কালাপাহাৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন
গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : গুৱাহাটীৰ কালাপাহাৰস্থিত শ্ৰী শ্ৰীমন্ত শঙ্কৰ-মাধৱ সেৱাশ্ৰমৰ উদ্যোগত মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱৰ ৫৭৮ সংখ্যক আবির্ভার মহোৎসৱ অহা ২০, ২১ আৰু ২২ ছেপ্টেম্বৰত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে সেৱাশ্ৰম চৌহদত উদযাপনৰ আয়োজন কৰা হৈছে । মহোৎসৱ উপলক্ষে সেৱাশ্ৰমৰ চৌহদত বিভিন্ন ধর্মীয়, সাংস্কৃতিক আৰু প্রতিযোগিতামূলক কার্যসূচী অনুষ্ঠিত হব। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২০ ছেপ্টেম্বৰ প্ৰথম দিনা বৰগীত, ঘোষা নাম, খোল বাদন আৰু সত্ৰীয়া নৃত্য প্রতিযোগিতা অনুষ্ঠিত হ’ব। সিদিনাই শ্রীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ দ্বাৰা “চোৰধৰা” নৃত্য-নাটিকা প্ৰদৰ্শন কৰা হ’ব। ২১ ছেপ্টেম্বৰ দ্বিতীয় দিনা পুৱা ভাগৱত শোভাযাত্রা উলিওৱা হ’ব। তাৰ পাছতে অনুষ্ঠিত হ’ব ধর্মালোচনা সভা। সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকর্ষণ হিচাপে গুৱাহাটীৰ বুঢ়া ভকত দলৰ দ্বাৰা “বীৰ নাম” পৰিৱেশন কৰা হ’ব। ইয়াৰ উপৰিও শ্রী শ্ৰীমন্ত শঙ্কৰ-মাধৱ সেৱাশ্ৰমৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অন্যান্য সাংস্কৃতিক কার্যসূচীও অনুষ্ঠিত হ’ব। ২২ ছেপ্টেম্বৰ তৃতীয় তথা শেহৰ দিনা নিশা ৮ বজাৰ পৰা বিশেষ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত ওদালগুৰিৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিল্পীসকলে সত্রীয়া সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব। আনহাতে মহোৎসৱৰ কাৰ্যসূচী সুচাৰৰূপে পালন কৰিবলৈ বিশিষ্ট সমাজকৰ্মী কমল চন্দ্ৰ লহকৰক সভাপতি , ডাঃ ত্ৰৈলোক্য ভৰালী আৰু ভবানন্দ পাঠকক উপ সভাপতি, ডাঃ ভাৰত দাসক সাধাৰণ সম্পাদক, প্ৰসন্ন পাঠকক কোষাধ্যক্ষ , প্ৰণৱ মজুমদাৰক সাংস্কৃতিক সম্পাদক , অমৃত ভৰালীক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হৈছে। উদযাপন সমিতিয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টি, একশৰণ নামধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে আযোজন কৰা মহোৎসৱৰ তিনিওদিনৰ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে । আয়োজক সমিতিয়ে।