উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানসম্পন্ন ডায়েলাইচিছ সেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে ‘আৰ আৰ চি – এন ই’-ৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক কৰ্মশালা

গুৱাহাটী, ২০ আগষ্ট: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ডায়েলাইচিছ সেৱাৰ গুণগত মান বৃদ্ধি, নিৰৱচ্ছিন্ন সেৱা আৰু চিকিৎসাৰ ফলাফল অধিক উন্নত কৰাৰ লক্ষ্যৰে ৰিজ’নেল ৰিছ’ৰ্চ চেণ্টাৰ ফ’ৰ দ্য নৰ্থ-ইষ্টাৰ্ণ ষ্টেটছ (আৰ আৰ চি – এন ই)-এ ১৮ আৰু ১৯ আগষ্টত গুৱাহাটীত “সুবিধা প্ৰাপ্তিৰ পৰা ফলাফললৈ : নিৰৱচ্ছিন্ন সেৱাৰ দৃষ্টিভংগী” শীৰ্ষক দুদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক কৰ্মশালা অনুষ্ঠিত কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ স্বাস্থ্য বিশেষজ্ঞ, চৰকাৰী বিষয়া, কাৰ্যসূচী পৰিচালক আৰু ডায়েলাইচিছ সেৱা প্ৰদানকাৰীসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালাত দীৰ্ঘম্যাদী বৃক্কজনিত ৰোগ (চি কে ডি)-ত আক্ৰান্ত ৰোগীসকলৰ বাবে ডায়েলাইচিছ সেৱাৰ মান উন্নত কৰা, চিকিৎসাৰ ধাৰাবাহিকতা নিশ্চিত কৰা আৰু ৰোগীৰ স্বাস্থ্য সেৱাৰ ফলাফল অধিক উন্নত কৰাৰ বিভিন্ন দিশত বিস্তৃতভাৱে আলোচনা কৰা হয়।
ৰিজ’নেল ৰিছ’ৰ্চ চেণ্টাৰ ফ’ৰ দ্য নৰ্থ-ইষ্টাৰ্ণ ষ্টেটছ (আৰ আৰ চি – এন ই)-ৰ সঞ্চালক ডা: ৰাজ প্ৰভা মোক্তানে কৰ্মশালাত যোগদান কৰা প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই কৰ্মশালাখনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে অৱগত কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ডায়েলাইচিছ সেৱা অধিক শক্তিশালী কৰাৰ লগতে ৰোগীসকলৰ বাবে যত্নৰ গুণগত মান আৰু চিকিৎসাৰ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰতো তেখেতে বিশেষভাৱে গুৰুত্ব দিয়ে।
নেশ্যনেল হেল্থ ছিষ্টেমছ ৰিছ’ৰ্চ চেণ্টাৰ (এন এইচ এছ আৰ চি)-ৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ডা:) প্ৰজ্ঞা শৰ্মাই উল্লেখ কৰে যে এই সহযোগিতামূলক কৰ্মশালাখনে দীৰ্ঘম্যাদী বৃক্কজনিত ৰোগ (চি কে ডি)-ৰ ক্ৰমবৰ্ধমান প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলত ডায়েলাইচিছ সেৱা অধিক সুদৃঢ় আৰু সম্প্ৰসাৰণ কৰাতো এই পদক্ষেপে যথেষ্ট সহায় কৰিব। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত ডায়েলাইচিছ সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ কৰাৰ লগতে বৰ্তমানৰ সেৱা ব্যৱস্থা অধিক শক্তিশালী আৰু ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰতো এই কৰ্মশালাখন সহায়ক হ’ব বুলি তেখেতে উল্লেখ কৰে আৰু সেয়া নিশ্চিত কৰাৰ বাবে বিভিন্ন অংশীদাৰৰ মাজত সমন্বিত দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে।
এন এইচ এছ আৰ চি-ৰ এইচ চি টি বিভাগৰ উপদেষ্টা ডা: ৰঞ্জন কুমাৰ চৌধুৰীয়ে উদ্বোধনী ভাষণ আগবঢ়াই কৰ্মশালাখনৰ উদ্দেশ্য আৰু প্ৰাসংগিকতা স্পষ্ট কৰে। তেখেতে বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে ডায়েলাইচিছ সেৱাৰ ক্ষেত্ৰত ইয়াৰ গুণগত মান, ধাৰাবাহিকতা আৰু ৰোগীকেন্দ্ৰিক উন্নত ফলাফল নিশ্চিত কৰাৰ বিষয়ত গুৰুত্ব দিয়ে।
