বি বৰুৱা কলেজত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্মিলনৰ সামৰণি

গুৱাহাটী, ৫ নৱেম্বৰ : গুৱাহাটীৰ বি বৰুৱা কলেজৰ (স্বায়ত্তশাসিত) ৰসায়ন বিজ্ঞান বিভাগৰ উদ্যোগত ২ আৰু ৩ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘আধুনিক বহনক্ষম বিজ্ঞানৰ অগ্ৰগতি আৰু প্ৰত্যাহ্বান’ (PCMDSS-2026) শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। দেশ-বিদেশৰ বিজ্ঞানী, গৱেষক, শিক্ষাবিদ আৰু উদ্যোগ জগতৰ বিশেষজ্ঞসকলৰ অংশগ্ৰহণেৰে সন্মিলনখন সফলতাৰে সম্পন্ন হয়।
অনুসন্ধান নেচনেল ৰিছাৰ্চ ফাউণ্ডেশ্যন (ANRF), ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰী (RSC) আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত আয়োজিত এই সন্মিলনে বিজ্ঞানৰ নিত্যনতুন অগ্ৰগতি, পৰিৱেশ সংক্ৰান্তীয় প্ৰত্যাহ্বান আৰু বহনক্ষম প্ৰযুক্তিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।
সন্মিলনখনত বিশ্বৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়, যুক্তৰাজ্যৰ কেমব্ৰিজ বিশ্ববিদ্যালয়, ছুইডেনৰ উপছালা বিশ্ববিদ্যালয়, জাৰ্মানীৰ মেক্স প্লাংক ইনষ্টিটিউট ফৰ কেমিকেল এনাৰ্জি কনভাৰ্ছন, ফ্ৰান্সৰ তুলুজ বিশ্ববিদ্যালয় আৰু এক্স-মাৰ্চেই বিশ্ববিদ্যালয়, যুক্তৰাজ্যৰ লিংকন বিশ্ববিদ্যালয় তথা শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয় উল্লেখযোগ্য।
ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত দিল্লী বিশ্ববিদ্যালয়, আইআইএছইআৰ কলকাতা, আইআইটি গুৱাহাটী, আইআইটি ৰুৰকী, আইআইটি পাটনা, আইআইটি হায়দৰাবাদ, আইআইটি ইন্দোৰ, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, মিজোৰাম বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি দেশৰ আন কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ গৱেষকসকলে সন্মিলনৰ আলোচনা-বিলোচনাত অংশ লয়।
দুদিনীয়া সন্মিলনখনত নৱীকৰণযোগ্য শক্তি, সেউজ ৰসায়ন, বৰ্জ্য ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন, জৈৱ পদাৰ্থ আৰু বহনক্ষম বিজ্ঞানৰ আন বিভিন্ন উদীয়মান বিষয় সামৰি মুঠ ১৩খন কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়।
সন্মিলনত মুঠ ২৬টা আমন্ত্ৰিত বক্তৃতা, ৪০টা চমু আমন্ত্ৰিত বক্তৃতা, ৪০টা মৌখিক গৱেষণা উপস্থাপন আৰু ৩৮টা পোষ্টাৰ উপস্থাপন অনুষ্ঠিত হয়। এই উপস্থাপনসমূহত পৰিৱেশ আৰু উদ্যোগ খণ্ডৰ বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্ৰত চলি থকা বৈজ্ঞানিক গৱেষণা তথা নতুন উদ্ভাৱনৰ সম্ভাৱ্য ব্যৱহাৰিক প্ৰয়োগৰ ওপৰত আলোকপাত কৰা হয়।
যুৱ গৱেষক আৰু শিক্ষাৰ্থীসকলক বহনক্ষম বিজ্ঞানৰ ক্ষেত্ৰত অভিনৱ গৱেষণাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে ৰয়েল ছ’চাইটি অৱ কেমিষ্ট্ৰীৰ পৃষ্ঠপোষকতাত শ্ৰেষ্ঠ তিনিটা মৌখিক আৰু পোষ্টাৰ উপস্থাপনৰ বাবে বঁটা প্ৰদান কৰা হয়।
২ নৱেম্বৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডাঃ অৰূপ কুমাৰ মিশ্ৰৰ মুখ্য অতিথি হিচাপে উপস্থিতিত সন্মিলনখনৰ উদ্বোধন কৰা হয়।
উদ্বোধনী অনুষ্ঠানত বি বৰুৱা কলেজৰ অধ্যক্ষ ডাঃ সত্যেন্দ্ৰ নাথ বৰ্মনে দেশ-বিদেশৰ পৰা অহা প্ৰতিনিধিসকলক আদৰণি জনায়। আনহাতে, ডাঃ বিজয় এছ গোস্বামীয়ে সন্মিলনৰ মূল বিষয়বস্তু আৰু সাম্প্ৰতিক বৈজ্ঞানিক প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে অৱগত কৰে।
উদ্বোধনী অধিৱেশনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উৎকৰ্ষ অধ্যাপক তথা এএনআৰএফৰ পি এম ফেল’ অধ্যাপক বি এন গোসাঁই আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক উইলিয়াম জ’নছে মূল বক্তৃতা প্ৰদান কৰে। দুয়োগৰাকী বক্তাই বৈজ্ঞানিক গৱেষণা, প্ৰযুক্তিগত উদ্ভাৱন আৰু বহনক্ষম সমাধানসমূহৰ ব্যৱহাৰিক প্ৰয়োগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
সন্মিলনৰ প্ৰথম দিনা উত্তৰ-পূব ভাৰতৰ চহকী পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যক তুলি ধৰি এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।
৩ নৱেম্বৰত সন্মিলনৰ আহ্বায়ক ডাঃ প্ৰদ্যুম্ন মজুমদাৰৰ ভাষণেৰে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।
সামৰণি ভাষণত ডাঃ প্ৰদ্যুম্ন মজুমদাৰে সন্মিলনখন সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সংস্থাসমূহ, অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠান, আমন্ত্ৰিত বক্তা, গৱেষক আৰু প্ৰতিনিধিসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ অঞ্চলটোত বৈজ্ঞানিক গৱেষণা, শৈক্ষিক সহযোগিতা আৰু বহনক্ষম বিজ্ঞানৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বি বৰুৱা কলেজৰ দায়বদ্ধতাৰ কথা পুনৰ দোহাৰে।
এই সন্মিলনে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৱেষণামূলক সহযোগিতা, বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত অংশীদাৰিত্ব, যৌথ গৱেষণা উদ্যোগ আৰু ফেল’শ্বিপৰ নতুন সম্ভাৱনাৰো বাট মুকলি কৰে।