পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজা আৰম্ভ

আজাৰা , ৩ আগষ্ট : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও ২ আগষ্টৰ পৰা পৰম্পৰাগত পাঁচদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰীমনসা পূজা । ২ আগষ্টৰ দিনা সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপন , দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস , নিশা ৮ বজাত ওজাপালি আৰু ৮.৩০ বজাত দেউধা নাচৰে শ্ৰী শ্ৰী মনসা পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । আনহাতে আজি দ্বিতীয় দিনা নাগ পঞ্চমী উপলক্ষে পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰে মনসা পূজাৰ থলী। আনকি দুপৰীয়া ১ বজাৰ পৰা প্ৰায় ২ বজালৈ এজাক মজলীয়া পৰিমাণৰ বৰষুণ আহে যদিও বৰষুণক নেওচিও হাজাৰ হাজাৰ ভক্তই মনসা দেৱীৰ আশীষ লবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আটাইকেইদিনতে দেওধা নাচ , নাগাৰা নাম , বলিদান , আৰতি , পুজা , হোম , ভোগ বিতৰণ , আয়তীৰ নাম , আৰু সন্ধিয়াৰ পৰা পুৰুষ আৰু মহিলাৰ নাগাৰা নাম , যাত্ৰাভিনয় আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব । ৬ আগষ্ট শেহৰ দিনা পুৱা ৯ বজাৰ পৰা দেৱীৰ পূজা আৰম্ভ, ১১.৩০ বজাত দেৱীৰ চৰণ দৰ্পন, সন্ধিয়া ৭ বজাত কেওটপাৰা ৰাজহুৱা পুখুৰীত প্ৰতিমা বিসৰ্জন , নিশা ৮ বজাত আয়তীৰ নাম আৰু নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। আনহাতে সকলো ঠিকে থাকে থাকিলে ৪ আগষ্টৰ দিনা স্থানীয় বিধায়ক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্দিৰত উপস্থিত হৈ পূজাৰ কাৰ্যসূচীত ভাগ লৈ দেৱীৰ আশীষ গ্ৰহণ কৰাৰ কথা আছে বুলি পূজা পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে।