অগপ নে বিজেপি ? কাৰ ভাগ্যত পৰিব মধ্য গুৱাহাটী ; বিজেপি দলৰ একাধিক প্ৰাৰ্থীয়ে অব্যাহত ৰাখিছে ৰাজনৈতিক তৎপৰতা

0

গুৱাহাটী ,১০ জানুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত ৰাজ্যৰ আন সমষ্টিৰ দৰে কামৰূপ মহানগৰ জিলাৰ নবগঠিত মধ্য গুৱাহাটী তথা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বিচৰা প্ৰাৰ্থীসকলে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে l লক্ষ্যনীয় বিষয়টো এয়ে যে সমষ্টি পুনৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে অসমত নতুনকৈ গঠন কৰা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হব। ইয়াৰ পূৰ্বে নতুন সমষ্টি ভিত্তিত ২০২৪ চনৰ লোকসভা আৰু ২০২৫ বৰ্ষত নতুন তিনি খলপীয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। দুয়োটা নিৰ্বাচনতে বিজেপি নেতৃত্বাধীন শাসকীয় এন ডি এ মৰ্চাই অভূতপূৰ্ব সফলতা লাভ কৰে। তাৰ ভিতৰত ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১১ টাত এন ডি এ মৰ্চাই লাভ কৰে। একেদৰে গাওঁ পঞ্চায়তৰ নিৰ্বাচনৰ ভিতৰত জিলা পৰিষদ , আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তত এন ডি এ মৰ্চাই প্ৰায় ৮০ শতাংশতকৈ অধিক আসন লাভ কৰে। স্বাভাৱিকতে নতুনকৈ গঠন হোৱা সমষ্টিত এই দুটা ধাৰাবাহিক সফলতাৰ পাছত আগন্তুক বিধানসভা নিৰ্বাচনলৈ অধিক উৎসাহী হৈ আছে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এন ডি এ । ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া , অগপৰ সভাপতি অতুল বৰা, কাৰ্যবাহী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি এন ডি এ মৰ্চাৰ নেতাসকলে আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এই কমেও এশখন আসন লাভ কৰিব বুলি দাবী কৰি আহিছে। বিশেষকৈ দুটা মাহ পূৰ্বে অনুষ্ঠিত বিহাৰ বিধানসভাৰ নিৰ্বাচনত এন ডি মৰ্চাই অভূতপূৰ্ব সফলতা লাভ কৰাৰ পাছত অসমত স্বাভাবিকতে অতি উৎসাহী হৈ আছে এন ডি মৰ্চা। যাৰ বাবে বিধায়ক হোৱাৰ আশাত একেটা সমষ্টিত বিজেপি দলৰ কেবাজনো প্ৰাৰ্থীৰ আবিৰ্ভাৱ হোৱাও দেখা গৈছে। অৱশ্যে এই পৰ্যন্ত কামৰূপ মহানগৰ জিলাৰ নতুনকৈ গঠিত পাঁচোটা সমষ্টিৰ ভিতৰত শাসকীয় এন ডি এই কোনটো কাৰ বাবে এৰিব তাক নিশ্চিত কৰিব পৰা নাই। উল্লেখ্য যে পূৰ্বতে ২০১৬ চনত অগপ – বিজেপিৰ মাজত বুজাবুজিৰ অলিখিত চৰ্ত অনুসৰি চাৰিটা সমষ্টিৰ ভিতৰত এটা অৰ্থাৎ পশ্চিম গুৱাহাটী সমষ্টিটো অগপ দলক এৰি দিয়া হৈছিল। তেতিয়াৰে পৰা পুনৰ বিপুল ভোটৰ ব্যৱধানত বিজয়ী হৈ একেৰাহে দুবাৰ জিকি অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এন ডি এক প্ৰতিনিধিত্ব কৰি আহিছে। আনহাতে অসম বিধানসভাত অগপ দলৰ হৈ একেৰাহে আঠবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিৰল কৃতিত্বৰ অধিকাৰী হোৱা ফণী ভূষণ চৌধুৰী ২০২৪ চনত প্ৰথমবাৰৰ বাবে অগপ দলৰ টিকটত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ছয়বাৰ বিধায়ক হোৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হৈছে দলৰ লগতে বৰ্তমান অসম বিধানসভাতো জ্যেষ্ঠ বিধায়ক হিচাপে স্বীকৃত হৈছে। জানিব পৰা মতে পূৰ্বতে বুজাবুজিৰ অলিখিত চৰ্ত অনুসৰি চাৰিটা সমষ্টিৰ ভিতৰত এটা লাভ কৰাৰ বিপৰীতে এতিয়া পাঁচোটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি লাভৰ দাবী কৰিছে অগপই। তাৰ ভিতৰত চেণ্ট্ৰেল গুৱাহাটী বা মধ্য গুৱাহাটী আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ডিমৰীয়া সমষ্টি । তাৰ ভিতৰত চেণ্ট্ৰেল গুৱাহাটীত অগপ দলৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অধিক তৎপৰতাৰে ৰাজনৈতিক সভা সমিতি অনুষ্ঠিত কৰি অহাৰ লগতে বিগত প্ৰায় দুটা মাহত কমেও আধা ডজন যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে। য’ত কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰায় দুই হাজাৰৰো অধিকে আঞ্চলিকতাবাদত বিশ্বাস ৰাখি অগপ দলত যোগদান কৰিছে। উল্লেখ্য যে গুৱাহাটী পৌৰ নিগম এলেকাৰ ১৫ টা ৱাৰ্ডক লৈ গঠন কৰা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ১০ টাকৈ ৱাৰ্ড অন্তৰ্ভুক্ত হৈছে। বাকী ৱাৰ্ড কেইটা পূৰ্বৰ পূব গুৱাহাটী সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। বৰ্তমান ৩৬ নম্বৰ চেণ্ট্ৰেল গুৱাহাটী বা মধ্য গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হল ১,৯৮০৯১জন। ইয়াৰে মহিলা ভোটাৰৰ সংখ্যা হল ১,০০২০১ জনী আৰু পুৰুষ ভোটাৰৰ সংখ্যা হল ৯৭,৮৮৫ জন। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হল ৫ জন। আনহাতে ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ২১৮ টা । আনহাতে মিশ্ৰিত ভোটাৰৰ সমষ্টি হিচাপে পৰিচিত মিনি ইণ্ডিয়া স্বৰূপ চেণ্ট্ৰেল গুৱাহাটীত অসমীয়া আৰু অনা অসমীয়া ভোটাৰৰ সংখ্যা প্ৰায় সমান সমান। অৱশ্যে অগপ দলৰ হৈ একমাত্ৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখাৰ বিপৰীতে বিজেপি দলৰ হৈ একাধিক প্ৰাৰ্থীয়ে চেণ্ট্ৰেল গুৱাহাটীত ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আনহাতে অগপ দলৰ ফালৰ পৰা বৰ্তমানৰ কোনো বিধায়ক যাতে মিত্ৰতাৰ নামত বাদ নপৰে তাৰ বাবে মুখ্যমন্ত্ৰী , প্ৰদেশ বিজেপিৰ সভাপতিক আৰ্জি জনোৱা বুলি দাবী কৰাৰ লগতে পূৰ্বতে যিকেইটা সমষ্টিত অগপৰ প্ৰাৰ্থী বিজয়ী হৈছিল তেনে সমষ্টি সমূহো অগপ দলক এৰি দিব লাগে বুলি দাবী জনোৱা হৈছে। জানিব পৰা মতে আগন্তুক মাঘ বিহুৰ আগত সম্ভৱ নহলে বিহুৰ পাছতেই এন ডি এই আসন ভাগ – বাটোৱাৰা চূড়ান্ত কৰাৰ কথা। ৰাজনৈতিক পৰ্যবেক্ষক সকলৰ মতে চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটো কাৰ ভাগত পৰিব তেতিয়ালৈ অপেক্ষা কৰাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই।

Leave A Reply

Your email address will not be published.