জি এছ এম এ -ৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত গোপাল ভিট্টলৰাল্ফ মুপিটা আৰু মাৰ্গাৰিটা ডেলা ভালে ২০২৮ চনৰ ডিচেম্বৰলৈকে সহ-উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব

0


গুৱাহাটী, ৩ নৱেম্বৰ, ২০২৬: জি এছ এম এ (GSMA) -ৰ পৰিচালনা ব’ৰ্ডে ২০২৭-২০২৮ বৰ্ষৰ কাৰ্যকালৰ বাবে গোপাল ভিট্টলক পুনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ২০২৮ চনৰ ডিচেম্বৰলৈকে এই দায়িত্বত বাহাল থাকিব। ভাৰতী এয়াৰটেলৰ কাৰ্যবাহী উপাধ্যক্ষ ভিট্টলে বিগত ১০ বছৰ ধৰি জি এছ এম এ -ৰ ব’ৰ্ডৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২৫ চনৰ পৰা তেওঁ সংস্থাটোৰ অধ্যক্ষৰ দায়িত্বত আছে।
ইফালে, ব’ৰ্ডে MTN Group-ৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাল্ফ মুপিটাক পুনৰ সহ-উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ লগতে ভোডাফোন গ্ৰুপ–ৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্গাৰিটা ডেলা ভালেকো সহ-উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে।
পুনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ভিট্টলে টেলিকম উদ্যোগৰ বাবে গ্ৰাহকৰ সুৰক্ষা, উন্নত নেটৱৰ্ক ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু মুক্ত ডিজিটেল প্লেটফৰ্মৰ বিকাশক প্ৰধান অগ্ৰাধিকাৰ হিচাপে উল্লেখ কৰে। তেওঁ উদীয়মান প্ৰযুক্তিগত ভাবুকি আৰু প্ৰৱঞ্চনাৰ পৰা গ্ৰাহক তথা দেশসমূহক সুৰক্ষিত ৰখাৰ লগতে প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে নিৰন্তৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ভিট্টলে ভাৰতী এয়াৰটেলৰ ডিজিটেল সেৱা, প্ৰযুক্তি, নেটৱৰ্ক কৌশল, ক্ৰয় আৰু মানৱ সম্পদকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ কৌশলগত পৰিকল্পনা আৰু কাৰ্যকলাপৰ তদাৰক কৰে। তেওঁৰ নেতৃত্বত মোবাইল, হোম ব্ৰডবেণ্ড, B2B আৰু ডিজিটেল সেৱাৰ ক্ষেত্ৰত এয়াৰটেলে নিজৰ ব্যৱসায়িক স্থিতি অধিক শক্তিশালী কৰিবলৈ সক্ষম হৈছে।
২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা MTN Group-ৰ নেতৃত্ব বহন কৰি অহা ৰাল্ফ মুপিটাই আফ্ৰিকাত সংযোগ ব্যৱস্থা, ফিনটেক আৰু ডিজিটেল আন্তঃগাঁথনিৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি গ্ৰুপটোৰ ‘Ambition 2030’ কৌশল ৰূপায়ণ কৰি আহিছে। তেওঁ ২০২৫ চনৰ এপ্ৰিলৰ পৰা জি এছ এম এ -ৰ সহ-উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
আনহাতে, মাৰ্গাৰিটা ডেলা ভালে ২০২৩ চনৰ জানুৱাৰী মাহত Vodafone Group-ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ ২০১৮ চনৰ পৰা গ্ৰুপটোৰ মুখ্য বিত্তীয় বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ নেতৃত্বত ভোডাফোন গ্ৰুপ -এ ব্যৱসায়িক কাৰ্যকলাপ অধিক সৰল আৰু শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে।

Leave A Reply

Your email address will not be published.