উজনি অসমৰ বান বিধ্বস্ত জিলাৰ শিপিনীক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ দাবী সদৌ অসম হস্ততাঁত সমবায় সন্থাৰ
গুৱাহাটী ,৭ আগষ্ট : ১৯ জুলাইত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা নামি অহা পানীৰ ধলে উজনি অসমৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ , চৰাইদেউ , যোৰহাট আৰু গোলাঘাট জিলাত ভয়াবহ বানপানীৰ সৃষ্টি কৰিছিল। তাৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল শিৱসাগৰ আৰু চৰাইদেউ জিলা দুখন। আনকি বিগত ১৯ দিন ধৰি এতিয়াও স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বেছিভাগ বান বিধ্বস্ত অঞ্চলত। উল্লেখ্য যে বানত এইবেলি কৃষিৰ পাছতেই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত। বানপানীৰ ধলে বহু শিপিনীৰ হেঁপাহৰ তাঁতশালৰ লগতে তাঁতশাল ৰখা ঘৰ পৰ্যন্ত উটুৱাই লৈ গৈছে। যাৰ বাবে বানত সৰ্বস্ব হেৰুৱাই ক্ষতিগ্ৰস্ত শিপিনীসকলক পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ হলে তেওঁলোকক কমেও ৫০ হাজাৰ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবৰ বাবে দাবী জনাইছে সদৌ অসম হস্ততাঁত সমবায় সন্থাই। সন্থাৰ সভাপতি আৰু অসমৰ প্ৰাক্তন হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানিবলৈ দিয়া মতে শিপিনীসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ বাবে আমি সন্থাৰ ফালৰ পৰা চৰকাৰক দাবী জনাইছো। কিয়নো শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত অঞ্চলৰ বেছিভাগ শিপিনীৰে তাঁতশালসহ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰিলে শিপিনীসকলে অন্তত তাঁতশাল এখন কিনিব পাৰিব আৰু ঘৰটো মেৰামতি কৰি তাঁতশালত কাপোৰ বোৱাৰ বাবে উপযোগী কৰি তুলিব পাৰিব। যাৰ বাবে শিপিনীসকলক জীৱন জীৱিকাৰ বৃহত্তৰ স্বাৰ্থত ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবী জনাইছো। কিয়নো দুয়োখন জিলাত কেবা হাজাৰ শিপিনী হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে।