অসম অসামৰিক সেৱাৰ বিষয়া বিমল ডেকাৰ কবিতা পুথি “পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ” উন্মোচন

0

গুৱাহাটী ,৩ আগষ্ট : অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া , অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা , বিশিষ্ট কবি- সাহিত্যিক বিমল ডেকাৰ চতুৰ্থখন কবিতা পুথি “পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ” গুৱাহাটী প্ৰেছ ক্লাবত দুই আগষ্টত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক , কথাশিল্পী অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানত ভাষণ প্ৰসংগত অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে ব্যস্ততাৰ মাজতো যি মানুহে আকাশলৈ চাবলৈ নাপাহৰে, যি মানুহে বৰষুণৰ আমেজ ল’বলৈ নাপাহৰে তেওঁহে জীৱনৰ প্ৰকৃত সাৰ্থকতা বিচাৰি পায়। কবিতা প্ৰকৃতিৰ পৰাই আহে । বিমল ডেকাই ৰাজ্য প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া হিচাপে অতি ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো প্ৰকৃতিৰ সৈতে নিজকে সম্পৃক্ত ৰাখি , শিপাৰ সৈতে নিজকে জড়িত কৰি ধাৰাবাহিক ভাৱে কবিতাৰ চৰ্চা কৰি আহিছে যিয়ে সমগ্ৰ সমাজখনৰ বাবেই আশাৰ বতৰা কঢ়িয়াই আনিছে। বিমল ডেকাৰ “পানীডোঙাৰ বেঙুনীয়া ফুলবোৰৰ” কবিতাসমূহ জাপানী হাইকুসমূহৰ অনুপ্ৰেৰণাত ৰচনা কৰা হৈছে যদিও চুটি চুটি কবিতা সমূহৰ গঠন আৰু সৰলতাই হীৰুদাৰ কবিতা সমূহৰ দৰেই পাঠকৰ অন্তৰ চুবলৈ সক্ষম হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লেখক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে বিমল ডেকাৰ সৈতে থকা দীঘলীয়া সান্নিধ্যৰ কথা বৰ্ণনা কৰি বিমল ডেকাৰ কবিতাৰ এক সম্যক বৰ্ণনা আগবঢ়োৱাৰ লগতে বিমল ডেকাক গদ্য ৰচনাতো হাত দিবলৈ অনুৰোধ জনায়। উল্লেখযোগ্য যে কবি বিমল ডেকাই পানীডোঙাৰ বেঙুনীয়া ফুলবোৰ কবিতা:পুথিখন উৎসৰ্গা কৰিছে “বেলশৰ” গাঁওখনৰ প্ৰতি আৰু অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰীক গাঁৱৰ প্ৰতিনিধি হিচাপে গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে কবি বিমল ডেকাই। বিশিষ্ট অতিথিৰ ভাষণত বিমল‌ ডেকাৰ প্ৰতিভাৰ বিভিন্ন দিশ অৱলোকন কৰাৰ লগতে একেখন গাঁৱ বেলশৰত জন্ম লোৱা ব্যক্তি হিচাপে গাঁও আৰু পৰিয়ালৰ বিষয়েও চমু অৱলোকন আগবঢ়ায়। অনুষ্ঠানত ভাষণ প্ৰসংগত অচ্যুত পাটোৱাৰীয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি ‘প্ৰকাশ’ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে ভাষণ কাব্য সাহিত্যৰ বিভিন্ন ধাৰাৰ আলমত বিমল ডেকাৰ কবিতাপুথি খনৰ এক চমু বিশ্লেষণ আগবঢ়াই। সুলেখক তথা ঘোষক বিজয় শঙ্কৰ শৰ্মাই আঁত ধৰা সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি কবি বিমল ডেকাই কবিতাখিনি ৰচনাৰ ক্ষেত্ৰত জাতীয় কবি আনিছ উজ জামানৰ পৰা উৎসাহ আৰু অনুপ্ৰেৰণা লাভ কৰা বুলি কয় । কবিৰ প্ৰয়াত পিতৃ ৰমেশ চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰচ্ছদ তথা অন্তৰ্ভাগৰ শিল্পী অংকিতা ডেকাই অনুভৱ ব্যক্ত কৰে । অনিন্দিতা ডেকাই গ্ৰন্থখনৰ পৰা তিনিটা কবিতা পাঠ কৰি উপস্থিত সকলোকে আপ্লুত কৰাৰ লগতে অসম জাতীয় বিদ্যালয়ৰ কুঁহি শ্ৰেণীৰ ছাত্ৰ কণমানি শিশু অক্লান্ত বিজয় শৰ্মাই এটি বিষ্ণু ৰাভা গীত পৰিৱেশন কৰি সকলোকে সন্মোহিত কৰে। সমজুৱাৰ ফালৰ পৰা লেখিকা তথা প্ৰশাসনিক বিষয়া ইন্দ্ৰাণী লস্কৰ, প্ৰশাসনিক বিষয়া তথা কবি কমল বৰুৱাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত প্ৰকাশক ববিতা ডেকা, লেখক পুৰন্দৰ পাটগিৰি, লেখক তথা প্ৰযোজক গোপাল জালান, বাৰ্তাপখিলী আলোচনীৰ সম্পাদক ব্ৰজেন্দ্ৰ ডেকাকে ধৰি সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আৰু কাব্যপ্ৰেমী উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.