অভিনন্দন গ্ৰন্থ ‘প্ৰজ্ঞাৰ অনন্যা সাধিকা ডঃ নীলিমা ভাগৱতী’ উন্মোচন
এন বি স্কলাছ এছ’চিয়েচনৰ উদ্যোগত আজি গুৱাহাটীৰ উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিক্ষাবিদ ডঃ নীলিমা ভাগৱতীৰ জন্ম দিনৰ লগত সংগতি ৰাখি এখন অভিনন্দন গ্ৰন্থ ‘প্ৰজ্ঞাৰ অনন্যা সাধিকা ডঃ নীলিমা ভাগৱতী’ উন্মোচন কৰা হয়। বিয়লি ৩ বজাত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত আদৰণী ভাষণ দিয়ে বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা ডঃ জ্যোতিৰাণী বৰাই । বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানটোত বাণীকান্ত কাকতি চৰকাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ ছায়ামণি দত্তই সৰস্বতী বন্দনা পৰিবেশন কৰে । এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হৰিপ্ৰসাদ শর্মাই ডঃ নীলিমা ভাগৱতীক শিক্ষার্থী বিষয় বস্তু সাৱলীলভাৱে বুজাই দিব পৰা এগৰাকী বহু গুণসম্পন্ন অধ্যাপিকা বুলি আখ্যা দিয়ে । ডঃ ভাগৱতীক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে আজিও গৌৰৱ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এইগৰাকী শিক্ষাবিদে নিয়মানুৱৰ্তীতা বজাই ৰাখি শিক্ষার্থীক সুন্দৰভাৱে পাঠদান কৰাৰ উপৰি অন্যান্য বিদ্যায়তনিক ক্ষেত্ৰতো প্ৰতিনিয়ত ব্যস্ত আছিল । নেতিবাচক চিন্তাৰ সলনি সদায় ইতিবাচক চিন্তাৰে কামকাজ কৰা অধ্যাপিকাগৰাকীৰ দীর্ঘায়ু কামনা কৰে অধ্যাপক হৰিপ্ৰসাদ শর্মাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ডঃ গোবিন্দ প্ৰসাদ শর্মাই শিক্ষাৰ বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে । ডঃ উৎপল কলিতা সম্পাদিত অভিনন্দন গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অধ্যাপিকা গায়ত্ৰী গোস্বামী, ডঃ সুচিত্ৰা কাকতি, ডঃ মৃদুলা শর্মা, ডঃ ৰুবী কটকী, অঞ্জনা ভাগৱতী, চন্দ্ৰ লুইটেল, ডঃ গৌতম শর্মা, ডঃ নিৰুপমা শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ডঃ নীলিমা দেৱী ভাগৱতীৰ কৰ্মৰাজিৰ ওপৰত ভাষণ প্ৰদান কৰে । অনুষ্ঠানত ডঃ নীলিমা ভাগৱতীয়েও নিজৰ অনুভৱ ব্যক্ত কৰে । অনুষ্ঠানটোত নীলিমা ভাগৱতীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত প্ৰস্তুত কৰা এখন তথ্যচিত্ৰও প্ৰদর্শন কৰা হয়।