টপচেম চিমেণ্ট গ্ৰুপ–এ অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়
গুৱাহাটী ৩০ জুলাই : শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ কাষত থিয় দি, টপচেম চিমেণ্ট গ্ৰুপ-এ যোৱা মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানৰ জৰিয়তে কোম্পানীটোৱে অসমৰ জনসাধাৰণৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰবাৰ প্ৰকাশ কৰে।
গুৱাহাটীত গ্ৰুপটোৰ অংশীদাৰ শ্ৰী কৈলাশ লোহিয়া, শ্ৰী ৰাম অৱতাৰ আগৰৱালা, শ্ৰী ৰাহুল লোহিয়া আৰু শ্ৰী অমিত আগৰৱালাই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেকখন প্ৰদান কৰে।
এই অনুদানৰ জড়িয়তে ৰাজ্যমখন বিধস্ত কৰা বিপৰ্য্যায়জনক বানপানীয়ে ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ বাবে অসম চৰকাৰৰ চলি থকা সাহাৰ্য্যৈ পুনৰবাসন আৰু পুনৰউদ্বাৰ প্ৰচেস্টাক সহায়ক হব।
টপচেম চিমেণ্ট গ্ৰুপ এ বিগত কেইবছৰ ধৰি অসম মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ নিয়মীয়াকৈ সহায় আগবঢ়াই আহিছে। বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ কাষত থিয় দি সহায় আগবঢ়োৱাটো গ্ৰুপটোৰ সামাজিক দায়বদ্ধতাৰ এক গুৰুত্বপূৰ্ণ অংশ। অসমত প্ৰতি বছৰে হোৱা বানপানীৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হয়। এনে সময়ত টপচেম চিমেণ্ট -এ প্ৰয়োজনীয় লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহি চৰকাৰৰ মানৱীয় উদ্যোগসমূহৰ সৈতে সহযোগিতা কৰি আহিছে। ৰাজ্যখনৰ জনকল্যাণ, দুৰ্যোগ সাহায্য আৰু সামাজিক-অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত টপচেম চিমেণ্ট গ্ৰুপ -এ আগন্তুক দিনতো নিজৰ সহযোগিতা অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি টপচেম চিমেণ্ট গ্ৰুপ -ৰ প্ৰতিনিধিসকলে পুনৰবাৰ উল্লেখ কৰে যে, সংকটৰ সময়ত কোম্পানীয়ে সদায় অসমৰ জনসাধাৰণৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। লগতে, এক শক্তিশালী আৰু সুৰক্ষিত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত কোম্পানীয়ে নিজৰ অৱদান আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে।
এই অৱদানৰ জৰিয়তে টপচেম চিমেণ্ট গ্ৰুপ -এ পুনৰবাৰ সমাজৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। অসমৰ জনসাধাৰণৰ কল্যাণ, উন্নতি আৰু সুস্থ জীৱনৰ বাবে প্ৰতিষ্ঠানটোৱে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই পদক্ষেপে টপচেম চিমেণ্ট গ্ৰুপ -ৰ সমাজৰ প্ৰতি থকা দায়িত্ববোধ আৰু অসমৰ ৰাইজৰ সেৱাৰ প্ৰতি থকা আন্তৰিক প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত কৰিছে।