0

অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন

আজাৰা ,১০ আগষ্ট : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান ‘অন্বেষ গোষ্ঠী’ৰ ১১০ সংখ্যক বৈঠকখন ৯ আগষ্টত গোষ্ঠীৰ নিজা কাৰ্যালয়ত অনুস্থিত হৈ যায় ৷ উল্লেখযোগ্য যে অসমৰ সাহিত্য সংস্ক্‌তি জগতৰ উত্তৰণত এক উল্লেখযোগ্য ভুমিকা লৈ অহা অন্বেষ গোষ্ঠীয়ে বিগত ২০১৬ চনৰে পৰা আলোচনী প্ৰকাশকে ধৰি বিভিন্ন সাহিত্য সংস্ক্‌তিমুলক কামকাজত আগভাগ লৈ আহিছে। গোষ্ঠীৰ স্থায়ী সভাপতি ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত সম্পাদক পৰীক্ষিত হালৈয়ে উপস্থিত সমুহ সদস্যকে সাদৰ সম্ভাষন জনাই বৈঠকৰ উদ্দেশ্য বাখ্যা কৰে ৷ সহকাৰী সম্পাদক অতুল কলিতাই আদৰণি ভাষণৰ লগতে বিগত ১০৯ সংখ্যক বৈঠকৰ কাৰ্য বিবৰণী পাঠ কৰে ৷ বিভিন্ন বাৰেবৰণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বৈঠকখনত অন্বেষৰ গোষ্ঠীৰ সদস্যসকলে কবিতা , গীত আদি পৰিবেশন কৰে ৷ বৈঠকত সাম্প্ৰতিক সময়ত উজনি অসমত বিভীষিকাৰ স্‌ষ্টি কৰা বানপানীৰ ভয়াবহতা সম্পৰ্কে বিশদভাবে আলোচনা কৰা হয় ৷ ইয়াৰ লগতে অন্বেষ গোষ্ঠীৰ তৰফৰ পৰা বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায় সাহায্য আগবঢ়োৱাৰ বিষয়েও আলোচনা কৰা হয় ৷ এই সম্পৰ্কত জগদীশ গোশ্বামী , ডঃ মীৰা ৰাণী কলিতা , ভানু পাঠক , চন্দন কলিতা , জোৎস্না মালাকাৰ , মহেশ্বৰ লহকৰ আদি বিভিন্ন বক্তাই মতামত আগবঢ়ায় ৷ অন্বেষ গীতেৰে আৰম্ভ কৰা ১১০ সংখ্যক বৈঠকখন সভাপতিৰ ভাষণৰ পিছতে জাতীয় সংগীত পৰিবেশন কৰি সামৰণি ঘোষনা কৰা হয় ৷

Leave A Reply

Your email address will not be published.