অসম জাতীয় পৰিষদত যোগ দিব যুৱ উদ্যোগী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ডিজাইনাৰ উৎপল বনিয়াই

0

অহা ১৬ জানুৱাৰীত অজাপৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু ৮২নং ৰহা বিধানসভা সমষ্টি সমিতিৰ সহযোগত নগাঁও জিলাৰ কচুৱা তিনিআলিৰ জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া এখন বিশাল গণ সমাৱেশত অসম জাতীয় পৰিষদ দলত যোগদান কৰিব নগাঁৱৰ বিশিষ্ট যুৱ উদ্যোগী তথা কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপক ডিজাইনাৰ উৎপল বনিয়াই । উক্ত গণ সমাৱেশত অংশগ্ৰহণ কৰিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি দলটোৰ কেইবাগৰাকীও নেতাই । ৰহাৰ নতুন চাৰিআলিৰ পৰা বিশাল মটৰ চাইকেল সমদলেৰে কাকতি গাঁও হৈ গণ সমাৱেশ থলীলৈ অজাপৰ কেন্দ্ৰীয় নেতৃত্বত আদৰি নিয়া হ’ব । উৎপল বনিয়াই অসম মাতৃক সেৱা কৰাৰ উদ্দেশ্যেই তেওঁ নতুন দলটোত যোগদান কৰিব বুলি উল্লেখ কৰে । নিজকে ‘কা’ৰ বিৰোধী বুলি উল্লেখ কৰি তেওঁ কয় যে— এই নতুন দলটোৰ জৰিয়তে ‘কাবিৰোধী সংগ্ৰাম শক্তিশালী কৰাৰ লগতে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে কাম কৰি যাম । উল্লেখ্য যে উৎপল বনিয়া নগাঁৱৰ এগৰাকী প্ৰতিষ্ঠিত যুৱ উদ্যোগী হোৱাৰ লগতে বিভিন্ন সমাজহিতকৰ কাৰ্য, সাহিত্য চর্চাটো দীর্ঘদিন ধৰি জড়িত হৈ আহিছে ।

Leave A Reply

Your email address will not be published.