কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা,অসমৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী, ১৬ জুন ঃ অসমৰ ভূমিপুত্ৰ কৈৱৰ্ত জনগোষ্ঠীৰ বৌদ্ধিক আৰু সাংস্কৃতিক অনুষ্ঠান কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা অসমে ১৪ জুন তাৰিখে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠানটিৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ।দিহা কণ্ঠ যতীন বৰাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটিত সতী ৰাধিকা,ড০ ভূপেন হাজৰিকা, ড০ ভবেন্দ্ৰ নাথ শইকীয়া, আচাৰ্য ইলাৰাম দাস,প্ৰাণৰ শিল্পী জুবিন গাৰ্গ,কবি জোনমণি দাসৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে অৱসৰী শিক্ষক নৰেশ্বৰ দাস, অনন্ত দাস আৰু অবসৰী শিক্ষয়িত্ৰী দীপ্তি দাসে।প্ৰাক্তন ছাত্ৰ নেতা পৰমানন্দ দাসে উদ্বোধন কৰা সভাখনত কৈৱৰ্ত জনগোষ্ঠীৰ ইতিসাহ,সমাজ আৰু সাংস্কৃতিক দিশৰ অৱলোকন কৰে চিলাপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল দাসে।এই অনুষ্ঠানত সমাজ জীৱনৰ লগতে সাহিত্য আৰু সাংস্কৃতিক দিশত অৱদান আগবঢ়োৱা ছয়গৰাকী ব্যক্তিক বঁটা প্ৰদান কৰাৰ উপৰিও সমাজৰ ভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা দুকুৰিৰো অধিক ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা লগতে এই বৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা সাত গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনোৱা হয় ।এই অনুষ্ঠানত ঢকুৱাখনাৰ বিশিষ্ট সাহিত্যিক ভূধৰ দাসক জীৱনজোৰা সাধনা বঁটা,গৱেষক তথা লেখক লীলাধৰ হাজৰিকাক ড০ ভবেন্দ্ৰনাথ শইকীয়া স্মাৰক বঁটা,মাজুলীৰ লোকসংগীতৰ শিল্পী বিষ্ণু দাসক বনকোঁৱৰ বঁটা,নলবাৰীৰ লেখক গুনেশ্বৰ কৈৱৰ্তক গোকুল দাস সাহিত্য সাধনা বঁটা, অসমৰ বিহু বিষয়ৰ প্ৰথম গ্ৰন্থ প্ৰণেতা ,সমাজ সংগঠক কুলপ্ৰদীপ গণেশ চন্দ্ৰ হাজৰিকা সমাজপ্ৰাণ বঁটা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জন দৰদী চিকিৎসক ডাঃ কানুলাল দাস আৰু সমাজ সংগঠক, শিক্ষাবিদ, নীলকান্ত হাজৰিকা জন হিতৈষী বঁটা কৈৱৰ্ত সন্মিলনী,অসমৰ সভাপতি ডম্বৰুধৰ দাসলৈ আগবঢ়োৱা হয় ।সভাত সন্মানীয় অতিথি হিচাপে শিক্ষাবিদ ড০ জয়ন্ত দাস, ড০ শংকৰ দাস,ড০ হৰেন হাজৰিকা, ড০ সত্যজিৎ দাস, সমাজসেৱক বিপুল হাজৰিকা, ড০ প্ৰমোদ চন্দ্ৰ দাস,যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক বিৰাজ বৰুৱা,সমাজ সংগঠক ৰঞ্জন মহন্ত,মৃদুপৱন দাস, শ’লমৰা খণ্ড প্ৰাথমিক চিকিৎসা বিষয়া ডাঃ ৰঞ্জুমনি পাঠক, ড০ তৃষ্ণাৰাণী দাস, ড০ জয়ন্ত কুমাৰ বৰুৱাকে ধৰি কৈৱৰ্ত জাতীয় ঐক্যমঞ্চৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। এই অনুষ্ঠানত সভাৰ মুখপত্ৰ ৰাধিকা উন্মোচন কৰে গৱেষক লিলাধৰ হাজৰিকাই।কৈৱৰ্ত সাহিত্য আৰু সাংস্কৃতিক সভা, অসমৰ প্ৰধান সম্পাদক জিতুল দাসে আঁত ধৰা সভাখনত বিষ্ণু দাস,চন্দ্ৰ নয়ন দাস,জয়শ্ৰী বৰুৱা,মিনু স্বৰ্ণকাৰে গীত পৰিৱেশন কৰে।