ৰুক্মিণীনগৰত স্বাধীনতা দিৱসত কুইজ প্ৰতিযোগিতা
গুৱাহাটী, ১১ আগষ্ট: বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত ১৫ আগষ্টত দিনৰ ১১ বজাৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে দুখনকৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এই প্ৰতিযোগিতা ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।
ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান সম্পৰ্কে জ্ঞান আৰু সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। সপ্তম শ্ৰেণীলৈ লিখিত কুইজ আৰু আনখন দশম শ্ৰেণীলৈ মুকলি থাকিব৷ পৰিচালনা কৰিব দৈনিক অসমৰ উপ সম্পাদক, কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে৷
প্ৰতিযোগিতাত স্থানপ্ৰাপকসকলক নগদ ধন, বঁটা, প্ৰমাণ-পত্ৰ আৰু অন্যান্য উপহাৰেৰে পুৰস্কৃত কৰা হ’ব৷ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাৰ বিষয়ে বিশদ জানিবলৈ 9365320366, 7002781163 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব৷