উত্তৰ-পূৰ্বাঞ্চলত মেৰুদণ্ড চিকিৎসা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এপ’ল’ হাস্পতাল, গুৱাহাটী আৰম্ভ কৰিলে সম্পূর্ণ এণ্ড স্কপিক স্পাইন চাৰ্জাৰী প্ৰগ্ৰাম

0


গুৱাহাটী, অসম-২৩ মে’: এপ’ল’ হাস্পতাল, গুৱাহাটী-এ উন্নত মেৰুদণ্ড চিকিৎসাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি নিজৰ Minimally Invasive Spine Surgery Programme-ৰ অধীনত Full Endoscopic Spine Surgery আৰম্ভ কৰিছে। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলত এপ’ল’-ৰ উন্নত মেৰুদণ্ড চিকিৎসা সেৱাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্রগতি দাঙি ধৰিছে আৰু বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত হাস্পতালখনৰ দায়বদ্ধতাক পুনৰ দৃঢ়ভাৱে প্রতিফলিত কৰিছে।
এই সংবাদমেলত এপ’ল’ হাস্পতাল, গুৱাহাটীৰ জ্যেষ্ঠ নিউৰো আৰু স্পাইন চাৰ্জনসকলৰ লগতে হাস্পতালখনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। তেওঁলোকে অঞ্চলজুৰি বৃদ্ধি পাই অহা পিঠিৰ বিষ আৰু স্পাইনজনিত সমস্যাসমূহ বিষয়ে গুৰুত্বপূৰ্ণ মতামত ব্যক্ত কৰে। বিশেষজ্ঞসকলে ৰোগীসকলৰ বাবে দ্রুত আৰোগ্য লাভ, কম বিষ, কম ৰক্তক্ষয় আৰু স্বাভাৱিক জীৱনলৈ শীঘ্রে উভতি অহাত সহায়ক উন্নত চিকিৎসা পদ্ধতিৰ বৃদ্ধি পোৱা প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।
Monoportal Full Endoscopic Spine Surgery-ৰ সূচনাৰ জৰিয়তে এপল’ হাস্পতাল, গুৱাহাটী-এ দীর্ঘদিনীয়া পিঠিৰ বিষ, স্লিপ ডিস্ক, ছায়াটিকা, স্পাইনেল ষ্টেন’ছিছ আৰু স্নায়ুৰ ওপৰত চাপজনিত সমস্যাসহ বিভিন্ন ধৰণৰ মেৰুদণ্ডজনিত ৰোগৰ বাবে সম্পূর্ণ আৰু বিশেষায়িত চিকিৎসা আগবঢ়োৱাৰ লক্ষ্য লৈছে। এই প্রগ্রামত কম আঘাতজনক অস্ত্রোপচাৰ পদ্ধতি, দ্রুত পুনৰ সুস্থতা লাভ আৰু ৰোগীৰ দীৰ্ঘম্যাদী উন্নত স্বাস্থ্য ফলাফলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
এপ’ল’ হাস্পতাল, গুৱাহাটীত পূর্বে Endoscopic Spine Surgery কৰোৱা এগৰাকী ৰোগীয়েও এই সংবাদমেলত উপস্থিত থাকি অস্ত্রোপচাৰৰ পিছত দ্রুত সুস্থতা লাভ আৰু চিকিৎসাৰ ফলাফলক লৈ নিজৰ সন্তুষ্টিৰ অভিজ্ঞতা ব্যক্ত কৰে।
এই অনুষ্ঠানত এপ’ল’ হাস্পতাল, গুৱাহাটীৰ জ্যেষ্ঠ নিউৰো আৰু স্পাইন চার্জন Dr. Shameem Ahmed-এ কয় যে, “বর্তমান সময়ত তলৰ পিঠিৰ বিষ এক অত্যন্ত সাধাৰণ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে, যাৰ মূল কাৰণ হৈছে অনিয়মিত জীৱনশৈলী, ভুল শৰীৰৰ অৱস্থান আৰু কিছুমান ক্ষেত্ৰত মেৰুদণ্ডৰ আঘাত। তেওঁ লগতে উল্লেখ কৰে যে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নত স্পাইন চিকিৎসা সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বহু ৰোগীয়ে এতিয়াও বিশেষায়িত চিকিৎসাৰ বাবে অঞ্চলৰ বাহিৰলৈ যাবলগীয়া হয়। এই পদক্ষেপৰ জৰিয়তে এপ’ল’ হাস্পতাল, গুৱাহাটী-এ উন্নত স্পাইন চাৰ্জাৰী অধিক সহজলভ্য, সুলভ আৰু ঘৰ ওচৰতে উপলব্ধ কৰি তুলিবলৈ লক্ষ্য লৈছে, যাৰ ফলত ৰোগীসকলে কম সময় হাস্পতালত থাকিব লাগিব আৰু কম খৰচতে উন্নত চিকিৎসা লাভ কৰিব পাৰিব।”

Leave A Reply

Your email address will not be published.