আই এছ বি টি গুৱাহাটীত বিনামূলীয়াকৈ বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ আয়োজন পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ

0

গুৱাহাটী, ১৩ আগষ্ট : মহানগৰীত নতুনকৈ মুকলি হোৱা ছুপাৰ স্পেচিয়েলিটি হাস্পতাল পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আজি গুৱাহাটীৰ আই এছ বি টিত বিনামূলীয়া বহুবিশিষ্ট স্বাস্থ্য শিবিৰৰ সফলতাৰে আয়োজন কৰে। সমাজক সুলভ স্বাস্থ্যসেৱা সেৱা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপটো সমূহ ৰাইজৰ বাবে মুকলি আছিল। বাছ পৰিচালক, এ এছ টি চিৰ কৰ্মচাৰী, আৰক্ষী বিষয়া, যান-বাহন আৰক্ষী, তথা নিয়মীয়া যাত্ৰীসকলে এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা যায়।

পশ্চিম গুৱাহাটীৰ ডিচিপি পদ্মনাভ বৰুৱাৰ উপস্থিতিত এই শিবিৰ উদ্বোধন কৰা হয়। তেওঁ সমাজৰ সকলো শ্ৰেণীৰ বাবে মানসম্পন্ন স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ বাবে চিকিৎসালয়খনে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ চিকিৎসা অধীক্ষক ডাঃ প্ৰণৱ বৰুৱাৰ নেতৃত্বত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে নেফ্ৰ’লজী, স্নায়ু, স্ত্ৰীৰোগ, সাধাৰণ চিকিৎসাকে ধৰি একাধিক বিভাগত বিনামূলীয়া পৰামৰ্শ আগবঢ়ায়। এই শিবিৰত অংশগ্ৰহণ কৰা বিশেষজ্ঞ চিকিৎসকৰ দলটোত আছিল ডাঃ ডিম্বেশ্বৰ দাস, জ্যেষ্ঠ পৰামৰ্শদাতা – আভ্যন্তৰীণ চিকিৎসা আৰু ডায়েবেট’লজী; ডা° মালবিকা ভাগৱতী, জ্যেষ্ঠ পৰামৰ্শদাতা – প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান; ডা° কুৰ্মি ৰাজেশ কুমাৰ, পৰামৰ্শদাতা – স্নায়ু বিজ্ঞান; আৰু ডাঃ ঋষিকা বি, পৰামৰ্শদাতা – আভ্যন্তৰীণ চিকিৎসা।

দিনটোত ৩০০ৰো অধিক লোকে এই সেৱাসমূহৰ সুবিধা গ্ৰহণ কৰি ঠাইতে স্বাস্থ্য পৰীক্ষা, মৌলিক নিদানমূলক পৰীক্ষা আৰু বিশেষজ্ঞ চিকিৎসামূলক পৰামৰ্শ লাভ কৰে। ২০২৫ চনৰ ২৮ জুলাই তাৰিখেও ৰাণীৰ আই চি এ আৰত পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে আয়োজন কৰা একেধৰণৰ শিবিৰত চিকিৎসালয়খনৰ সামূহিক প্ৰসাৰ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰা হৈছিল।

এই উপলক্ষে ভাষণ দি ডাঃ প্ৰণৱ বৰুৱাই কয়, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ ব্যৱধান দূৰ কৰাৰ বাবে পিয়াৰলেছ হস্পিতাল গুৱাহাটী প্ৰতিশ্ৰুতিবদ্ধ। এনে শিবিৰে আমাক পোনপটীয়াকৈ সমাজৰ কাষলৈ যোৱাত সহায় কৰে, আগতীয়া ৰোগ নিৰ্ণয়ৰ বিষয়ে সজাগতা বৃদ্ধি কৰে আৰু খৰচ বা দূৰত্বৰ বাধা নোহোৱাকৈ মানুহে বিশেষজ্ঞৰ যত্নৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰে।”

স্বাস্থ্য পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰি পশ্চিম গুৱাহাটীৰ ডিচিপি পদ্মনাভ বৰুৱাই কয়, “পিয়াৰলেছ হস্পিতালৰ দৰে প্ৰতিষ্ঠানে আমাৰ জনসাধাৰণৰ হিতৰ উদ্দেশ্যে স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পাই আনন্দিত হৈছো।এনেধৰণৰ পদক্ষেপে কেৱল তাৎক্ষণিক চিকিৎসা সাহায্য প্ৰদান কৰাই নহয়, বৰঞ্চ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ অভ্যাসতো প্ৰেৰণা যোগায়, যিটো আগতীয়াকৈ ৰোগ ধৰা পেলোৱা আৰু ইয়াৰ চিকিৎসাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে শিবিৰৰ বাবে আই এছ বি টি এক আদৰ্শ স্থান, কিয়নো প্ৰতিদিনে হাজাৰ হাজাৰ লোক ইয়ালৈ আহে, যাৰ বহুতৰে হয়তো ৰোগ নিৰ্ণয় নোহোৱা স্বাস্থ্যজনিত সমস্যা আছে যিবোৰ এই বিনামূলীয়া শিবিৰটোৱে চিনাক্ত কৰাত সহায় কৰিব পাৰে।”

পিয়াৰলেছ হস্পিতাল কলকাতাৰ তিনি দশকৰো অধিক চিকিৎসা অভিজ্ঞতাৰে আই এছ বি টিৰ সমীপৰ আহোমগাঁওত অৱস্থিত নতুনকৈ মুকলি কৰা হৈছে ২৫০খন বিছনাযুক্ত পিয়াৰলেছ হস্পিতাল গুৱাহাটী। অত্যাধুনিক আন্তঃগাঁথনি, উন্নত নিদান আৰু শীৰ্ষ স্তৰৰ চিকিৎসামূলক ব্যৱস্থাৰে সজ্জিত এই হস্পিতালে ন্যূনতম দূৰত্বতে উন্নত, সুলভ আৰু নৈতিক যত্ন প্ৰদান কৰি অঞ্চলটোৰ স্বাস্থ্যসেৱা ব্যৱস্থাক পুনৰ সংজ্ঞায়িত কৰাৰ লক্ষ্য ৰাখিছে।

Leave A Reply

Your email address will not be published.