গুৱাহাটীঃ ১৪ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি ই ৰিক্সা আৰু ই অটোৰিক্সা ডিলাৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ সভাপতিত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত যানবাহন পৰিদৰ্শক দেৱাংশু দত্ত, পংকজ কুমাৰ দাস আৰু পূৰ্ণিমা তাছা উপস্থিত থাকে ৷ ই ৰিক্সা আৰু ই অটোৰিক্সা ডিলাৰে মানি চলিবলগীয়া বিভিন্ন নীতি নিৰ্দেশনাসমূহ সঠিকভাৱে প্ৰয়োগ কৰিবলৈ বৈঠকত জিলা পৰিবহণ বিষয়া গৰাকীয়ে সতৰ্ক কৰি দিয়ে। ২০১৫ৰ অসম ই ৰিক্সা আৰু ই কাৰ্ট ৰুলছ আৰু ৪মাৰ্চ ২০১৬ৰ অধিসূচনা অনুসৰি মানি চলিবলগীয়া নীতি নিৰ্দেশনা আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ নীতি নিৰ্দেশনা সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ লগতে নীতি নিৰ্দেশনাসমূহ আগন্তুক দিনত কঠোৰভাৱে বলবৎ কৰাৰ বাবে ডিলাৰ কতৃপক্ষক সকীয়াই দিয়া হয় ৷ তদুপৰি কোনো মালিকে ই ৰিক্সা বিক্ৰী কৰিবলগীয়া হ’লে কিনোতাজনে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ অধীনত ই ৰিক্সা চলোৱাৰ সকলো নিৰ্দেশনা মানি চলিম বুলি এখন শপতনামা (এফিডেফিট)ৰ লগতে চালকৰ ই ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ দাখিল কৰিব লাগিব। সকলো ই ৰিক্সা আৰু ই অটোৰিস্কাৰ চালকৰ হাতত বাহন চালনাৰ অনুজ্ঞাপত্ৰ থকাটো জৰুৰী বুলিও বৈঠকত উল্লেখ কৰি এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ডিলাৰ সমূহক নিৰ্দেশনা দিয়ে পৰিবহণ বিষয়া গৌতম দাসে ৷ ইফালে যানবাহন বিধি সম্পূৰ্ণৰূপে মানি চলি মহানগৰ জিলাখনত সুৰক্ষিত আৰু সূচল যাতায়াত ব্যৱস্থা বাহাল ৰখাত পৰিবহণ বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হয় ।
Leave a Reply