প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত ছবিগৃহত মুক্তিৰ বাবে সাজু অসমীয়া কথাছবি ‘ডিফলু’; ট্ৰেইলাৰ মুকলি

0

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ উৎকণ্ঠাৰ অন্ত পেলাই বেলতলাৰ মেট্ৰিক্স চিনেমাত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল ‘বৰলুইত প্ৰডাকচন’ৰ নতুন কথাছবি ‘ডিফলু’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ। অহা ৯ অক্টোবৰত ৰাজ্যজুৰি চিত্ৰগৃহলৈ আহিবলগীয়া এই চিনেমাখনৰ বাবে আজিৰ ট্ৰেইলাৰ উন্মোচন এক গুৰুত্বপূৰ্ণ ক্ষণ হিচাপে বিবেচিত হৈছে।

ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত আজি উপস্থিত থাকে ছবিখনৰ মুখ্য অভিনেতা সুব্ৰত দেউৰী আৰু অমৃতা গগৈৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ চিনাকি মুখ মৃদুলা বৰুৱা, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল। নেকিবৰ পৰিচালনা আৰু জেকিভৰ প্ৰযোজনাৰে নিৰ্মিত ছবিখনৰ পটভূমি গঢ় লৈ উঠিছে অসমৰ গাঁৱলীয়া জীৱনৰ সহজ-সৰল বাস্তৱতাক সাঙুৰি। থলুৱা সংস্কৃতি, লোক-পৰম্পৰা আৰু চহা জীৱনৰ নিভাঁজ স্পন্দনক সাৰথি কৰি কাহিনীভাগত হাস্যৰস, আৱেগ আৰু সমাজ-সচেতন বাৰ্তাৰ এক সাৱলীল সমন্বয় ঘটোৱা হৈছে।

এই উপলক্ষে প্ৰবীণ অসমীয়া অভিনেত্ৰী চেতনা দাসক শেহতীয়াকৈ ২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্তিৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জনোৱা হয়। টিম ডিফলুৰ লগতে চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বহুকেইগৰাকী ব্যক্তি আৰু অনুষ্ঠানত উপস্থিত থকা সমূহ লোকে খ্যাতনামা শিল্পীগৰাকীক তেওঁৰ ৰাষ্ট্ৰীয় সন্মান প্ৰাপ্তিত অভিনন্দন জনোৱাৰ লগতে অসমীয়া থিয়েটাৰ আৰু চিনেমা জগতলৈ আগবঢ়োৱা বহু দশকজোৰা অৱদানক স্বীকৃতি প্ৰদান কৰে।

এই ট্ৰেইলাৰটোৱে স্পষ্ট ৰূপত দাঙি ধৰিছে ‘ডিফলু’ৰ কাহিনীৰ পটভূমি আৰু মূল চৰিত্ৰটোৰ পৰিক্ৰমা। জীৱন যাত্ৰাত মুখামুখি হোৱা বিভিন্ন ব্যক্তি আৰু ঘটনাই চৰিত্ৰটোৰ দৃষ্টিভংগী ক্ৰমান্বয়ে সলনি কৰি পেলায়। গ্ৰাম্য অসমৰ মাটিৰ গোন্ধ আৰু জীৱনৰ বাস্তৱতাৰ মাজত থাকিও অপ্ৰত্যাশিত পৰিস্থিতিয়ে কেনেদৰে মানুহক ওচৰ চপাই আনে, সেই কথাই ছবিখনত মূল প্ৰাধান্য লাভ কৰিছে।

ট্ৰেইলাৰ মুকলি অনুষ্ঠানত পৰিচালক নেকিবে কয়, “ট্ৰেইলাৰ উন্মোচনৰ এই ক্ষণ আমাৰ বাবে অত্যন্ত বিশেষ। কাৰণ ‘ডিফলু’ আছিল মোৰ বাবে এক দীঘলীয়া আৰু ব্যক্তিগত যাত্ৰা। অৱশেষত ছবিখনৰ এটা আভাস দৰ্শকৰ মাজলৈ আনিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু অহা ৯ অক্টোবৰত সম্পূৰ্ণ ছবিখন ছবিগৃহলৈ আনিবলৈ আমি বাট চাইছোঁ।”

উল্লেখ্য যে, এই ছবিখনৰ গীতসমূহেও এক সুকীয়া আবেগ বহন কৰিছে। এই ছবিখনত বাণীবদ্ধ কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অন্যতম শেষ গীত সমূহৰ এটা ‘সৰগী সপোন’। বিশেষ কথাটো হ’ল- কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ সৈতে কণ্ঠদান কৰা প্ৰাণৰ শিল্পীগৰাকীৰ এইটোৱেই হৈছে দ্বৈত কণ্ঠৰ অন্তিমটো গীত। একে সময়তে জুবিন গাৰ্গ আৰু ৰূপালী কাশ্যপৰ কণ্ঠৰ প্ৰাণচঞ্চল প্ৰেমৰ গীত ‘প্ৰেম বাৰু’ৱে কাহিনীত প্ৰেমৰ অনুভূতি অধিক জীৱন্ত কৰি তুলিছে। সংগীতৰ সুমধুৰ সমাহাৰ ঘটাই ছবিখনত অন্তৰ্ভুক্ত কৰা হৈছে ৰাকেশ ৰিয়ান আৰু মন্টুমণি শইকীয়াৰ গীতো। গাৰ্গী ভট্টাচাৰ্যই এটি গীতৰ কথা ৰচনা কৰাৰ বিপৰীতে আন সকলো গীতৰ কথা লিখিছে নেকিবে। ছবিখনৰ আটাইবোৰ গীতৰ সুৰ আৰু সংগীত পৰিচালনা কৰিছে জেকিভে।

প্ৰণিধানযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত চুটি ছবি উপহাৰ দিয়া ‘বৰলুইত প্ৰডাকচনে’ এইবাৰ ‘ডিফলু’ৰ জৰিয়তে খোজ পেলাইছে পূৰ্ণদৈৰ্ঘ্যৰ চিনেমাৰ জগতত। ছবিখনত সমাৱেশ ঘটিছে ৰাজ্যৰ বহু অভিজ্ঞ আৰু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী অমৃতা গগৈ আৰু সুব্ৰত দেউৰীয়ে। ইয়াৰোপৰি ছবিখনত অভিনয় কৰিছে মৃদুলা বৰুৱা, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা, ৰাজীৱ দুৱৰী, জ্যোতিষ্মান বৰা, কণিকা নাথ, অনিৰ্বাণ কলিতা, অংকুৰ বৈশ্য, ডাঃ হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, প্ৰিয়াংশী কাশ্যপ আৰু দিব্যপ্ৰতিম ভাগৱতীয়ে।

ইফালে, ট্ৰেইলাৰ মুক্তিৰ লগে লগে ‘ডিফলু’ৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান পূৰ্ণগতিত আগবঢ়াই নিছে ছবিখনৰ প্ৰযোজক-পৰিচালকৰ লগতে কলা-কুশলীসকলে।

Leave A Reply

Your email address will not be published.