সূতাৰ ভড়াল সমূহ সক্ৰিয় কৰাৰ সিদ্ধান্ত

0

অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সভাগৃহত ৩ ছেপ্তেম্বৰ ,২০২১ তাৰিখে অনুষ্ঠিত এখন সভাত বিভাগীয় মন্ত্ৰী শ্ৰী ইউ. জি. ব্ৰহ্মই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ৩৩ টা সূতাৰ ভড়াল পুনৰ সক্ৰিয় কৰি গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে l সভাত মন্ত্ৰী গৰাকীয়ে বিভিন্ন জিলা মহকুমাত থকা সূতাৰ ভড়াল সমূহৰ তত্ত্বাবধায়ক সকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকে সন্মূখীন হৈ থকা সমস্যা সমূহৰ বুজ লয় l অনুষ্ঠানত বিভাগীয় আয়্ক্ত-সচিব মনালিচা গোস্বামী, সঞ্চালক পৰাগ মণি মহন্ত আৰু ৰেচম বিভাগৰ সঞ্চালিকা শ্ৰীমতী কাজৰি ৰাজখোৱাও উপস্থিত থাকে l
সভাত মন্ত্ৰী গৰাকীয়ে ক’ভিড মহামাৰীত ক্ষতিগ্ৰস্ত হোৱা শিপিনী সকলক সকাহ দিবলৈ অহা ৩১ মাৰ্চ, ২০২২ লৈ সূতাৰ ভড়াল যোগে পূৰ্বৰ ৩০ শতাংশৰ পৰিবৰ্তে ৫০ শতাংশ ৰেহাই মূল্যত সূতা সমূহ বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা অৱগত কৰে l সূতাৰ ভড়াল সমূহৰ যোগেদি শিপিনী সকলে বিচৰা সূতাহে যাতে উপলব্ধ হয় তাক নিশ্চিত কৰিবলৈ আহ্বান জনায় l
চৰকাৰে শিপিনী সকলৰ কল্যাণৰ বাবে লোৱা বিভিন্ন আচঁনিৰ সুফল যাতে সকলোৱে গ্ৰহণ কৰিব পাৰে তাৰ বাবে উপস্থিত জিলা আৰু মহকুমাৰ বিষয়া সকলক নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় l

Leave A Reply

Your email address will not be published.