শিৱসাগৰত অহৰ্নিশে বানাক্ৰান্তৰ কাষত উদ্যোগ মন্ত্রী বিমল বড়া

0

গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, প্ৰাচ্য ভিত্তিক কাৰ্য নীতি ইত্যাদি বিভাগৰ মন্ত্রী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াই যোৱা ১৯জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বানাক্ৰান্ত শিৱসাগৰ জিলাৰ দূৰ্দশাগ্ৰস্ত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য আদি কাৰ্যৰ তদাৰক কৰি আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা সতীৰ্থ মন্ত্রী কেশৱ মহন্ত, পিযুষ হাজৰিকা, সুশান্ত বৰগোহাঞিৰ সৈতে কালিও জিলাখনৰ বানাক্ৰান্ত পাণবেচা অঞ্চললৈ গৈ পৰিস্থিতিৰ বুজ লয়। ৰাজ্যিক দুৰ্যোগ প্ৰসমন বাহিনীৰ ৰবৰ নাৱেৰে শিৱসাগৰ নগৰৰ সমীপৰ পাণবেচাত উপস্থিত হৈ বানত দূৰ্দশাগ্ৰস্ত জনসাধাৰণৰ সৈতে মন্ত্রী বড়াই কথা বতৰা পাতে আৰু চৰকাৰী সাহায্য অভিযানৰ বুজ লয়। উল্লেখ্য যে এতিয়াও এই অঞ্চলৰ লোক সকলৰ ঘৰ দুৱাৰ এআঠুৰ পৰা একাকাল পৰ্যন্ত পানীৰ তলত আছে। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০শৰ্মাৰ সৈতে শিৱসাগৰ নগৰৰ মাজ মজিয়াত থকা ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়লৈ গৈ বান কবলিত বিদ্যালয়খনত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে শিৱসাগৰ নগৰৰ বহু অঞ্চলত এতিয়াও পানী শুকুওৱা নায়।জমা হৈ থকা পানী পাম্পেৰে উলিয়াই দ ঠাইত পেলোৱাৰ বাবে প্ৰশাসনৰ তত্ত্বাবধানত প্ৰচেষ্টা চলাই থকা হৈছে। মন্ত্রী বিমল বড়াই বিগত১৮দিন ধৰি জিলাখনত বাহৰ পাতি অহৰ্নিশে জিলাখনৰ বানাক্ৰান্ত নাজিৰা, বিহুবৰ , চন্তক আদি অঞ্চলত দুৰ্গত লোক সকলৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে।

Leave A Reply

Your email address will not be published.