যুক্তৰাজ্য অসম সাহিত্য সভাৰ সাহিত্য দিৱসত অধ্যাপিকা নীলিমাভাগৱতীনিজৰ ৰাজ্য, ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান

গুৱাহাটী, ২৪ জুলাই: গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা নীলিমা ভাগৱতীয়ে যুক্তৰাজ্যৰ নিউ কাচেল চহৰত নৰ্থ চিল্ডত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সম্মিলনৰ লগতে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৮ সংখ্যক সাহিত্য দিৱসতো অতিথি বক্তা হিচাপে অংশগ্ৰহণ কৰে। যুক্তৰাজ্য অসম সাহিত্য সভা চমুকৈ এএছএছইউকেৰ সভানেত্রী গীতা বৰুৱাই পতকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা সাহিত্য দিৱসৰ অনুষ্ঠানৰ আঁতধৰে সম্পাদিকা জাহ্নবী গগৈয়ে। এই অনুষ্ঠানত প্ৰৱাসী অসমীয়াসকলে শিক্ষা আৰু গৱেষনাৰ ক্ষেত্রখনলৈ অৱদান আগবঢ়াই ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা অধ্যাপিকা নীলিমা ভাগৱতীক সম্বর্ধনা জনায়। অনুষ্ঠানত ভাষণ দি অধ্যাপিকাগৰাকীয়ে অসমৰ বিকাশৰ বাবে ৰূপৰেখা প্রস্তুতত গুৰুত্ব দিয়ে। অসমীয়া ভাষা-সংস্কৃতি-পৰম্পৰা যাতে বিদেশতো অক্ষুণ্ণ থাকে তাৰ বাবে যুক্তৰাজ্যত থকা অসমীয়াসকলে কৰি অহা কাম-কাজৰো তেওঁ শলাগ লয়। বিদেশৰ বুকুত সন্তানক মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰাবলৈ, অসমীয়া ভাষা-সংস্কৃতিৰ ৰক্ষাৰ বাবে কাম কৰিবলৈ উৎসাহ যোগোৱা বাবে তেওঁ অভিভাৱকসকলৰো শলাগ লয়। তেওঁ মাতৃভাষা তথা জাতিপ্রেম অক্ষুণ্ণ ৰাখিবলৈ আৰু গঠনমূলক চিন্তা-চৰ্চাৰে নিজৰ ভাষা-সংস্কৃতিক শিপাৰ সৈতে সংপৃক্ত হৈ থাকি আগবঢ়াই নিবলৈ প্রবাসী অসমীয়াসকলক আহ্বান জনায়। অসমক সকলো ক্ষেত্ৰতে উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ বিদেশত থাকিয়েই কাম কৰি যাবলৈয়ো তেওঁ প্রবাসী অসমীয়াসকলক আহ্বান জনায়।