২০০০ চনৰ পৰা ২০২৩ চনলৈ ভাৰতৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দীৰ্ঘম্যাদী বৃক্কজনিত ৰোগত আক্ৰান্ত ৰোগীৰ আনুমানিক সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ২০২৩ চনত সৰ্বাধিক সংখ্যক এই ৰোগীৰ বোজা অসমত পৰিলক্ষিত হয় (প্ৰায় ২.৯২ মিলিয়ন), তাৰপিছতে ত্ৰিপুৰাত (প্ৰায় ০.৩৮ মিলিয়ন) আৰু মণিপুৰত (প্ৰায় ০.৩১ মিলিয়ন) পৰিলক্ষিত হয়। আপেক্ষিকভাৱে এই বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত মণিপুৰত সৰ্বাধিক ১২২.৪% বৃদ্ধি পোৱাৰ বিপৰীতে ছিকিম আৰু মিজোৰামত প্ৰায় ১০৪.৬%, মেঘালয়ত ১০৩.৪%, অৰুণাচল প্ৰদেশত ৯৭.৩%, অসমত ৭৮.১%, ত্ৰিপুৰাত ৭১.৬% আৰু নাগালেণ্ডত ৩০.৩% বৃদ্ধি পোৱা দেখা যায়। উত্তৰ-পূৰ্বাঞ্চলত এই ৰোগৰ বৃদ্ধি পোৱা প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্তকৰণ, বিপদজনক কাৰকসমূহৰ পৰীক্ষা, সময়মতে ৰোগীৰ বাবে প্ৰয়োজন হোৱা স্থানান্তৰ ব্যৱস্থা, ৰোগৰ উপযুক্ত ব্যৱস্থাপনা আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচীৰ অধীনৰ ডায়েলাইচিছ সেৱাৰ সৈতে ৰোগীসকলক সংযুক্ত কৰাৰ ব্যৱস্থা অধিক শক্তিশালী কৰাটো অতি জৰুৰী হৈ পৰিছে।
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱা সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ যুটীয়া সঞ্চালক ডা: নৱীন বাৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নেফ্ৰ’লজী বিভাগৰ মুৰব্বী অধ্যাপক (ডা:) প্ৰদীপ কুমাৰ দলে, অধ্যাপক (ডা:) মঞ্জুৰী শৰ্মা, ডা: গায়ত্ৰী পেগু আৰু আৰ আৰ চি – এন ই-ৰ শ্ৰী ভাস্বত কুমাৰ দাসে পৰামৰ্শমূলক কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।
বিশেষজ্ঞসকলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত দীৰ্ঘম্যাদী বৃক্কজনিত ৰোগৰ বৃদ্ধি পোৱা প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ৰোগটো প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্তকৰণ, সময়মতে চিকিৎসা আৰু নিয়মীয়া পৰ্যবেক্ষণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। এনে ব্যৱস্থাই জটিল পৰ্যায়ৰ বৃক্কজনিত ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব বুলি তেওঁলোকে উল্লেখ কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ অসংক্ৰামক ৰোগ, প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ কাৰ্যসূচী, নেশ্যনেল কোৱালিটী এছ্যুৰেন্স ষ্টেণ্ডাৰছ (এন কিউ এ এছ) আৰু কম্প্ৰিহেনছিভ প্ৰাইমেৰী হেল্থ কেয়াৰ (চি পি এইচ চি)-ৰ ৰাজ্যিক ন’ডেল বিষয়াসকলে কৰ্মশালাখনত অংশগ্ৰহণ কৰে।
ইয়াৰ উপৰি, এপ’ল’ ডায়েলাইচিছ ক্লিনিকছ, এচকাগ সঞ্জীৱনী আৰু হান্স ফাউণ্ডেচনকে ধৰি ব্যক্তিগত ডায়েলাইচিছ সেৱাৰ অংশীদাৰসকলৰ প্ৰতিনিধিসকলেও কৰ্মশালাখনত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা আৰু দৃষ্টিভংগীৰ বিষয়ে কয়।
কৰ্মশালাখনে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু বিভিন্ন অংশীদাৰৰ মাজত অভিজ্ঞতা বিনিময়, সেৱাৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহ চিনাক্তকৰণ আৰু সমগ্ৰ অঞ্চলটোত ডায়েলাইচিছ সেৱাৰ গুণগত মান, সহজলভ্যতা আৰু ধাৰাবাহিকতা উন্নত কৰাৰ বাবে ব্যৱহাৰিক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভূমিকা পালন কৰে।
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কৰ্মশালাৰ সামৰণিত ডায়েলাইচিছৰ প্ৰয়োজনীয়তা থকা ৰোগীসকলে যাতে সহজলভ্য, নিৰাপদ, সময়োচিত আৰু গুণগত মানসম্পন্ন সেৱা লাভ কৰে, সেয়া নিশ্চিত কৰাৰ বাবে দীৰ্ঘম্যাদী সহযোগিতা, নিৰন্তৰ গুণগত মান উন্নয়ন আৰু ফলাফলকেন্দ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হয়।