হেলথ্‌ চিটী হাস্পতালৰ তৰফৰ পৰা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

0

অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ উন্মোচনী অনুষ্ঠানত হেলথ্‌ চিটী হাস্পতাল পৰিয়ালৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সন্মানীয় অতিথি ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰায়, বিশিষ্ট অতিথি য়েছে দৰজে ঠংছি, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাক একোখনিকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হয় । হেলথ্‌ চিটী হাস্পতালৰ হৈ সম্বৰ্ধনা জনায় চিকিৎসা অধীক্ষক ডাঃ হেমজিত তালুকদাৰ আৰু ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই । উল্লেখ্য যে, হেলথ্‌ চিটী হাস্পতালে এইবেলিৰ গ্ৰন্থ মেলাত স্বাস্থ্য সেৱা সহযোগী হিচাপে অংশগ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.