ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ

0

মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত গড়লত থকা এ.টি.এম.আৰ.এফ টিকাকৰণ কেন্দ্ৰত ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। অনিয়মৰ বাবেই কেন্দ্ৰটোৰ সন্মুখত পুৱতি নিশাৰ পৰা শাৰীপাতি থকা অধিকাংশ লোকে ভেকচিন নোপোৱাকৈ উভতি যাব লগা হৈছে । জানিবপৰামতে কেন্ৰটোত ৪৫ বছৰৰ উৰ্ধৰ আৰু ১৮ বছৰৰ উৰ্ধৰ ডেৰশলোকক দৈনিক ভেকচিন দিয়া হয় । ভেকচিন লবলৈ পুৱাই আহি কেন্দ্ৰটোৰ সন্মুখত শাৰী পাতে ।শাৰীপতা লোকসকলক কেন্ৰটোৰ কৰ্মচাৰীয়ে একোটাকৈ কুপন প্ৰদান কৰে আৰু কুপনপোৱা সকলোক কেন্দ্ৰটোত ভেকচিন প্ৰদান কৰা হয় । প্ৰাপ্ত অভিযোগ অনুসৰি কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে পুৱতি নিশাৰ পৰা শাৰী পাতি থকা লোকসকলোক কুপন দিয়াৰ সলনি আগতীয়াকৈ নিজৰ মানুহক কুপন প্ৰদান কৰে । আজিও প্ৰায় তিনিশলোকে ভেকচিনৰ বাবে কেন্দ্ৰটোৰ সন্মুখত শাৰীপাতে যদিও এশজন লোকেহে কুপন লাভ কৰে ।বাকী ৫০ টা কুপন নিশাৰ ভাগতে কৰ্মকৰ্তা সকলে অন্য লোকক প্ৰদান কৰে এই বিষয়ে জনাজনি হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু পুৱতি নিশাৰ পৰাই শাৰী থকা লোকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । এই বিষয়ে একাংশ লোকে স্থানীয় বিধায়কক অভিযোগ দিয়াত দুপৰীয়াৰ ভাগত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা কেন্ৰটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । বিধায়ক কলিতাই কৰ্মকৰ্তা সকলক শাৰী পতা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত কুপন দি ভেকচিন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে স্থানীয় লোকসকলে ভেকচিন কেন্দ্ৰটো অন্য ঠাইলৈ স্থানান্তৰ কৰিবলৈ বিধায়ক কলিতাক দাবী জনায় ।

Leave A Reply

Your email address will not be published.