“নিৰ্বাক”ৰ ১৭ দিনীয়া মূকাভিনয় কৰ্মশালাৰ সামৰণি

0

গুৱাহাটী, ৩ আগষ্ট : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়, অসম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাক গোষ্ঠীৰ সহযোগত আয়োজিত ১৭ দিনীয়া মুকাভিনয় (মাইম) কৰ্মশালাৰ কালি সফল সামৰণি পৰে। কৰ্মশালাত ৪০ৰ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি মূকাভিনয়ৰ মৌলিক কৌশল, শৰীৰৰ ভাষা, কল্পনাশক্তিৰ ব্যৱহাৰ, সামাজিক বাৰ্তা প্ৰেৰণৰ কৌশল আদি বিষয়ত প্ৰশিক্ষণ লাভ কৰে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষণ লাভ কৰা ছাত্ৰ ছাত্ৰী সকলে স্বচ্ছতা, মোবাইল আসক্তি,গছ থাকিলেহে মানুহ থাকিব আদি সজাগতামূলক বিষয়ত মুকাভিনয় প্রদর্শন কৰাৰ পিছতেই সকলো শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ মুকাভিনয় প্ৰতিভাৰ শলাগ লয়। তেওঁ মুকাভিনয়ৰ দৰে সৃষ্টিশীল কলাই শিশুসকলৰ আত্মবিশ্বাস, সৃজনশীলতা আৰু ব্যক্তিত্ব বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে আৰু টীম নিৰ্বাকৰ এই প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ লগতে সাংস্কৃতিক উন্নয়ন বিষয়া ৰাজীৱ কৈৰি , কৰ্মশালাৰ পৰ্যবেক্ষক ৰঞ্জন ভট্টাচাৰ্য্য, কম ভৰালী , যুৱ নাট্য কৰ্মী হিমাংশু শৰ্মা , আৰ্য বিদ্যাপীঠৰ প্ৰধান শিক্ষক চামছুদ্দিন আহমেদ আদি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ প্ৰদৰ্শনৰ ভূয়সী প্ৰসংশা কৰে। কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক আছিল ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ফেল’শ্বিপ প্ৰাপক তথা NEZCCৰ যুৱ শিল্পী বঁটা প্ৰাপ্ত মূকাভিনয় শিল্পী মিনাংক ডেকা। লগতে দিনাংক কলিতা, মৃন্ময় শৰ্মা আৰু পৰাগ ডেকাই সহযোগী প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰে। এই কৰ্মশালাত অতিথি প্ৰশিক্ষক হিচাপে মইনুল হক, ধীৰাজ হাওলাদাৰ( কলকাতা), জীৱন অধিকাৰী (কলকাতা), আৰু জয়ন্ত দাসে (কলকাতা), অংশগ্ৰহণ কৰে। অনুষ্ঠানত টীম নিৰ্বাকে আগন্তুক দিনতো শিশুসকলৰ মাজত মূকাভিনয় আৰু সৃষ্টিশীল কলাচৰ্চা বিস্তাৰৰ বাবে চৰকাৰৰ এনে কাৰ্যসূচীত সহযোগিতা আগবঢ়াব বুলি জনায়।

Leave A Reply

Your email address will not be published.