰদৰ্শন কৰিবলৈ ভাৰ্চুৱেল মাষ্টাৰক্লাছ চলাব।
শ্ৰী ৰবি সন্থানাম, এইচডিএফচি বেংকৰ মুখ্য বিপণন বিষয়া আৰু গ্ৰুপ হেড (ব্ৰেণ্ড, ৰিটেইল মাৰ্কেটিং এণ্ড কাষ্টমাৰ এনালিটিক্স) কয় যে, উৎসৱৰ বতৰটো ভাৰতৰ লাখ লাখ পৰিয়ালৰ বাবে আনন্দ, একেলগে থকাৰ আৰু নতুন আৰম্ভণিৰ সময়। তেওঁ উল্লেখ কৰে যে জনপ্ৰিয় ব্ৰেণ্ডসমূহৰ আকৰ্ষণীয় ৰেহাইৰ সৈতে ইজিইএমআই আৰু Xpress Loans-ৰ দৰে সহজ ঋণৰ সুবিধা একত্ৰিত কৰি বেংকটোৱে যোগ্য গ্ৰাহকসকলৰ বাবে ক্ৰয়-বিক্ৰয় অধিক সুবিধাজনক কৰি তুলিছে। তেওঁ লগতে কয় যে সমগ্ৰ ভাৰততে বিভিন্ন পৰ্যায়ত এই অভিযান ৰূপায়ণ কৰাৰ ফলত প্ৰতিটো অঞ্চলৰ গ্ৰাহকে নিজৰ প্ৰয়োজন অনুসৰি বিশেষ অফাৰ লাভ কৰিব। ইয়াৰ জৰিয়তে গ্ৰাহকসকলে বুদ্ধিদীপ্তভাৱে ধন খৰচ কৰাৰ লগতে উৎসৱো আনন্দেৰে উদযাপন কৰিব পাৰিব। তেওঁ সকলো গ্ৰাহকক উৎসৱৰ আন্তৰিক শুভেচ্ছা জনাই এইচডিএফচি বেংকৰ জৰিয়তে ক্ৰয় কৰাৰ সময়ত উপলব্ধ অফাৰসমূহৰ সৰ্বাধিক সুবিধা ল’বলৈ আহ্বান জনায়।
বিতং অফাৰৰ বাবে ক্লিক কৰক ইয়াত
*চৰ্ত আৰু নিয়মাৱলী প্ৰযোজ্য।
**বেংকৰ সকলো উপলব্ধ অফাৰৰ সুবিধা গ্ৰহণ কৰিলে গ্ৰাহকে সৰ্বাধিক ৭০,০০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব।