শঙ্কৰদেৱ কলাক্ষেত্ৰত ৱৰ্ল্ড হেৰিতেজ ফেষ্টিভেল – ২০২৫ প্ৰদৰ্শন

0

গুৱাহাটী ,৩১ ডিচেম্বৰ : নৃত্যলোক অফিচিয়েল ট্ৰাষ্টৰ উদ্যোগত ২৮ ডিচেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৱৰ্ল্ড হেৰিতেজ ফেষ্টিভেল – ২০২৫ প্ৰদৰ্শন কৰা হয় ।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী লোকেন দাস, দেৱ কুমাৰ মিশ্ৰ, অৰূপ মিশ্ৰ, সুকুমাৰ বৰঠাকুৰ, গোপাল জালান, সৌমেন ভাৰতীয় ,জানেশ সকুজা, বিনা কুমাৰ, বিদ্যুৎ মিশ্ৰ,অশোক গেল,হৰি সিং আৰু গুৰু বিপুল দাস।প্ৰতিগৰাকী আমন্ত্ৰিত অতিথিক একোখনকৈ ফুলাম গামোচা, মুগাৰ চেলেং , ফুলৰ থোপা আৰু মানপত্ৰৰে সাদৰ সম্ভাষণ জনোৱা হয়। অনুষ্ঠানটোত সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বাবে ৰবি শংকৰ ৰবি, সুব্ৰত চক্ৰৱৰ্তী, গীতাঞ্জলি দত্ত, গুৰু বিদ্যুৎ মিশ্ৰ, হৰি সিংহ,গুৰু গোবিন্দ গঙ্গানি, সুদৰ্শন ঠাকুৰ,অশোক গেল, ৰইজী কলিতা আৰু ময়ুৰী ডেকাক সম্বৰ্ধনা জনোৱা হয় ।অনুষ্ঠানত কেইবাটাও নৃত্য দলে কথক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল মুম্বাইৰ প্ৰখ্যাত কথক শিল্পী দেৱেশ মিৰ্চান্দানী ।শিমন্তিনী চক্রবর্তীয়েও সুন্দৰ নৃত্য প্ৰদৰ্শন কৰে। উল্লেখ্য যে অনুষ্ঠানটোৰ উদ্দেশ্যে হৈছে শাস্ত্ৰীয় আৰু লোক পৰিবেশনৰ জৰিয়তে বিশ্ব ঐতিহ্যক প্ৰদৰ্শন আৰু সংৰক্ষণ কৰা। অনুষ্ঠানটোত আমাৰ সমৃদ্ধ পৰম্পৰা আৰু উৎকৃষ্ট কলাত্মক ঐতিহ্য প্ৰতিফলিত কৰা ৰঙীন সাংস্কৃতিক পৰিবেশন উপস্থাপন কৰা হৈছে। এই কথা জানিবলৈ দিছে ট্ৰাষ্টৰ সভাপতি চম্পা চক্ৰৱৰ্তীয়ে।

Leave A Reply

Your email address will not be published.