প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ উদ্যোগত বিনামূলীয়া শিক্ষাদান শিবিৰৰ সামৰণি

গুৱাহাটী , ২৫ জুলাই: গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা সাৰথিৰ সহযোগত ২ জুলাইৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া গ্ৰীষ্মকালীন শিক্ষাদান শিবিৰৰ আজি সামৰণি পৰে। শিবিৰত চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে শতাধিক শিক্ষাৰ্থীয়ে ভাগ লয়। শিবিৰত শিক্ষাৰ্থীসকলক ইংৰাজী, গণিত, বিজ্ঞান, অসমীয়া, চিত্ৰকলা, গীত, নৃত্য আদি বিষয়ৰ লগতে ন্যুমিজমেটিক্স (Numismatics) অৰ্থাৎ মুদ্ৰা, কাগজৰ ধন, টোকেন, পদক আদি সংগ্ৰহ আৰু অধ্যয়নৰ বিষয়ে বিশেষ জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ উপৰি আত্মৰক্ষাৰ প্ৰশিক্ষণ, “ভাল স্পৰ্শ” আৰু “বেয়া স্পৰ্শ” সম্পৰ্কীয় সজাগতামূলক পাঠো শিক্ষাৰ্থীসকলক দিয়া হয়। উল্লেখ্য যে শিবিৰত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থসকলৰ লগতে গুৱাহাটীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ বিনামূলীয়াভাৱে পাঠদান কৰি সমাজসেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে গীত, নৃত্য, বাদ্য পৰিবেশন আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে নিজৰ সৃষ্টিশীল প্ৰতিভাৰ মনোমোহা প্ৰদৰ্শন দাঙি ধৰে উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অধিবক্তা তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দীপক শৰ্মা , বিশেষ অতিথি হিচাপে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত আৰু প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকি ভাষণ প্ৰদান কৰে অতিথিসকলে ভাষণ প্ৰদান কৰি শিক্ষাৰ্থীসকলক অধ্যৱসায়, নৈতিক মূল্যবোধ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। শিবিৰটো পৰিচালনা কৰে সাৰথিৰ প্ৰতিষ্ঠাপক ঋষভ কলিতা, সাৰথিৰ সদস্যবৃন্দ, প্ৰাক্তন সতীৰ্থ সন্মিলনৰ সাধাৰণ সম্পাদিকা হিমাশ্ৰী দেৱী, গুঞ্জন দাস আৰু সন্মিলনৰ আন বহু প্ৰাক্তন সতীৰ্থই। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সদ্য প্ৰয়াত মন্টু বৈশ্যৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা পালন কৰা হয় আৰু তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।