ঢাকাত উজলিল অসমীয়া চুটি ছবি ‘নিশীথ…A Midnight Journey’

0

গুৱাহাটী, ২৩ মে’: বাংলাদেশৰ ৰাজধানী ঢাকাত উজলিল অসমীয়া চুটি ছবি “নিশীথ…A Midnight Journey”। যিখন ছবিয়ে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি ডিমৰীয়া তথা অসমবাসী চিত্ৰ প্ৰেমীসকলৰ বাবে আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ঢাকাত অনুষ্ঠিত হৈ যোৱা “ঢাকা গ্লোবেল ফিল্ম এৱাৰ্ড ২০২৬” ত কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া তথা টোপাতলীৰ স্বৰ্গীয় পবেন দলৈ আৰু ৰম্ভা দলৈৰ সুযোগ্য সন্তান ডঃ ৰাজীৱ দলৈৰ পৰিকল্পনা, প্ৰযোজনা আৰু পৰিচালনাৰে পৃথিৱী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ছবি “নিশীথ…A Midnight Journey” ছবিখনে শ্ৰেষ্ঠ চুটি ছবি আৰু শ্ৰেষ্ঠ পৰিচালক হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য সাংবাদিক তুলসী মান্তাৰ, সহঃ পৰিচালক হিচাপে কাম কৰিছে অজিত কুমাৰ বৰদলৈয়ে। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে বিশ্বজিত কোঁৱৰে। পোহৰ বুবুৰ। সম্পাদনা ভাস্কৰ ৰাগৰ । সংগীত দিলৰাজ ডেকাৰ । আনহাতে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে – উষাৰানী দত্ত, তুলসী মান্তা, লগতে ডঃ ৰাজীৱ দলৈ, অজিত কুমাৰ বৰদলৈ আৰু শিশু শিল্পী ভূৱঞ্চি মান্তা আদিয়ে। ইতিমধ্যে ছবিখনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। “Kohinoor Film Festival 2025 – 26” Mumbai ত শ্ৰেষ্ঠ পৰিচালক বঁটা, “Lucknow International Film Festival 2026” ত শ্ৰেষ্ঠ অসমীয়া ছবি বঁটা, “IDEAL International Film Festival 2026” Maharashtra ত শ্ৰেষ্ঠ চুটি ছবি আৰু শ্ৰেষ্ঠ পৰিচালক বঁটা, “Jakarta Independent Cine Awards 2026” ত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ পৰিকল্পনা বঁটা, “8th Thailand International Film Festival 2026” ত Thailand Best Filmmaker Of The Year Award, “The Indian Independent Film Festival 6th Season” Tripura ত Best Filmmaker Of The Year Award, ISFFA “6th Indian International Star Film Festival Awards 2026” Kolkata ত ৩য় আসমীয়া চুটি ছবি বঁটা, “Reels International Film Festival 2026″ Maharashtra ত শ্ৰেষ্ঠ চুটি ছবি বঁটা,”12th World Cinema International Film Festival 2026” Tripura ত Visionary Filmmaker Of The Season Award, “Indo – Asia Film Competition 2026” ত শ্ৰেষ্ঠ অসমীয়া চুটি ছবি বঁটা আৰু শ্ৰেষ্ঠ পৰিকল্পনা বঁটা, “Jalgaon International Film festival 2026” ত Best Short Film Award(Indian Film) আৰু Best Male Director Award(India) আৰু “L K Short Film Festival 2026” Kochi Kerala ত প্ৰদৰ্শিত হয় লগতে অনুষ্ঠিত হ’বলগীয়া “Screen Light International Film Festival 2026” Mumbai ত ছবি খনে Nomination লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত আৰু বঁটা লাভ কৰি ডিমৰীয়া তথা টোপাতলীলৈ সম্মান কঢ়িয়াই অনাৰ বাবে উৎফুল্লিত সকলো ৰাইজ লগতে বিভিন্ন দল সংগঠন।

Leave A Reply

Your email address will not be published.