প্ৰচাৰবিমুখ শিল্পী জয়মতী হাজৰিকাৰ কাষত সাংস্কৃতিক সাংবাদিক সন্থা, অসম

২২ আগষ্টঃ পলাশবাৰী মিৰ্জাৰ বাসন্তী মন্দিৰ সমীপৱৰ্তী মনপুৰত আজি এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু নাগাৰা নামৰ শিল্পী জয়মতী হাজৰিকাৰ কাষত উপস্থিত হয় ‘সাংস্কৃতিক সাংবাদিক, অসম’ৰ এটা প্ৰতিনিধি দল। শিল্পীগৰাকীৰ বৰ্তমানৰ জীৱন-সংগ্ৰামৰ বিষয়ে বুজ লোৱাৰ লগতে তেওঁৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে প্ৰতিনিধি দলটোৱে পোনপটীয়াকৈ অৱগত হয়। সুদীৰ্ঘ কাল লোকসংস্কৃতিৰ সৈতে জড়িত হৈ থকা জয়মতী হাজৰিকাই এসময়ত নিজৰ কণ্ঠ আৰু শিল্পীসত্ত্বাৰে দৰ্শক-শ্ৰোতাক মুগ্ধ কৰিছিল। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ উপৰি দক্ষিণ কামৰূপৰ বিভিন্ন ভ্ৰাম্যমাণ মঞ্চত সংগীত পৰিৱেশন কৰা জয়মতী হাজৰিকাৰ শাস্ত্ৰীয় সংগীতৰো প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী। শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে পোহৰলৈ অহা শিল্পীগৰাকীৰ কণ্ঠ আজিও সজীৱ।কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিল্পীগৰাকীৰ জীৱনলৈ নামি আহিছে গভীৰ অনিশ্চয়তা। বৰ্তমান মিৰ্জাৰ মনপুৰত বাস কৰা জয়মতী হাজৰিকাৰ জীৱন অত্যন্ত কষ্টকৰ হৈ পৰিছে। আনকি তেওঁৰ হাতত প্ৰয়োজনীয় নথি-পত্ৰও পৰ্যাপ্তভাৱে নথকাৰ বাবে চৰকাৰী আঁচনি আৰু শিল্পী পেঞ্চনৰ দৰে সুবিধা লাভ কৰাত সমস্যাৰ সৃষ্টি হৈছে। এই পৰিস্থিতিৰ বিষয়ে অৱগত হৈ ‘সাংস্কৃতিক সাংবাদিক, অসম’ৰ সাংগঠিক সম্পাদক হেমন্ত শৰ্মা আৰু সহযোগী সম্পাদক গোপাল জালানে ব্যক্তিগতভাৱে শিল্পীগৰাকীক কিছু খাদ্য-সামগ্ৰী, বাচন-বৰ্তন, কাপোৰ-কানি আদি প্ৰয়োজনীয় সামগ্ৰী আগবঢ়োৱাৰ লগতে কিছু আৰ্থিক সহায়ো আগবঢ়ায়। তদুপৰি, শিল্পীগৰাকীয়ে যাতে শিল্পী পেঞ্চন তথা অৰুণোদয় আঁচনি আদি চৰকাৰৰ পৰা প্ৰাপ্য অন্যান্য সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰাৰ বাবেও দায়িত্ব গ্ৰহণ সাংবাদিকদ্বয়ে। আনহাতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰি জয়মতী হাজৰিকাৰ দৰে প্ৰচাৰবিমুখ শিল্পীয়ে যাতে সহজতে শিল্পী পেঞ্চন লাভ কৰিব পাৰে, সেই বিষয়টোও সন্থাৰ তৰফৰ পৰা আগবঢ়াই নিয়াৰ উদ্যোগ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি সাংবাদিক হেমন্ত শৰ্মাই কয় যে অসমৰ বহু শিল্পীয়ে জীৱনৰ মূল্যৱান সময়খিনি সংগীত, নাট্য, লোকসংস্কৃতি আৰু ভ্ৰাম্যমাণ মঞ্চৰ জৰিয়তে সমাজক সমৃদ্ধ কৰাৰ পাছতো জীৱনৰ শেষ সময়ছোৱাত যথোচিত মৰ্যাদা আৰু সহায়ৰ পৰা বঞ্চিত হৈ আছে। এনে শিল্পীসকলক কেৱল বিশেষ দিনত স্মৰণ কৰাই যথেষ্ট নহয়, তেওঁলোকৰ জীৱিত অৱস্থাতে কাষত থিয় দিয়াটো সমাজ আৰু সংবাদ মাধ্যমৰ দায়িত্ব। অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাই সাংবাদিক গোপাল জালানে জয়মতী হাজৰিকাৰ দৰে এসময়ৰ শিল্পীসকলক কৰুণাৰ পাত্ৰ হিচাপে নহয়, অসমৰ সাংস্কৃতিক ঐতিহ্যৰ বাহক হিচাপে চাব লাগে বুলি মন্তব্য কৰি সমাজৰ সামৰ্থ্যৱান ব্যক্তি, সাংস্কৃতিক সংগঠন আৰু চৰকাৰী বিভাগসমূহে এনে শিল্পীসকলক বিচাৰি উলিয়াই তেওঁলোকৰ প্ৰাপ্য সন্মান, মৰ্যাদা আৰু চৰকাৰী সুবিধা লাভৰ পথ প্ৰশস্ত কৰাত আগভাগ ল’বলৈ আহ্বান জনায়।